কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হিৰণ্যাক্ষhiraṇyākṣaNoun
দৈত্য-ৰাজ হিৰণ্যকশিপুৰ ভায়েক (এওঁক বিষ্ণুবে বৰাহ অবতাৰ ধৰি বধ কৰে।)
name of a demon
- হিৰণ্যৰেতাঃhi.ro.nyo.re.tahMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- হিৰা-নামhirā-nāmaNoun
থিয় হৈ বহুত মানুহে তাল আৰু চাপৰিৰে গোবা ঈশ্বৰৰ গুণ-কীৰ্ত্তন
song in praise of God Hari by a congregation standing, accompanied by cymbal and clapping of hands
- হিৰানামhi.ra.namAbstract Noun
বহুত মানুহ থিয় হৈ গায়ন-বায়নৰ দ্বাৰা তালমান আৰু চাপৰিৰে কৰা হৰি কীৰ্তন৷
Hiranaam is a form of Sattriya music related to the Vaishnava religious scriptures. The singers, the Gayans accompany themselves with cymbals played by the Bayans. The singing mainly involves chanting the names of Krishna, in a call and response style.
- হিৰোশ্বিমাhi.ro`.si.maProper Noun
জাপানৰ এখন মহানগৰ৷ প্ৰথম আনৱিক বোমা ইয়াত পেলোৱা হৈছিল৷
a city in Japan. The first atom bomb was dropped here.
- হীন-ডেঢ়িhīna-ḍeṛhiNoun
বঢ়া-টুটা; কম-বেচ; অলপ কম বা সৰহ
more or less
- হীনতাhi.no.taAbstract Noun
প্ৰয়োজনতকৈ বা লগাতকৈ কম থকা অৱস্থা৷
the state of having less than what is needed or required.
- হীনমন্যতাhi.no.mo.nyo.taAbstract Noun
আত্মবিশ্বাসৰ অভাৱত নিজকে আনতকৈ নিম্ন খাপৰ বুলি ভবা মনোবৃত্তি
one's feeling that one is inferior to others, due to lack self confidence
- হীনমন্যতা বোধhi.no.mo.nyo.ta bo’dhAbstract Noun
আত্মবিশ্বাসৰ অভাৱত নিজকে আনতকৈ নিম্ন খাপৰ বুলি ভবা মনোবৃত্তি
one's feeling that one is inferior to others, due to lack self confidence
- হীনযানhin.janAbstract Noun
বৌদ্ধধৰ্মৰ এটা ভাগ৷
A Sanskrit term literally meaning: the `Smaller Vehicle`, the Buddhist path followed by one who wishes to become an arhat. It has been used as a synonym for the Theravada tradition, which continues as the main form of Buddhism in Sri Lanka and South-East Asia, but some scholars deny that the term included Theravada Buddhism.
- হীনাৱস্থাAbstract Noun
পইচা-পাতি, সম্পত্তি আদি নথকা অৱস্থা।
the state of having very less wealth or money.
- হীৰকhīrakaNoun
হীৰা; এবিধ বগা বহুমূলীয়া বাখৰ
diamond
- হীৰক জয়ন্তীhi.rok jo.yon.tiAbstract Noun
৬০ বা ৭৫ বছৰ বয়সত অনুষ্ঠিত কৰা কোনো অনুষ্ঠান৷
the celebration of any of certain anniversaries, as the sixtieth or seventy-fifth.
- হীৰক-জয়ন্তীhīraka-jaẏantīNoun
কোনো অনুষ্ঠান আদিৰ
- হীৰাhīrāNoun
হীৰা; এবিধ বগা বহুমূলীয়া বাখৰ
diamond
- হীৰা-কচhīrā-kacaNoun
লোৰ কহৰপৰা তৈয়াৰ কৰা এবিধ সেউজীয়া পদাৰ্থ
green vitriol; iron-sulphate
- হীৰাকচhi.ra.kosProper Noun
লো আৰু গন্ধকৰ স্ফটিকাকাৰ সেউজীয়া যৌগিক পদাৰ্থ,
A chemical compound of iron and sulfur. It is crystalline and green in color. Chemical Formula: FeSO<sub>4</sub>
- হীৰেন ভট্টাচাৰ্যhi.ren bhot.ta.sar.joProper Noun
আধুনিক অসমীয়া কবিতাৰ এজন লেখত ল’বলগীয়া কবি হ’ল হীৰেন ভট্টাচাৰ্য৷ তেখেতৰ জন্ম ১৯৩২ চনত যোৰহাটত৷ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য| অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ’ল ’হীৰুদা’৷ তেওঁক “প্ৰেম আৰু ৰ’দালিৰ কবি” নামেৰেও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে| বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতাৰ প্ৰকাশ হয় ১৯৫৭ চনত ৷ তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন ’মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’ প্ৰকাশ হয় ১৯৭২ চনত৷ ’বিভিন্ন দিনৰ কবিতা’ ১৯৭৪, ’কবিতাৰ ৰ’দ’ ১৯৭৬ আৰু ’তোমাৰ গান’ ১৯৭২ প্ৰকাশ পায়৷ কবিৰ ’সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু ’শস্যৰ পথাৰ মানুহ’ (সংগ্ৰহীত কবিতা ১৯৯১), ’মোৰ প্ৰিয় বৰ্ণমালা’, ’ভালপোৱাৰ বোকা মাটি’ , হীৰেন ভট্টাচাৰ্যৰ বাছকবনীয়া কবিতা, ২০০৩, তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জল দিশ৷ ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু ল’ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ’ল’ৰা ধেমালি’আৰু ’অকন ধেমালি’ প্ৰকাশ কৰে৷ ’চিত্ৰবন’, ’মনন’ আৰু ’আন্তৰিক’ নামে তিনিখন আলোচনীত তেওঁ সম্পাদনা কৰিছিল| ১৯৮৬ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নগাঁও, কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰৰ কবি সন্মিলনৰ তেখেত সভাপতি আছিল|
Popularly known as Hiru da and Hiru Bhatta among the connoisseurs of him and his poetry, Hiren Bhattacharyya is a poet by passion and profession ( ‘I am a poet…I have no other entity,/with words is my inseparable entity) and is hailed as the poet of youth and hope. A poet of rare sensitivity, he is thoroughly rooted in his locale and whose concerns range from accustomed feelings to highly intractable moods, his poetry shows an unique blend of passion and fine lyricism.Son of Tirthanath Bhattacharyya and Snehalata Devi, Hiren Bhattacharyya was born in 1932 at Jorhat, Assam. Some of his collections of poems are Mor Desh Mor Premar Kabita (1972) Bibhinna Dinar Kabita (1974), Sugandhi Pakhila (1981), Bhalpowar Dikchou Batere (2000) amongst others. He is a recipient of several national and international awards. English translations of his poems include "Ancient Gongs" (1985) and "Autumn and Other Landscapes" (2007).
- হীৰ্ম্মাণিhīrmmāṇiNoun
হীৰা, মাণিক আদি পাথৰ; . যেনে-"হীৰ্ম্মাণি মাণিক জ্বলে মৰকত মোতি" (মা. ক., অযোধ্যাকাণ্ড)।
valuable jewels like diamond
- হুঁচhum̐caNoun
চেতনা; গম; জ্ঞান
sense; consciousness