কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খেচ্খেচনিNoun
খেচ্খেচ্ কৰা কাৰ্য্য।
- খেচ্খেচনিkhes.khe.so.niAbstract Noun
গৰিহণা বা লাঞ্ছনা দিয়া ভাষাৰে কোৱা আক্ৰমণাত্মক কথা।
assailment with contemptuous or opprobrious language.
- খেচৰkhecaraNoun
চৰাই; পখী
a bird
- খেছাৰতkhechārataNoun
ক্ষতিপূৰণ
compensation
- খেজালনিkhe.ja.lo.niVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- খেজুৰkhejuraNoun
খাজুৰি; এবিধ গছ আৰু তাৰ গুটি
date tree; dates
- খেজ্ মতkhej, mataNoun
আনৰ তলত কৰা কাম বা চাকৰি
service
- খেটমেটkhet.metAbstract Noun
ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।
A state or act of enmity for political, economic, or social reasons usually without physical violence.
- খেটেংkheṭemNoun
খটং।
- খেটেং-মেটেংkheṭem-meṭemNoun
হেঁকেচ-কেঁচ; অলপীয়া দন্দ; বাচ্যা- বাচ্যি
a friction; a slight quarrel; an altercation
- খেট্-মেট্kheṭ-meṭNoun
খেটেং-মেটেং; বস্ত্তৰ দাম-দৰ লৈ হোবা কেৰ্জেৰ বা বিবাদ
altercation; haggling; quarrelsome bargaining
- খেণkheṇaNoun
মুহূৰ্ত্ত; খন্তেক
a short time
- খেতkhetaNoun
পখাৰ
field
- খেতিkhetiNoun
কৱষি-কাৰ্য্য; শস্য-আৰ্জ্জন বা উপাৰ্জ্জন
agriculture; cultivation
- খেতি-খোলাNoun
খেতি কৰা কাৰ্য্য বা বৱত্তি
agriculture and other operations connected with it
- খেতি-পথাৰkhe.ti-po.tharMaterial Noun
a land suitable for or where various grain or vegetables are cultivated
- খেতি-বাতিNoun
ৰোবা-তোলা আৰু বোবা-কটা কৰা কাৰ্য্য
agriculture and weaving and other connected work
- খেতিয়কNoun
খেতি কৰা মানুহ; কৱষক
a cultivator
- খেতোkhetoPronoun
কোনো; কোনো কোনো; দুই-এক
some
- খেতৰkhetaraNoun
এজাতি ভূত [এইবিলাকে সৰু ল'ৰা ছোবালীক কষ্ট দিয়ে বুলি কোনো লোকে বিশ্বাস কৰে]
an evil spirit supposed to possess or attack little children