কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভীমbhīmaNoun
দ্বিতীয় পাণ্ডব; যুধিষ্ঠিৰৰ ভায়েক
the second Pāndava prince
- ভীম-একাদশীbhīma-ekādaśīNoun
মাঘ মাহৰ শুক্লপক্ষৰ একাদশী
the eleventh lunar day of the bright fortnight in the month of M āgha
- ভীমকলbhīmakalaNoun
এবিধ ডাঙৰ আৰু গুটি থকা কল; আঠীয়া কল
a kind of large plantain fruit and its tree
- ভীমটোকাbhīmaṭokāNoun
সম্পূৰ্ণৰূপে কণী খুন্দ নোখোবা বা ভালকৈ বান্ধ নোলোবা বলদ
an imperfectly emasculated bullock
- ভীমবেটকাProper Noun
মধ্যপ্ৰদেশৰ ভীমবেটকাত (ভীমবৈঠক) প্ৰস্তৰ যুগৰ গুহাচিত্ৰ আৱিষ্কাৰ হৈছে৷ এই ভাৰতৰ সবাতোকৈ পুৰণা সভ্যতাৰ নিদৰ্শন৷
The Bhimbetka rock shelters are an archaeological site of the Paleolithic, exhibiting the earliest traces of human life on the Indian subcontinent, and thus the beginning of the South Asian Stone Age. It is located in the Raisen District in the Indian state of Madhya Pradesh.
- ভীমবৈঠকProper Noun
মধ্যপ্ৰদেশৰ ভীমবেটকাত (ভীমবৈঠক) প্ৰস্তৰ যুগৰ গুহাচিত্ৰ আৱিষ্কাৰ হৈছে৷ এই ভাৰতৰ সবাতোকৈ পুৰণা সভ্যতাৰ নিদৰ্শন৷
The Bhimbetka rock shelters are an archaeological site of the Paleolithic, exhibiting the earliest traces of human life on the Indian subcontinent, and thus the beginning of the South Asian Stone Age. It is located in the Raisen District in the Indian state of Madhya Pradesh.
- ভীমবৰ দেউৰীbhim.bor deu.riProper Noun
ভীমবৰ দেউৰীৰ জন্ম হয় ১৯০৩ চনৰ ১ মে’ত শিৱসাগৰ জিলাৰ পানীদিহিং অঞ্চলৰ বৰগাঁৱত৷ তেখেতৰ পিতৃৰৰ নাম আছিল গদাৰাম দেউৰী আৰু মাতৃৰ নাম আছিল বাজং দেউৰী৷ নিজৰ ওকালতি জীৱনৰ লগতে ভীমবৰ দেউৰীয়ে বিভিন্ন জনহিতকৰমূলক কামো কৰি গৈছিল৷তেখেতে উপলব্ধি কৰিছিল যে অসমৰ থলুৱা অনগ্ৰসৰ জনগোষ্ঠী(বড়ো,মিছিং,ৰাভা,তিৱা,দেউৰী,কাৰ্বি,মৰাণ,মটক,সোণোৱাল,কছাৰী আদি) বোৰক একত্ৰিত কৰি সকলোৰে উন্নতিৰ ব্যৱস্থা কৰিলেহে সমগ্ৰ অসমৰ উন্নতিয়ে পূৰ্ণতা পাব৷ সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ ১৯৩৩ৰ ১৭ এপ্ৰিলত নগাঁও জিলাৰ ৰহাত অসমৰ সকলো জনগোষ্ঠীৰ এক সন্মিলন অনুষ্ঠিত কৰে৷এই সন্মিলনক ইতিহাসত “Assam Backward plains Tribal League”(ইয়াক চমুকৈ Tribal league নামেৰেও জনা যায়৷)নামেৰে জনা যায়৷অসমৰ ভূমি-পুত্ৰ জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতি সাধনেই আছিল এই লীগৰ প্ৰধান উদ্দেশ্য৷এই লীগৰ সাধাৰণ সম্পাদকৰুপে ভীমবৰ দেউৰীয়ে একেৰাহে ১৩ বছৰ কাল কাৰ্য্যনিৰ্বাহ কৰিছিল৷এই লীগৰ তাগিদাৰ প্ৰতি সহাঁৰি জনায়েই ভাৰত চৰকাৰে অসম বিধানসভাৰ ১০৮ খন আসনৰ ৫ খন আসন জনজাতিসকলৰ বাবে সংৰক্ষৰণৰ ব্যৱস্থা কৰে৷ ১৯৪৬ চনত তেখেতে গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীৰুপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷
A Social and political leader of early 20th century of Assam. He was minister of Gopinath Bordoloi ministry in 1946.
- ভীমসেনbhīmasenaNoun
দ্বিতীয় পাণ্ডব; ভীমৰ এটা নাম
a name of Bhīma
- ভীমাকাৰbhīmākāraNoun
"ভিণ্ডাকাৰ" চোবাঁ।
- ভীমৰতিbhim.ro.tiAbstract Noun
বুঢ়া মানুহৰ মতিভ্ৰম৷ বুঢ়া মানুহৰ কামভাব৷
Sexual urge of old age persons. Mental deformity of old age persons.
- ভীমৰাজbhīmarājaNoun
ক'লা বা ঘন-নীল বৰণীয়া ফেঁহু জাতিৰ চৰাই
a species of the bird-of-paradise
- ভীষ্মbhis.moProper Noun
মহাভাৰতৰ অন্যতম শক্তিশালী চৰিত্ৰ৷ তেওঁ কৌৰৱ-পাণ্ডৱ উভয়ৰে ককাক আছিল৷ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ সেনাপতি হোৱাৰ সময়ত তেওঁৰ বয়স আছিল ১২৬ বছৰ৷ তেওঁ নিজৰ পিতৃৰ স্বাৰ্থত ওৰেটো জীৱন অবিবাহিত হিছাপে অতিবাহিত কৰিছিল৷
One of the strongest characters of the Mahabharata. He was the grandfather of both the Pandavas and the Kauravas. Bhishma, who was Commander-in-Chief of the Kaurava forces in the Mahabharata war, was 126 years old at the time. He lived a pure celibate life, making a great sacrifice for the sake of his father.
- ভীষ্ম-পৰ্ব্বbhīṣma-parbbaNoun
মহাভাৰতৰ এটা ভাগ
a book of the Mahābhārata
- ভীষ্মকbhīṣmakaNoun
বিদৰ্ভ দেশৰ ৰজা ৰুক্মিণীৰ পিতৱ
the father of Rukminī, the king of Vidarbha
- ভীৰbhirAbstract Noun
একে ঠাইত অস্বাভাৱিকভাৱে গোট খোৱা এক সমূহ বা তেনে কৰা কাৰ্য্য।
abnormal accumulation or obstruction, esp. of traffic etc.
- ভীৰুতাbhi.ru.taAbstract Noun
সাহ পিত নথকা, সহজে হাৰ মনা৷
lack of or lacking courage.
- ভুbhuAbstract Noun
সংযোগৰ জৰিয়তে আহৰণ কৰা বা পোৱা কোনো নিৰ্দ্দিষ্ট ঘটনা বা অৱস্থা বিষয়ক জ্ঞান
Knowledge of specific events or situations that has been gathered or received by communication
- ভু-ভটংbhu-bho.tongAbstract Noun
কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|
A knowledge or understanding of something hidden.
- ভু-ভাbhu-bhāNoun
বা-বাতৰি; খবৰ-পাতি
information or slight understanding
- ভুঁই তিতাbhu~i ti.taCommon Noun
গুল্ম জাতীয় গছ বিশেষ৷
The Hill glory bower, is a perennial shrub belonging to the family Lamiaceae, also sometimes classified under Verbenaceae. It is the type species among 400 species of Clerodendrum.