কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বকলাbakalāNoun
গছৰ ছাল বা পাতল, চেপেটা বস্ত্তৰ খণ্ড
a piece of board or bark of a tree
- বকলেচbok.lesMaterial Noun
পেটীৰ এমূৰত থকা ধাতুৰে তৈয়াৰী বস্তু, যাৰ সহায়ত দুয়োটা মূৰ বান্ধি ৰাখিব পাৰি।
a piece of metal at one end of a belt or strap, used to fasten the two ends together.
- বকহাbakahāNoun
বাঁকুহি বা ফালি-ছিৰি এৰুবাই নিয়া বস্ত্তৰ সোপা; বকটা
a mass or lump of bruised or crushed things scraped or torn away
- বকাসুৰbo.ka.xurProper Noun
এটা ডাঙৰ অসুৰৰ নাম৷
Bakasura a great Asura who lived near the city of Ekachakra, and forced the Raja of the place to send him daily a large quantity of provisions, which he devoured, and not only the provisions, but the men who carried them.
- বকুলbakulaNoun
ঘন পাতৰ এবিধ গছ আৰু তাৰ সৰু সৰু উগ্ৰগন্ধী ফুল
a kind of tree bearing sweet smelling flowers; Mimus opselengi
- বকেয়াbo.keyaMaterial Noun
পৰিশোধ কৰিবলগীয়া বাকী ৰোৱা ধন |
That which is behind in payment, or which remains unpaid, though due; esp. a remainder, or balance which remains due when some part has been paid.
- বকৈয়াbo.koi.yaAbstract Noun
ধাৰলৈ দি পাবলগা, যেনেঃ বকৈয়া ধন
The lended belonging which one is to get back
- বকোbo.ko`Proper Noun
কামৰূপ জিলাৰ উল্লেখযোগ্য স্থান
An important place of Kamrup district of Assam
- বক্চিচbakcicaNoun
পুৰস্কাৰ
a reward
- বক্চীbakcīNoun
এক শ্ৰেণীৰ নামনি অসমৰ মানুহৰ উপাধি
a title of a certain class of men
- বক্তব্যbaktabyaAdjective
ক'ব লগীয়া
to be said or spoken
- বক্তব্য যুক্তিAbstract Noun
যুক্তিসহ উত্থাপন কৰা মত
reasoned opinion or argument
- বক্তাNoun
বক্তৱতা দিওঁতা; সভাত কথা কোবা মানুহ
a speaker
- বক্তৃতাbok.tri.taVerbal Noun
ৰাজহুৱাভাৱে কোৱা কথা ৷
Formal public address
- বক্তৃতামঞ্চbok.tri.ta.mon.soMaterial Noun
সভা-থলি বা প্ৰেক্ষাগৃহত বক্তাই বক্তৃতা প্ৰদান কৰাৰ বাবে সজা ওখ মজিয়া
a raised flooring or other horizontal surface, such as, in a hall or meeting place, a stage for use by public speakers, performers, etc.
- বক্রতাbo.kro.taAbstract Noun
এডাল ৰেখা কিমান বেঁকা তাৰ জোখ; সৰল পথৰ পৰা এডাল ৰেখাৰ বিচ্যুতি
the amount of bending of a line; the deviation of a line from a straight path
- বক্ষbakṣaNoun
হৱদয়; বুকু
the breast
- বক্ষত্ৰাণbo.khyo.tranMaterial Noun
ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|
Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose.
- বক্ষবন্ধনীbo.khyo.bon.dho.niMaterial Noun
তিৰোতাৰ স্তনযুগল ঢাকিবলৈ ব্যৱহাৰ কৰা এক অন্তৰ্বাস
a woman's undergarment to cover and support the breasts
- বক্ষবিভাজিকাbo.khyo.bi.bha.ji.kaAbstract Noun
The hollow between a woman`s breasts when supported, especially as exposed by a low-cut garment.