কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিত্যকৰ্মnit.yo.kor.moVerbal Noun
সদায় কৰিব লগীয়া ঘৰুৱা কাম
the everyday work around a house
- নিত্যকৰ্ম্মNoun
নিতৌ কৰিব লগীয়া কাম; সন্ধ্যা-তৰ্পণ আদি সদায় কৰিব লগীয়া শাস্ত্ৰীয় অনুষ্ঠান; বিণ. নিত্য-তৱপ্তি, সদায় সন্ত্তষ্ট; যেনে-"নিত্য-তৱপ্তি হৈয়া ভৈলা সংসাৰৰ মুক্ত" (মিশ্ৰ-গীতা)।
always pleased
- নিত্যতাNoun
চিৰস্হায়ী অবস্হা; কেতিয়াও লৰচৰ নোহোবা গুণ
perpetuity; eternity
- নিত্যধামdhu.bo.lo`kAbstract Noun
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).
- নিত্যপ্ৰলয়Noun
দৈনিক নিদ্ৰা
daily sleep
- নিত্যানন্দAdjective
সদায় আনন্দত থকা; আনন্দময়
always joyful
- নিদাগ তীখাni.dag ti.khaMaterial Noun
মামৰ আৰু বিভিন্ন ৰাসায়নিক পদাৰ্থৰ ক্ৰিয়া প্ৰতিৰোধ কৰিব পৰাকৈ ১২ বা ততোধিক শতাংশ ক্ৰমিয়াম যুক্ত সংকৰ তীখা
alloy steel containing 12 percent or more chromium, so as to be resistant to rust and attack from various chemicals
- নিদাঘnidāghaNoun
ঘামকাল; জহকাল
the summer
- নিদাঘ-কালni.dagh-kalAbstract Noun
বছৰটোৰ ভিতৰত সৰ্ব্বোচ্চ বায়ুমণ্ডলীয় উষ্ণতা বিৰাজ কৰা ঋতু, উত্তৰ গোলাৰ্দ্ধত জুন-জুলাই মাহত
the season when the temperature is the highest in the year, i.e. June-July in the Northern hemisphere
- নিদাঘকালnidāghakālaNoun
ঘামকাল; জহকাল
the summer
- নিদানnidāna
মূল কাৰণ; আদি কাৰণ
the primary cause
- নিদান পত্ৰni.dan po.troAbstract Noun
written directions recommended, esp. by a physician to a patient
- নিদান-বিজ্ঞানni.dan-bi.gyanAbstract Noun
ৰোগৰ কাৰণ বা উৎস সম্পৰ্কে অধ্যয়ন
the study of the causes or origin of diseases
- নিদানভূতnidānabhūtaNoun
কাৰণ-স্বৰুপ; . যেনে-"অচতুৰ সিসি আতিঃ পাপৰ নিদানভূত; নামে অৰ্থবাদ যিটো কৰে" (নামঘোষা)।
real reason
- নিদানশাস্ত্ৰni.dan.xas.troAbstract Noun
ৰোগৰ কাৰণ বা উৎস সম্পৰ্কে অধ্যয়ন
the study of the causes or origin of diseases
- নিদিধ্যাসনnididhyāsanaNoun
একান্ত ধ্যান।
- নিদেশnideśaNoun
আদেশ; হুকুম
command; order
- নিদ্ৰাnidrāNoun
ঘুমটি; টোপনি
sleep
- নিদ্ৰাগতnid.ra.go.toAbstract Noun
টোপনি যোৱা অৱস্থা
in or into a state of sleep
- নিদ্ৰাচ্ছন্নnid.ra.son.noAbstract Noun
টোপনি যোৱা অৱস্থা
in or into a state of sleep