কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কলা-গুৰিkalā-guriNoun
দৰা আদৰিবলৈ পদুলিৰ দুই কানে পোতা কলাপুলিৰ ওচৰৰ ঠাই
the gate-way of the bride's house where plantain trees are temporarily planted for receiving the bridegroom
- কলা-ঘুমটিkalā-ghumaṭiNoun
অলপ অলপ ধৰা টোপনি; চিল্মিলীয়া টোপনি
doze
- কলা-ঠহুবাkalā-ṭhahubāNoun
কল পাতৰ মাজৰ ঘাই ঠাৰি
the central rib of a plantain leaf
- কলা-ঠহুৱাko.la-tho.hu.waMaterial Noun
কলপাতৰ মাজৰ পোন ঠাৰি ডাল
the central ridge of a banana leaf
- কলা-ঠিৰুবাkalā-ṭhirubāNoun
কল পাতৰ মাজৰ ঘাই ঠাৰি
the central rib of a plantain leaf
- কলা-ঠিৰুৱাko.la-thi.ru.waMaterial Noun
কলপাতৰ মাজৰ পোন ঠাৰি ডাল
the central ridge of a banana leaf
- কলা-ডিলkalā-ḍilaNoun
কল-ডিল।
- কলা-ধাতুkalā-dhātuNoun
কিঞ্চিৎ মান ধাতু; অলপমান তৎ বা চৈতন্য যেনে -"সাগৰত নিয়া পাছে জোবৰাইবে লইল। টোপনা বাহন্তে কলা-ধাতু মাত্ৰ ৰৈল" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)
slight consciousness
- কলা-ফুলkalā-phulaNoun
ভৰিৰ গাঁঠিৰ ওপৰ আৰু আঁঠুৰ তলৰ ভাগ
the calf of the leg
- কলা-বিদ্যাkalā-bidyāNoun
কলা বা নানা বিদ্যাৰ বিজ্ঞান
technology
- কলা-ভবনkalā-bhabanaNoun
শিল্পশালি
an institute of practical arts
- কলা-ভৱনko.la-bho.bonCommon Noun
সুকুমাৰ কলা চৰ্চাৰ প্ৰতিষ্ঠান
an institute of fine arts
- কলা-মধুনাkalā-madhunāNoun
কল গছৰ (বিশেষকৈ আঠীয়া কল) আলুটো; ইয়াক পাতল পাতলকৈ চকলিয়াই ৰ'দত শুকুবাই, পুৰি কলা-খাৰ তৈয়াৰ কৰে
the root of the plantain tree
- কলা-মাহkalā-māhaNoun
বাম খেতিত হোবা আৰু সৰু লতা বগাই ছেঁইত হোবা, দেখিবলৈ প্ৰায় অৰহৰ মাহৰ নিচিনা মাহ; খেচাৰী মাহ
Jarosse; Lathyrus sativa
- কলা-মাৰলীkalā-māralīNoun
ঠাৰিয়ে সৈতে শুকান কলপাত
the dried leaf of plantain-tree
- কলা-সংস্কৃতিAbstract Noun
কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি ৷
The attitudes and behaviour that are characteristic of a particular social group or organization. It is mainly related to the day to day life.
- কলাইkalāiAdjective
ভাগৰ লগা; দুৰ্ব্বল হোবা (বৰকৈ কন্দাত)
exhausted with crying
- কলাই-খাবkalāi-khābaNoun
হিলৈৰ খাৰ
gun-powder
- কলাই-খাৰko.lai-kharAbstract Noun
Explosive made of saltpetre, sulphur and charcoal
- কলাকাৰko.la.karCommon Noun
Skilled manual worker who practices a craft or art