কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভূগৰ্ভbhu.gor.bhoMaterial Noun
পৃথিৱী-পৃষ্ঠৰ গভীৰতাত অৱস্থিত আৰু কেন্দ্ৰক পৰিৱেষ্টিত কৰা অংশ।
the part of the Earth that is deep below the surface and surrounds the core or centre.
- ভূগৰ্ভ পথbhu.gor.bho pothMaterial Noun
ব্যস্ত ৰাস্তা পাৰ হবলৈ পদযাত্ৰীৰ সুবিধাৰ বাবে বনোৱা মাটিৰ তলেৰে যোৱা পথ৷
a (short) underground passage enabling the pedestrians cross a busy road safely.
- ভূচিত্ৰbhūcitraNoun
বা পৱথিবীৰ মান-চিত্ৰ; মেপ
a map
- ভূচিত্ৰাৱলীbhu.si.tra.wo.liCommon Noun
দেশ-বিদেশৰ মেপ আৰু তাৰ বৰ্ণনা থকা কিতাপ৷
A book or bound collection of maps, sometimes with supplementary illustrations and graphic analyses.
- ভূচুম্বকত্বAbstract Noun
পৃথিৱীয়ে প্ৰদৰ্শন কৰা চুম্বকীয় ধৰ্ম
magnetic properties exhibited by the earth
- ভূচৰbhūcaraNoun
পৱথিবী বা বামত থকা আৰু চৰি ফুৰা প্ৰাণী
A terrestrial creature
- ভূজপাতbhūjapātaNoun
এবিধ গছৰ ছাল
the bark of the Indian paper Birch; Betula Bhojpatra
- ভূঞাbhūñāNoun
মাটিগিৰি
a land-holder
- ভূটানbhu.tanProper Noun
ভাৰতৰ উত্তৰপূবত আৱস্থিত হিমালয় অঞ্চলৰ এখন স্বতন্ত্ৰ ৰাজতান্ত্ৰিক দেশ৷
Bhutan, officially the Kingdom of Bhutan, is a landlocked country in South Asia located at the eastern end of the Himalayas. It is bordered to the north by China and to the south, east and west by India. To the west, it is separated from Nepal by theIndian state of Sikkim, while further south it is separated from Bangladesh by the Indian states of Assam and West Bengal. Bhutan's capital and largest city is Thimphu.
- ভূটীয়াbhu.ti.yaCommon Noun
ভূটানত বসবাস কৰা লোক৷
One who lives in Bhutan.
- ভূত জলকীয়াbhut jo.lo.ki.yaProper Noun
<font size= "4">২০০৭ চনৰ ফেব্ৰুৱাৰি মাহত বিশ্বৰ সকলোতকৈ জলা জলকীয়া হিচাপে "গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ''-ত ভোট-জলকীয়া বা বিহ-জলকীয়াই স্থান লাভ কৰিছে ৷ ইয়াৰ জলাৰ মাত্ৰা হ'ল 'স্ক'ভাইল হিট ইউনিট' (SHU)-ৰ মতে ১,০০১,৩০৪ ৷ ভোট-জলকীয়া বা বিহ-জলকীয়াৰ বৈজ্ঞানিক নাম হৈছে Capsicum chinense ৷ ই সাধাৰণতে উত্তৰ-পূব ভাৰতৰ বিশেষকৈ অসম, নগালেণ্ড আৰু মণিপুৰত উৎপন্ন হোৱা এই জলকীয়াবিধক জলকীয়াৰ ৰজা বোলা হয় ৷</font>
The hottest chilli variety in India recently, (2007 Feb) the Bhut or Bih Jolokia chili pepper was officially recorded in the Guiness Book of World Records as Worlds Hottest Pepper lab tested at 1,001,304 Scoville Heat Units., botanically known as Capsicum chinense jacquin, is extensively grown in the northeastern region of India that it was known as "the king of chilies", predominantly in the states of Assam, Nagaland and Manipur.Eventhough the English translation of the Assamese word 'Bhot' is wrongly ascribed in the media as 'ghost' making it popular as the 'ghost chilli'. However, in reality the 'Bhot' in this case refers to Tibetan or Bhutanese.
- ভূত বঙলাbhut bo.ngo.laMaterial Noun
ভূতে বাঁহ লোৱা ঘৰ, জয়াল চৌহদ
a house beleived to pogess by an ghost
- ভূত-জাৰbhūta-jāraNoun
বৰকৈ কঁপনি ধৰি উঠা জাৰ
shivering cold
- ভূত-তত্ত্বbhūta-tattbaNoun
পৱথিবীৰ তত্ত্ব; পৱথিবী-বিষয়ক বিজ্ঞান
geology
- ভূত-ভাবbhūta-bhābaNoun
লাজ, যেনে-"বোলোবা বস্ত্ৰে অঙ্গ ঢাকি জুৰি। প্ৰতি খোজে ভূত-ভাবে ধৰে বেঢ়ি" (শ্ৰীৰামকীৰ্ত্তন)।
- ভূত-ভাবনbhūta-bhābanaNoun
পৰমেশ্বৰ (ক. গী.)
an epithet of Brahmā and Visnu; creator of all living beings
- ভূত-যজ্ঞbhūta-yajñaNoun
সমস্ত জীবক অন্ন বা খাদ্য দান; পঞ্চ যজ্ঞৰ এটা
offering food to all creatures
- ভূতগ্ৰামbhūtagrāmaNoun
চৌবিছ তত্ত্ব; (ক্ষিতি, অপ, তেজ, মৰুৎ, ব্যোম, ৰুপ, ৰস, শব্দ, স্পৰ্শ, গন্ধ, ত্বক, হাত, ভৰি, মুখ, চকু, নাক, কাণ, জিবা, পায়ু, লিঙ্গ, প্ৰকৱতি, মন, বুদ্ধি, অহঙ্কাৰ)
the 24 principles in which creation is based according to the Sāṅkhya philosophy
- ভূতত্ত্বbhu.to.twoAbstract Noun
পৃথিৱীৰ গতিশীলতা আৰু ভৌতিক ইতিহাস, ইয়াক গঠিত কৰা শিলাখণ্ড, আৰু পৃথিৱীত ঘটি থকা বা আগেয়ে ঘটা বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিৱৰ্ত্তনৰ বিষয়ে চৰ্চ্চা কৰা বিজ্ঞানৰ এক ভাগ
the science that deals with the dynamics and physical history of the earth, the rocks of which it is composed, and the physical, chemical, and biological changes that the earth has undergone or is undergoing.
- ভূতত্ত্ববিদbhu.ta.twa.bi.dCommon Noun
যি ভূতত্ত্ব অধ্যয়ন কৰে
one who studies geology