কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হুজ-যাত্ৰাNoun
a procession
- হুজুগhujugaNoun
জনৰব; ৰটনা; মুখে মুখে শুনা কথা
a rumour; hearsay
- হুজুৰhu.jurAbstract Noun
সমাজৰ উচ্চখাপৰ লোকক কৰা এক পুৰণি সম্বোধন
an old fashioned term of address for a person of high social standing, meaning something like 'Your Highness'or 'Your Lordship'. Sometimes used jokingly or ironically.
- হুট্- হুটনিNoun
হুট্ হুট্ কৰা কাৰ্য্য; অক. ধা. হুট্হুটা হুট্ হুট্ শব্দ কৰ্; ক্ৰি. বিণ. হুট্ হুট্ কৰে; যেনে-"তাক হুট্ হুট্ কৰে মৰিয়ালে"।
- হুণhuṇaNoun
প্ৰাচীন ভাৰতৰ উত্তৰ-পশ্চিম দিশেদি প্ৰবেশ কৰি ভাৰতত ৰাজ্য স্হাপন কৰা এটা জাতি
the Huns who invaded India in the early centuries of the Christian era
- হুণ্ডীhuṇḍīNoun
টকা দীবলৈ দিয়া আদেশ-পত্ৰ; এঠাইত ধন বা তাৰ মূল্য আগতে লৈ, সেই ধন আন এঠাইৰপৰা ধন বা তাৰ ক্ষমতা দিয়া পত্ৰ
a draft; a cheque; a bill of exchange
- হুণ্ডীয়ানাNoun
হণ্ডী ভঙাই নগদ টকা দিয়াৰ ৰাবে দিয়া ওপৰঞ্চি মাচুল
premium or commission on a bill of exchange; discount
- হুতভুকhu.to.bhukMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- হুতাশনhutāśanaNoun
অগ্নি; জুই
fire
- হুতাহhutāhaNoun
বৰকৈ লগা ভোক বা পিয়াহ
a strong desire for food and drink
- হুতিhu.tiAbstract Noun
অগ্নি বা জুইৰ দেৱতাক উপাসনা কৰা আৰু আহুতি দিয়াৰ হিন্দু প্ৰথা।
The Hindu ritual of praying and offering to the Agni or The Fire God.
- হুদাhudāNoun
নিয়ম; প্ৰচলিত পদ্ধতি বা প্ৰথা
usual practice or custom
- হুদুhuduNoun
এবিধ ফেঁচা জাতিৰ আৰু সেই আকৱতিৰ ডাঙৰ চৰাই [ইয়াৰ দুবিধ-এজাতিৰ মূৰৰ দুয়োকাষে দুটা জঁ থাকে, তাক বৰহুদু বোলে; ইজাতিয়ে 'কোৰ্ কোৰ্ কোৰ্' শব্দ কৰি মাতে, তাক কোৰ্কুৰীয়া হুদু . বোলে]।
(horned owl) ; (screech-owl)
- হুনhunaNoun
হানি; লোকচান্
loss
- হুবা-দুবাhubā-dubāNoun
হাই-উৰুমি, গোলমাল
bustle, noise
- হুমকিhumakiNoun
ডাবি; তৰ্জ্জন।
- হুমঠালিhumaṭhāliNoun
মইমতালি; গোমঠালি; গণ্ডপ; অহঙ্কাৰ
self-will; conceit; pride
- হুমায়ুনhu.ma.yunProper Noun
দ্বিতীয় মোগল সম্ৰাট৷ আফগানিস্তানৰ পৰা উত্তৰ ভাৰতলৈ সাম্ৰাজ্য বিয়পি আছিল৷ ১৫৩১ - ১৫৫৬ চন৷
The second Mughal Emperor who ruled over territory in what is now Afghanistan, Pakistan, and parts of northern India from 1531–1540 and again from 1555–1556.
- হুমুনিয়াhumuniẏāNoun
বেজাৰ প্ৰকাশক বা হতাশাজনিত দীৰ্ঘশ্বাস
sigh
- হুমুনিয়াহhumuniẏāhaNoun
বেজাৰ প্ৰকাশক বা হতাশাজনিত দীৰ্ঘশ্বাস
sigh