কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হিল-বিলীhil-.bi.liCommon Noun
1. চহৰীয়া লোকে মূৰ্খ বা অঁকৰা বুলি ভবা পাহাৰীয়া চহা লোক৷ 2. তেওঁলোকৰ লোক সংগীত৷ উদাহৰণ: ভূপেন হাজৰিকাৰ বিখ্যাত গীতৰ কলি "শ্বিলঙৰে মনালিছা লিংড`,তোমাৰ হাতৰ গীটাৰ খনিত হিলবিলী মিউজিক বজাই যোৱা.."
1.(American Eng.)a simple person who lives in the hills and is thought to be stupid by those who live in the towns. 2 the music played by these people.
- হিলদলhil.dolAbstract Noun
কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা
Surrounding or erecting barriers to prevent entry and exit to a place
- হিলৈhilaiNoun
থাৰ-বাৰুদ দি গুলী মৰা অস্ত্ৰ; বন্দুক
a gun
- হিলৈ গুটিhi.loi gu.tiMaterial Noun
শিল, সীহ বা টান মাটিৰে তৈয়াৰী বৰটোপৰ গুলি।
Musket ball is a round ball, made of stone or lead used to muzzle-loaded into the barrel of the musket.
- হিলৈ-খাৰNoun
কলাহ খাৰ; বন্দুক মাৰিবলৈ ব্যবহাৰ কৰা খাৰ
gun-powder
- হিলৈগুটিNoun
বন্দুকৰ গুলী
a musket ball
- হিলৈদাৰীNoun
বন্দুকেৰে যুঁজ কৰা ৰণুবা; আহোম ৰজাৰ দিনৰ এটা ৰণুবা খেলৰ নাম
a soldier armed with a gun; the name of an Āhom clan
- হিলৈধাৰীNoun
বন্দুকেৰে যুঁজ কৰা ৰণুবা; আহোম ৰজাৰ দিনৰ এটা ৰণুবা খেলৰ নাম
a soldier armed with a gun; the name of an Āhom clan
- হিল্লোলhillolaNoun
ঢৌ; তৰঙ্গ
wave
- হিহনিAbstract Noun
প্ৰায়েই এলাৰ্জিৰ ফলত সৃষ্টি হোৱা এবিধ দীৰ্ঘকালিন শ্বাসজনিত ৰোগ। এই ৰোগ হ'লে শ্বাস-প্ৰশ্বাস ঘন আৰু কষ্টদায়ক হয় আৰু কাহ হয়।
A chronic respiratory disease, often arising from allergies, that is characterized by sudden recurring attacks of labored breathing, chest constriction, and coughing
- হিড়িম্বhiṛimbaNoun
পাণ্ডবৰ বনবাস কালত ভীমৰ হাতত বধ হোবা এটা ৰাক্ষস
name of a demon slain by Bhīma
- হিয়াhiẏāNoun
বুকু
the breast
- হিয়া-কড়িhiẏā-kaṛiNoun
বুকুৰ তপত জোঙা হৈ ওলমি থকা হাড়
the lower end of the sternum
- হিয়া-চৰিhiẏā-cariNoun
"ছাটি" চোবাঁ।
- হিয়া-জালীhiẏā-jālīNoun
বুকুৰ কলিজা
the heart
- হিৰhiraNoun
কাটিবলৈ সিজোবা মুগাৰপৰা ওলোবা দীঘল আঁহ
the filament of a boiled cocoon coming out during spinning
- হিৰণ্যhiraṇyaNoun
সোণ
gold
- হিৰণ্যকশিপুhiraṇyakaśipuNoun
এজন দৈত্য-ৰাজ আৰু প্ৰহ্লাদৰ পিতাক; (তেওঁক বিষ্ণুবে নৰ-সিংহ ৰূপ ধৰি সংহাৰ কৰে।)
a demon king, the father of Prahlāda who was killed by Visnu
- হিৰণ্যগৰ্ভhiraṇyagarbhaNoun
ধ্ৰুবই আৰাধনা কৰা বিষ্ণুৰ জ্যোতিৰ্ম্ময় মূৰ্ত্তি
the luminous body of God worshipped by Dhruva
- হিৰণ্যদhi.ro.nyodMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.