কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অগা-ডেৱাo.ga-de.waVerbal Noun
আগ-ভেটি ধৰা বা আগে-আগে জপিয়াই ফুৰা
to block someone by standing before
- অগা-পিচাকৈo.ga-pi.sa.koiAdverb
এটাৰ পাছত আনটো বা এটা আগত আনটো পাচত - এনেদৰে
arranged in an ordering fashion so that one comes after the next
- অগা-পিছাকৈo.ga-pi.sa.koiAdverb
এটাৰ পাছত আনটো বা এটা আগত আনটো পাচত - এনেদৰে
arranged in an ordering fashion so that one comes after the next
- অগাই-বগাইVerb; Noun
অকাই-পকাই। অগা-ভেটা কৰি।
- অগুৰুৱাo.gu.ru.waVerbal Adj.
দীক্ষা বা মন্ত্ৰ দান নকৰা বা কোনো ধৰ্ম বা পন্থাত অন্তৰ্ভুক্ত নকৰা।
not admitted into an organizaton or group, secret knowledge, etc.
- অগোচৰেo.go’.so.reAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others
- অগ্নিদগ্ধog.ni.dog.dhoVerbal Adj.
পোৰা, এঙাৰ বা ছাই কৰা
Burn to charcoal, Undergo combustion, Cause to burn or combust
- অগ্নিসংযোগ অপৰাধog.ni.xong.jo’g o.po.radhVerbal Noun
গৃহাদি সম্পত্তিত জুই দিয়া কাৰ্য্য ।
The crime of deliberately setting fire to something ,specially a building.
- অগ্ন্যুৎপাতog.nyut.patVerbal Noun
আগ্নেয়গিৰিৰ পৰা উত্তপ্ত লাভা নিৰ্গত হোৱা কাৰ্য্য
the sudden occurrence of a violent discharge of steam and volcanic material
- অগ্ৰবৰ্তী হog.ro.bor.ti hoVerb-Intran.
কিহবাৰ আগতে হোৱা বা কৰা৷
to come or exist before in the time, in advance of
- অগ্ৰাধিকাৰ দেVerb-Trans.
আন ব্যক্তি বা বস্তুুতকৈ আগস্থান দে বা আগতে বিবেচনা কৰ্
to set or hold before or above other persons or things in estimation
- অগ্ৰাহ কৰ্; উলঙ্ঘা কৰ্Transitive verb
disregard; disobey
- অগ্ৰাহ্য কৰ্og.rajyo korVerb-Trans.
to refuse to have, take, recognize
- অগ্ৰাহ্য কৰ্o.gra.jyo korVerb-Trans.
ইচ্ছাকৃতভাৱে কোনো বিষয় বা প্ৰশ্নৰ পৰা এৰাই চল্
to intentionally avoid an issue or a question
- অঘনাশনo.gho.na.xonVerbal Noun
কোনো ভুল কৰাৰ পিছত পাপ গুচাবৰ বাবে সামাজিকভাবে শুদ্ধ হোৱা কাৰ্য ৷
the act of purifying to nullify a sin or wrongdoing.
- অঘাৰিবকাৰিo.gha.ri.bo.ka.riVerbal Adj.
অৰ্থহীন আঁক-বাঁক কৰা (উপহাস কৰা অৰ্থত)
covered with meaningless writing or marks (in ridicule)
- অঘোষVerbal Noun
স্বৰতন্ত্ৰীত কম্পন নোহোৱাকৈ উচ্চাৰিত
pronounced without vibration of vocal cord
- অঘোষিতo.gho`.xi.toVerbal Adj.
যিটো ঘোষণা কৰা হোৱা নাই বা ৰাজহুৱাকৈ জনোৱা হোৱা নাই।
which has not been announced or made public.
- অঙ্কিতong.kitProper Adj.
চকুত লগা এটা অথবা বহুতো চিনযুক্ত ৷
Having one or more distinguishing marks.
- অঙ্কীয়কৰণVerbal Noun
যিকোনো তথ্য কম্পিউটাৰৰ দ্বাৰা পঢ়িব পৰাকৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া
the process of converting information into a digital or computer-readable format