কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিৰিঙি উঠ্bi.ri.ngi uthVerb-Intran.
টোপাল টোপালকৈ বা অলপ অলপকৈ জৰি ওলা ৷
To flow out gently or dropwise of any liquid.
- বিৰিঙ্biriṅIntransitive verb
অলপকৈ জৰি জৰি ওলা
to appear slightly; to ooze out
- বিৰুদ্ধাচৰণbi.rud.dha.so.ronVerbal Noun
বিৰুদ্ধে যোৱা, বাধা দিয়া বা বিপক্ষে যোৱা কাৰ্য্য
the action of opposing, resisting, or combating
- বিৰুদ্ধাচৰণ কৰ্bi.rud.dha.so.ron krVerb-Trans.
বিৰোধিতা কৰ্ বা বাধা দিবলৈ চেষ্টা কৰ্
to make a stand or make efforts in opposition
- বিৰুদ্ধেAdverb
বিপৰীতে; অহিতে
against
- বিৰূপ ভাৱVerbal Noun
কোনো এক পক্ষৰ ফলীয়া হোৱা কাৰ্য্য; পৰস্পৰ বিপৰীত স্বাৰ্থযুক্ত মানুহৰ এদল বা এজনক এৰি আন দল বা জনৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন।
The quality or state of being partial; inclination to favor one party, or one side of a question, more than the other; undue bias of mind.
- বিৰোধ আঁতৰাbi.ro`dh a~.to.raVerb-Trans.
মৰম আৰু বুজনিৰে কাৰোবাৰ খং, অসন্তুষ্টি আঁতৰাই বন্ধুভাৱাপন্ন কৰা; দুই বিৰোধী পক্ষৰ মাজত সদ্ভাৱ জগোৱা বা ঘুৰাই অনা৷
to reduce somebody's anger and make him/her more friendly by being kind or pleasent;to reconcile two opposing parties.
- বিৰোধিতাbi.ro`.dhi.taVerbal Noun
বিৰুদ্ধে যোৱা, বাধা দিয়া বা বিপক্ষে যোৱা কাৰ্য্য
the action of opposing, resisting, or combating
- বিৰোধিতা কৰ্bi.ro`.dhi.ta korVerb-Trans.
বিৰোধিতা কৰ্ বা বাধা দিবলৈ চেষ্টা কৰ্
to make a stand or make efforts in opposition
- বিৰোধেAdverb
বিৰুদ্ধে; বিপক্ষে; অহিতে
against
- বিৱেচনা কৰ্bi.be.so.na korVerb-Intran.
বিকল্পৰ মাজত বাছনি কৰা
to makeup ones mind/settle a contest or argument
- বিৱৰণ দেbi.bo.ron deVerb-Trans.
কিহবাৰ বিষয়ে অবিৰতভাৱে কাহিনী ক বা খতিয়ান দে
give a continuous story or account of
- বিৱৰি কbi.wo.ri koVerb-Trans.
কিহবাৰ বিষয়ে অবিৰতভাৱে কাহিনী ক বা খতিয়ান দে
give a continuous story or account of
- বিৱৰ্bi.worVerb-Trans.
বিশদভাৱে বা বিতংকৈ বুজা বা প্ৰস্তুত কৰ্
work out or explain in detail
- বী-বিয়াbī-biẏāIntransitive verb
বিংবিঙা; অস্পষ্ট কথা ক (টোপনি বা বেমাৰত)
to speak incoherently; to rave
- বীক্ষিতbi.khyi.toVerbal Adj.
যিটো ইতিমধ্যে দৰ্শন কৰা হৈছে।
That has already been seen.
- বীজাIntransitive verb
বিজল উলিয়া
to extude a slimy substance
- বীজাণুমুক্তকৰণbi.ja.nu.muk.to.ko.ronVerbal Noun
তাপ, ৰাসায়নিক, বিকিৰণ অথবা আন তেনে কোনো প্ৰক্ৰিয়াৰে বেক্টেৰিয়া, ভেঁকুৰ আদিৰ দৰে বীজাণু ধ্বংস কৰা কাৰ্য্য ।
The procedure of destroying all microorganisms in or on a given environment, such as a surgical instrument, in order to prevent the spread of infection. This is usually done by using heat, radiation, or chemical agents.
- বীতস্পৃহbi.to.spri.hoVerbal Adj.
যাৰ স্পৃহা নোহোৱা হৈছে
one who has lost desire or wish
- বীমাকৰণbi.ma.ko.ronVerbal Noun
কোনো ব্যক্তি, জীৱ জন্তু বা কিবা বস্তুক বীমাকৰোৱা কাম৷
the act of insuring somebody or something.