কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভূমিতিbhu.mi.tiAbstract Noun
পৃথিৱীৰ আকাৰ আৰু আকৃতি নিৰূপণ
measurement of the earth`s size and shape
- ভূমিদৃশ্যbhu.mi.dri.syoAbstract Noun
কোনো স্থান বা বস্তুৰ এবাৰতে চাব পৰা অংশ৷
An expanse of scenery of a place that can be seen in a single view
- ভূমিনীতিAbstract Noun
The laws that deal with the rights to use, alienate, or exclude others from the land.
- ভূমিপbhu.mipCommon Noun
এখন সাৰ্বভৌম ৰাজ্যৰ পুৰুষ শাসনকৰ্ত্তা
a male sovereign ruler of a kingdom
- ভূমিপুত্ৰbhu.mi.pu.troCommon Noun
People of a particular place who or whose ancestors are the original inhabitants of that place
- ভূমিভাৰbhūmibhāraNoun
অত্যাচাৰী ৰজাৰপৰা প্ৰজাৰ ওপৰত হোবা অসহনীয় অত্যাচাৰ; যেনে-'দুৰ্জ্জনক দণ্ডিয়া খণ্ডিলা ভূমিভাৰ" (দশম)
the oppression of people by a tyrannical ruler
- ভূমিলুটিবাbhūmiluṭibāNoun
মাধবদেবে লিখা এখন প্ৰাচীন নাট
the name of a playlet written by Mādhavadeva
- ভূমিষ্ঠbhūmiṣṭhaNoun
মাটিত পৰা
falling on the ground
- ভূমিস্খলনbhu.mis.kho.lonAbstract Noun
পৰ্ব্বত, পাহাৰ আদিৰ পৰা মাটি খহা কাৰ্য্য
Sliding down of a mass of land from a mountain, cliff, etc.
- ভূমিস্হাৰbhūmishāraNoun
এবিধ বন-দৰব [এবেগেতমান দীঘল, আগলৈ বহল আৰু ঘূৰণীয়া, খহটা পাত মাটিৰেপৰা মেলে; তাৰেপৰা এডাল ঠাৰি মেলি আগত ফুল ধৰে; মূলটো জুইত তপতাই বিষে ধৰা ঠাইত সেকে আৰু জৰীয়া ল'ৰাৰ ডিঙিত পিন্ধায়।]
a kind of medicinal herb
- ভূমীন্দ্ৰbhu.min.droCommon Noun
এখন সাৰ্বভৌম ৰাজ্যৰ পুৰুষ শাসনকৰ্ত্তা
a male sovereign ruler of a kingdom
- ভূমুকbhūmukaNoun
মাটিৰ তলৰপৰা পানী ওলোবা গাঁত বা বিন্ধা; পানী-চকু; উহ
a spring
- ভূমুকিNoun
আঁৰৰ বা দূৰৰপৰা খন্তেকমান চোবা বা দেখা দিয়া কাৰ্য্য।
- ভূমুকি-বন্তিbhu.mu.ki-bon.tiMaterial Noun
বহু দূৰৰপৰা বা দূৰলৈকে কোনো বস্ত্ত বিচাৰি চাব পৰা এবিধ বন্তি বা প্ৰদীপ
a device for throwing a beam of light to a long distance
- ভূমুকিবন্তিNoun
বহু দূৰৰপৰা বা দূৰলৈকে কোনো বস্ত্ত বিচাৰি চাৰ পৰা এবিধ বন্তি বা প্ৰদীপ
a search-light
- ভূলতাbhu.lo.taCommon Noun
কেঁচুবোৰ বলয়ী (এনিলিডা) বৰ্গৰ বৃহৎ প্ৰজাতি অলিগ’কেটাৰ সাধাৰণ নাম । কেঁচুবোৰে মাটিত গাত সান্দি অক্সিজেন জোগান ধৰাৰ উপৰিও ইহঁতৰ মল (কেঁচুমটা) এবিধ উত্তম সাৰ ।সমগ্ৰ পৃথিৱীত প্ৰায় ৩,০০০ বিধ কেঁচু আছে । এই মেৰুদণ্ডহীন প্ৰাণীবোৰ মুগা অথবা ৰঙা হয় আৰু শৰীৰটো কোমল । কেঁচুবোৰ কেই ইঞ্চিমানৰ পৰা ২২ ফুটতকৈও অধিক দীঘল হোৱা দেখা যায় । আটাইতকৈ দীঘল কেঁচুবিধ দক্ষিণ আফ্ৰিকা আৰু অস্ট্ৰেলিয়াত পোৱা যায় ।মাটি আৰু মাটিত থকা জৈৱ পদাৰ্থ কেঁচুবোৰৰ সাধাৰণ খাদ্য । মুখত ওঠ সদৃশ (প্ৰস্টমিয়ান) মাংসপেশী থাকে আৰু ইয়াৰ সহায়ত পোহৰ আৰু স্পন্দন অনুভৱ কৰে । দেহত থকা প্ৰায়বোৰ বলয়তে সূক্ষ্ম সূক্ষ্ম নোম থাকে ।কেঁচুবোৰ উওভয়লিঙ্গী হলেও ইহতৰ প্ৰজননৰবাবে দুদাল কেঁচুৰ প্ৰয়োজন হয় । কেঁচুৰ জননাংগটো দেহটোৰ শকত অংশ খিনিত থাকে । আজিকালি কেঁচুসাৰ এবিধ জনপ্ৰিয় জৈৱিক সাৰ হিচাপে পৰিগনিত হৈছে ।
Earthworm is the usual name for the largest members of Oligochaeta in the phylum Annelida. Earthworms (also called nightcrawlers) are very important animals that aerate the soil with their burrowing action and enrich the soil with their waste products (called wormcast). There are over 3,000 species of earthworms around the world. These invertebrates (animals without a backbone) range in color from brown to to red, and most have a soft body. Earthworms range in size from a few inches long to over 22 feet long. The largest earthworms live in South Africa and Australia. Earthworms eat soil and the organic material in it - like insect parts and bacteria. The mouth is covered by a flap (called the prostomium) which helps the earthworm sense light and vibrations. Tiny bristles (called setae) are on most segments of the earthworm's body. Although each earthworm is hermaphroditic (having both male and female reproductive systems), it takes two worms to mate and reproduce. The reproductive organs are in the clitellum (the enlarged segments in the middle of an earthworm). The clitellum later forms a cocoon which protects the developing eggs.
- ভূলিঙ্গbhūliṅgaNoun
এবিধ পৰ্ব্বতীয়া চৰাই
a mountain bird
- ভূলোকbhūlokaNoun
পৱথিবী; জগত
the earth; the world
- ভূষণNoun
অলঙ্কাৰ; সাজ
ornament; dress
- ভূষণহৰণbhūṣaṇaharaṇaNoun
এখন পুথিৰ নাম
a playlet said to have been written by Mādhavadeva