কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাৰীগণna.ri.gonCommon Noun
সমুদায় অৰ্থত মহিলা বা নাৰী সকল৷
collectively all women in general.
- নাৰীজাতিna.ri.ja.tiCommon Noun
সমুদায় অৰ্থত মহিলা বা নাৰী সকল৷
collectively all women in general.
- নাৰীত্বna.rit.toAbstract Noun
নাৰীৰ অৱস্থা, চৰিত্ৰ আৰু গুণসমূহ।
state, character and qualities of women.
- নাৰীবাদna.ri.badAbstract Noun
নাৰীৰ সুৰক্ষা, সমতা, ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰৰ বাবে গঢ়ি উঠা মতবাদ আৰু আন্দোলন৷
Feminism is a range of movements and ideologies that share a common goal: to define, establish, and achieve equal political, economic, cultural, personal, and social rights for women.
- নাৰীবাদীna.ri.ba.diAbstract Noun
নাৰীবাদৰ প্ৰৱক্তা আৰু অনুগামীসকল৷ নাৰীৰ সুৰক্ষা, সমতা, ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰৰ বাবে গঢ়ি উঠা মতবাদ আৰু আন্দোলননেই নাৰীবাদ৷
Followers of feminism. Feminism is a range of movements and ideologies that share a common goal: to define, establish, and achieve equal political, economic, cultural, personal, and social rights for women.
- নাৰীমুক্তিna.ri.muk.tiAbstract Noun
নাৰীসকলৰ অধিক সামাজিক সুবিধা আৰু সম অধিকাৰৰ বাবে হোৱা আন্দোলন।
a series of campaigns for reforms on issues such as reproductive rights, domestic violence, maternity leave, equal pay, women`s suffrage, sexual harassment and sexual violence.
- নাৰেংগীna.reng.giProper Noun
গুৱাহাটী মহানগৰীৰ পূব প্ৰান্তত থকা উল্লেখযোগ্য স্থান৷
An important place in eastern part of Guwahati city.
- নাৰেংবালীnārembālīNoun
ক'লা, চাউল ওলোবা এবিধ ধানৰ নিচিনা বন
a kind of grass
- নাৰেঙাnāreṅāNoun
সুমথিৰা টেঙা।
- নাৰেঙ্গীna.reng.giProper Noun
গুৱাহাটী মহানগৰীৰ পূব প্ৰান্তত থকা উল্লেখযোগ্য স্থান৷
An important place in eastern part of Guwahati city.
- নাৰ্চnarsCommon Noun
চিকিৎসালয়ত ৰোগীক চোৱা-চিতা কৰা চাকৰিজীৱী পৰিসেৱিকা৷
A woman trained to care for the sick or disabled, especially one educated in the scientific basis of human response to health problems and trained to assist a physician.
- নাৰ্চাৰিnar.sa.riAbstract Noun
গুটিৰ পৰা গছ পুলি কৰি তাক প্ৰতিপালন আৰু বিক্ৰি কৰা প্ৰতিষ্ঠান ৷
A place where plants are grown for sale, transplanting, or experimentation.
- নাৰ্ছিংহোমnar.sing.ho``mMaterial Noun
পইচা দি চিকিৎসা আৰু যত্ন পাব পৰা ব্যক্তিগত চিকিৎসালয়৷
a private hospital where patients pay, live and are cared for.
- নাৰ্জীnārjīNoun
গেন্ধাই-ফুল
the marigold; calendula officinalis
- নাৰ্জী ফুলnar.ji phulCommon Noun
A plant with bright yellow or orange or golden flowers
- নাৰ্জী-ফুলnārjī-phulaNoun
গেন্ধাই-ফুল
the marigold; calendula officinalis
- নাৱিকna.bikCommon Noun
Member of a ship's crew, esp. the one below the rank of officer
- নাৱৰীয়াna.wo.ri.yaCommon Noun
নাও বাই নিয়া লোক, নাও-চলোৱা মানুহ ।
A person who provides transport buy boat.
- নিংকৰাniṅkarāNoun
পঁইতাচোৰাৰ সদৱশ এবিধ পানীত থকা অলপ সৰু আৰু পখৰা গাৰে এবিধ পোক
a variety of cockroach
- নিঃপালীnih.pa.liAbstract Noun
টোপনিৰ অতি গভীৰ অৱস্থা৷ এনে টোপনিৰ পৰা কাৰোবাক জগাবলৈ বৰ কঠিন৷
A state of sleep when it is very difficult to awaken