কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হেঁকেৰ পেঁকেৰhe~.ker pe~.kerVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- হেঁকেৰ্-পেঁকেৰhem̐ker-pem̐keraNoun
মনোমালিন্য; পৰস্পৰ অপ্ৰীতি-ভাব; এজনে আন এজনৰ কথা ভালকৈ নুবুজাৰপৰা হোবা অলপীয়া দন্দ; হেঁকেচ্-কেচ
slight quarrel; misunderstanding
- হেঁকেৰ্-পেকেৰ্he~.ker-pe.kerAbstract Noun
ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।
A state or act of enmity for political, economic, or social reasons usually without physical violence.
- হেঁকো-জেঁকোhem̐ko-jem̐koNoun
অতি কষ্ট বা জঞ্জাল
great difficulty or trouble
- হেঁকো-হেঁকোhem̐ko-hem̐koNoun
বেগাই ফুটাই ক'ব নোবৰাকৈ কেঁকাই-গেঁথাই পঢ়া বা কথা কোবাৰ শব্দ; যেনে-"পঢ়িব নোবাৰে একো : কৰে হেঁকো-হেঁকো" (যোজোনা)
an imitative word used to express imperfect pronounciation or smattering
- হেঁচনNoun
হেঁচা বা ঠেলা কাৰ্য্য
the act of pushing or pressing
- হেঁচনীNoun
আন বস্ত্তক চেপি ধৰি থাকিবলৈ দিয়া বস্ত্ত; হেঁচা দিয়া বস্ত্ত
a weight for pressure
- হেঁচাNoun
ঠেলা; ভৰ; চেপা
a push; pressure
- হেঁচা ধাৰকAbstract Noun
এটা শক্তি যিয়ে এটা তোৰণক সংলগ্ন কৰাৰ কাম কৰে
a force that serves to abut an arch.
- হেঁচা-টেপাhem̐cā-ṭepāNoun
হেঁচা-হেঁচি; ঠেলা-ঠেলি
state of being crowded or pressed
- হেঁচা-ঠেলাhe~.sa-the.laAbstract Noun
একে ঠাইত অস্বাভাৱিকভাৱে গোট খোৱা এক সমূহ বা তেনে কৰা কাৰ্য্য।
abnormal accumulation or obstruction, esp. of traffic etc.
- হেঁচা-পিঠাhem̐cā-piṭhāNoun
খোলা-চাপৰীয়া পিঠা।
- হেঁচা-হেঁচিhem̐cā-hem̐ciNoun
হেঁচা-টেপা; ঠেলা-ঠেলি; পৰস্পৰ হেঁচা কাৰ্য্য
the act of pushing each other
- হেঁচুলীhem̐culīNoun
ডিমৰু জাতিৰ এবিধ বনৰীয়া গছ [পাত বঁহতৰ পাতৰ নিচিনা কিন্ত্ত তাতকৈ অলপ সৰু; গছৰ ছাল তামোলৰ লগত ছালি খায়।]
a kind of forest tree
- হেঁচোক্hem̐cokTransitive verb
এফালৰপৰা আন ফাললৈ ঠেলি গতি কৰা; ঠেল্
to push
- হেঁটুলুকাhem̐ṭulukāNoun
"হেঁটুলুক্, হেঁঠুলুক'কৈ মতা এবিধ ঠোট-ৰঙা আৰু গা-সেউজীয়া সৰু চৰাই
a kind of bird of green colour
- হেঁতাMaterial Noun
আহাৰ পৰিৱেশন কৰিবলৈ ব্যৱহাৰ কৰা এখন ডাঙৰ চামুচ ৷
A big spoon used to serve food.
- হেঁদালিhem̐dāliNoun
বস্ত্ত-বেহানি ৰাখিবৰ নিমিত্তে ঘৰৰ ভিতৰৰ চালৰ পৰা ওলমাই সজা বাঁহৰ চিলিঙিৰ চাং
a platform of split bamboo suspended from inside the roof of a house for keeping articles on
- হেঁদালি-কামোৰণিhem̐dāli-kāmoraṇiNoun
প্ৰসবৰ পাছত হোবা তিৰোতাৰ এবিধ ৰোগ
a kind of disease peculiar to a woman after confinement
- হেঁদালি-চালhem̐dāli-cālaNoun
চিলিঙি বা হেঁদালি চাঙৰ দৰে বোবা ঘৰৰ চাল
a net-work roof of split bamboo