কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শঙ্কৰ-যাত্ৰাśaṅkara-yātrāNoun
পৌৰাণিক যুগত বিৰাট ৰাজ্যত অনুষ্ঠিত এক প্ৰকাৰ উৎসব
a festival held in the kingdom of Virātā
- শঙ্কৰদেৱxong.kor.debProper Noun
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ (১৪৪৯-১৫৬৮) অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক ৷ অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলা, সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে শঙ্কৰদেৱৰ অৱদান বিৰল ৷ ১৪৪৯ চনত নগাঁৱৰ আলিপুখুৰি নামে ঠাইত বাৰ-ভূঞাঁৰ বংশত তেখেতৰ জন্ম হয় ৷ বাৰ বছৰ বয়সত তেখেতে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰি অতি কম দিনৰ ভিতৰতে কোনো মাত্ৰা নোহোৱাকৈ এক অনুপম কবিতা (কৰতল কমল কমল দল নয়ন) ৰচনা কৰি নিজৰ প্ৰতিভাৰ পৰিচয দিছিল ৷ ৰচনাৰীতি অনুসৰি শঙ্কৰদেৱৰ ৰচনাক ছটা ভাগত ভগাব পাৰি (১) অনুবাদমূলক- ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম, একাদশ আৰু দ্বাদশ স্কন্ধ'ৰ অনুবাদ, উত্তৰাকাণ্ড ৰামায়ণ (২) কাব্য- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিনীহৰণ, বলিছলন, অমৃত মন্থন, কুৰুক্ষেত্ৰ, অজামিল উপাখ্যান (৩) অংকীয়া নাট- পত্নীপ্ৰসাদ, কালিয়াদমন, কেলিগোপাল, ৰুক্মিনী হৰণ, পাৰিজাত হৰণ, ৰামবিজয় (৪) গীত- বৰগীত, ভটিমা (৫) নাম প্ৰসঙ্গ- কীৰ্তন, গুণমালা (৬) ভক্তিতত্ত্ব- ভক্তি ৰত্নাকৰ, ভক্তি প্ৰদীপ ৷ শঙ্কৰদেৱে পোনপ্ৰথমবাৰৰ কাৰণে 'চিহ্নযাত্ৰা' নাট লিখি পটত চিত্ৰ আঁকি সাত বৈকুণ্ঠৰ তাৎপৰ্য ব্যাখ্যা কৰিছিল ৷ কীৰ্তন তেখেতৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভ ৷ অসমীয়া সংস্কৃতিলৈ নামঘৰ, সত্ৰ, খোল, আৰু মুখাশিল্প আৰু সত্ৰীয়ানৃত্ৰৰ ক্ষেত্ৰত শঙ্কৰদেৱৰ অৱদান উল্লেখযোগ্য ৷ ১৫৬৮ চনত প্ৰায় ছকুৰি বছৰ বয়সত শঙ্কৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণ হয় ৷
Mahapurusha Srimanta Sankardeva (1449-1568) saint-scholar, playwright,social-religious reformer, is a colossal figure in the cultural and religious history of Assam, India. Sankaradeva was born into the Shiromani (chief) Baro-Bhuyans family, near Bordowa in Nagaon in a village called Ali-pukhuri. He began attending the tol or chatrasaal(school) of the renowned scholar Mahendra Kandali at the age of twelve and soon wrote his first verses: karatalakamala kamaladalanayana | His literary works, we can divide in Six part as (1) Transliteration- Bhagavat (Book VI, VIII, I, II, VII, X, XI, XII; IX not available), Ramayana (uttarakanda). (2) Poetic works (kavya)- Harischandra-upakhyana, Rukmini-harana, Ajamilopakhyana, Bali-chalana Kurukshetra-yatra, Amrta-manthana. (3) Drama (Naat)- Patni-prasada, Kalia-damana, Keli-gopala, Rukmini-harana, Parijata-harana, Ram-vijay.(4) Songs - Borgeet, Bhatima (5) NamPrasang- Kirtana-ghosha, Gunamala.(6) Bhakti Theory- Bhakati-pradipa, Bhakti Ratnakara. Sattriya dance, that Sankaradeva first conceived and developed and which was later preserved for centuries by the sattras, is now among the classical dance forms of India.Thus, in 1568, after leading a most eventful life dedicated to enlighten humanity; the Mahapurusha passed away - within six months of his stay at Bheladonga -at the remarkable age of 120 years.
- শঙ্কৰাচাৰ্যśaṅkarācāryaNoun
গীতা, বেদান্তৰ সূত্ৰ আৰু উপনিষদৰ টীকা কৰা সুপ্ৰসিদ্ধ প্ৰাচীন ভাৰতীয় আচাৰ্য্য
a great Hindu scholar famous for his commentary on the Vedānta philosophy
- শঙ্কৰাচাৰ্য্যśaṅkarācāryyaNoun
গীতা, বেদান্তৰ সূত্ৰ আৰু উপনিষদৰ টীকা কৰা সুপ্ৰসিদ্ধ প্ৰাচীন ভাৰতীয় আচাৰ্য্য
a great Hindu scholar famous for his commentary on the Vedānta philosophy
- শঙ্কৰাব্দśaṅkarābdaNoun
1371 শক বা 1449 ছনৰপৰা আৰম্ভ গণনা কৰা বছৰৰ লেখ।
- শঙ্কৰীśaṅkarīNoun
পাৰ্ব্বতী। বিণ. শঙ্কৰদেবৰ মতানুযায়ী।
- শঙ্খśaṅkhaNoun
এক লাখ কোটি; যেনে-"পদ্মো মহাপদ্ম শঙ্খ পদাতি অসংখ্য" (বিৰাটপৰ্ব্ব)।
- শঙ্খচূড়śaṅkhacūṛaNoun
কৱষ্ণই বধ কৰা এজন ভকতীয়া অসুৰ; তুলসীৰ স্বামী
- শঙ্খিনীśaṅkhinīNoun
চাৰি শ্ৰেণী মাইকী মানুহৰ এক শ্ৰেণী [প্ৰধান লক্ষণ ডিঙিত শঙ্খৰ দৰে তিনিডাল পথালি ৰেখা থাকে; এনে চিন থাকিলে কুলক্ষণী বুলি ভাবে।]; যেনে-"হস্তিনী চিত্ৰিণী নাৰী শঙ্খিনী পদ্মিনী" (বিৰাটপৰ্ব)
one of the classes of women
- শচীśacīNoun
ইন্দ্ৰৰ ভাৰ্য্যা
the wife of Indra
- শচীন্দ্ৰso.sin.droProper Noun
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
- শচীপতিNoun
শচীৰ পতি বা স্বামী; ইন্দ্ৰ
Indra
- শচীবিলাসso.si.bi.laxProper Noun
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
- শটবটনিxot.bo.to.niAbstract Noun
কোনো অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ দুই বা ততোধিক পক্ষৰ মাজত হোৱা গোপন বুজাবুজি।
A secret agreement between two or more parties for a fraudulent, illegal, or deceitful purpose.
- শঠśaṭhaNoun
বঞ্চক; ফাঁকি দিয়া মানুহ; দুষ্ট
a cheat; rogue
- শঠতাxo.tho.taAbstract Noun
lack of honesty; a disposition to lie, cheat, or steal
- শঠামিত্ৰśaṭhāmitraNoun
শঠ বন্ধু; কপটীয়া বন্ধু; প্ৰবঞ্চনা কৰিবৰ উদ্দেশ্যে বন্ধু পতা লোৰ
a false or deceitful friend
- শণগছxon.gosCommon Noun
নীলা ৰঙৰ ফুল ফুলা, বিশেষকৈ গা-গছ আৰু গুটিৰ বাবে ৰোৱা এবিধ উদ্ভিদ। ইয়াৰ প্ৰায় ১৫০ টা মান প্ৰজাতি বিশ্বৰ বিভিন্ন প্ৰান্তত পোৱা যায়।
a plant with blue flowers grown for its stems or seeds, is a member of the Linaceae family which includes about 150 plant species widely distributed around
- শণীśaṇīNoun
"শেণী" চোবাঁ।
- শতśataNoun
ত্ৰশ
a hundred