কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কতিহোkatihoAdverb
কেতিয়াৰা; কেতিয়াও
sometimes; now and then; ever
- কতীয়াকৈko.ti.ya.koiAdverb
এচুকৰপৰা আন চুকলৈ ।
joining opposite corners of a rectangle, square or other figure.
- কতোক্ষণেkatokṣaṇeAdverb
কিছুমান সময়লৈকে
for sometime
- কথকতাko.tho.ko.taVerbal Noun
(সাধাৰণতে আমনিদায়ক) ঘটনাৰাজিৰ (বিতং)মৌখিক বৰ্ণনা৷
a spoken details of a series of events, which are usually boring.
- কথঞ্চিতৰূপেAdverb
যেনে-"যথাকথঞ্চিতৰূপে অহৰ্নিশে প্ৰভু মোৰ সুমৰণ হওক সুলভ" (নামঘোষা)।
- কথমপিkathamapiAdverb
কোনো প্ৰকাৰে; কষ্টেৰে; কোনো উপায়েৰে
somehow; with difficulty; narrowly
- কথাkathāNoun
শব্দ; বাক্য; ভাষা
a word; a sentence; language
- কথা কko.tha koVerb-Trans.
সাধাৰণ মাতেৰে শব্দ উলিয়াই (কথা ক)
To utter words or articulate sounds with the ordinary voice
- কথা কাট্ko.tha katVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- কথা চোবোৱাko.tha-so`.bo`.waVerbal Noun
কোৱাকে কোৱা অৰ্থাত্ আলোচনা কৰা কথাৰ বাৰম্বাৰ আলোচনা
repetition of a discussion already made
- কথা দেko.tha deVerb-Trans.
কোনো এটা কাম কৰা হ`ব বা নহ`ব বুলি ঘোষণা কৰ্
to declare that something will or will not be done, given, etc
- কথা পাত্ko.tha patVerb-Trans.
দুই বা ততোধিক ব্যক্তিৰ মাজত পৰস্পৰে মৌখিকভাৱে সংযোগ কৰ্
to verbally communicate interactively between two or more persons
- কথা পিন্ধাVerb-Trans.
কোনো কাম কৰোৱাবৰ নিমিত্তে কাৰোবাৰ ঈৰ্ষা, কৌতুহল বা আগ্ৰহ বৃদ্ধি কৰা
To increase jealousy, curiosity or interest in a person by intentional means so that he/she do the intended task.
- কথা পেলাko.tha pe.laVerb-Intran.
(কোনো কাম) কৰিবলৈ দৃঢ়তাৰে অনিচ্ছা প্ৰকাশ কৰ্ অথবা অনুৰোধ উপেক্ষা কৰ্
to express a determination not to (do something) or to deny a request
- কথা বান্ধVerb-Trans.
কোনো এটা কাম কৰা হ`ব বা নহ`ব বুলি ঘোষণা কৰ্
to declare that something will or will not be done, given, etc
- কথা ভাড়্ko.tha bharVerb-Intran.
পোনপটীয়াকৈ সঁচা কথা নকৈ বিভ্ৰান্ত কৰিবলৈ ঘূৰাই-পকাই ক ।
Be deliberately ambiguous or unclear in order to mislead or withhold information.
- কথা লগাko.tha lo.gaVerb-Trans.
ব্যক্তিজনৰ অজ্ঞাতে আৰক্ষী বা উৰ্দ্ধতন কৰ্ত্তৃপক্ষক কাৰোবাৰ কাৰ্য্যকলাপৰ বিষয়ে অৱগত কৰ্।
to inform the police or the higher authority about one's activities without one's knowledge.
- কথা লুটিওৱাko.tha lu.tiu.waVerbal Noun
আগতে কোৱা কথা, লোৱা পৰিকল্পনা দিয়া মত আদিৰ পৰা সম্পূৰ্ণ বিপৰীত স্থিতি লোৱা৷
a complete change of opinion, plan etc.
- কথা লুটিয়াko.tha lu.ti.yaVerb-Trans.
আগতে কোৱা কথা বা দিয়া মত সম্পূৰ্ণকৈ ওলোটা কৰ৷
to completely change one's previous opinion so as to take a totally opposite or different stance.
- কথা সলাko.tha xo.laVerb-Intran.
পোনপটীয়াকৈ সঁচা কথা নকৈ বিভ্ৰান্ত কৰিবলৈ ঘূৰাই-পকাই ক ।
Be deliberately ambiguous or unclear in order to mislead or withhold information.