কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অনবদ্যanabadyaAdjective
নিৰ্দ্দোষ; হৱদয়গ্ৰাহী
faultness; irreproachable
- অনবীকৰণীয়o.no’.bi.ko.ro.ni.yoVerbal Adj.
যাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি
which can not be used more than once
- অনবৰProper Adj.
একেৰাহে বহুত সময় ধৰি চলি থকা|
Uninterrupted in time and indefinitely long continuing.
- অনবৰতanabarataAdjective
ছেদ-ভেদ নথকা; সদায় হৈ থকা; নিৰন্তৰ; অবিৰাম; . ক্ৰি. বিণ. নেৰা-নেপেবাকৈ; সদায়; অজস্ৰ; ধিবান নোহোবাকৈ
ceaseless ; ceaselessly; continuously
- অনভিজাতProper Adj.
উচ্চ বা অভিজাত বংশৰ নহয়
not aristocratic, not born of a good family
- অনভিজ্ঞanabhijñaAdjective
নজনা; দেখি শুনি বোধ নোহোবা; বহুদৰ্শিতা নথকা
ignorant; inexperienced
- অনভিজ্ঞতাProper Adj.
সীমিত বা শূন্য অভিজ্ঞতা থকা৷
the state of having no or limited experience
- অনভিপ্ৰেতanabhipretaAdjective
সম্মতি বা ইচ্ছা নথকা; ইচ্ছানুযায়ী নোহোবা; অপ্ৰিয়; অমনোনীত
not intended; not desired
- অনভিভূতProper Adj.
যি অভিভূত বা বিহ্বল হোৱা নাই।
being not overwhelmed with
- অনভ্যস্তanabhyastaAdjective
অভ্যাস নোহোবা। বি. অনভ্যাস অভ্যাসৰ অভাব।
- অনমনীয়o.no.mo.ni.yoProper Adj.
নিজৰ কাম বা মতত স্থিৰ হৈ থকা বা সলনি কৰিব নোখোজা।
Tenaciously unwilling or firmly continuing in one's action or opinion despite advice.
- অনম্বৰo.nom.borProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering
- অনম্ৰProper Adj.
যি নম্ৰ নহয়
not polite or courteous
- অনলঙ্কৃতo.no.long.kri.toProper Adj.
সচৰাচতে থকা অলংকাৰসমূহ নথকা৷
without the usual furnishings, contents
- অনলপ্ৰভProper Adj.
অগ্নিৰ দৰে দ্ৰুতি যাৰ
one possessing the luster of fire
- অনলসo.no.loxProper Adj.
বহু কষ্ট আৰু যত্নৰে কাম কৰিব পৰা
able to or carry out work with great labour or effort
- অনস্বীকাৰ্যanasbīkāryaAdjective
অবশ্য-স্বীকাৰ্য
undeniable
- অনস্বীকাৰ্য্যo.no.si.kar.jyoProper Adj.
যিটো নিশ্চয়কৈ হ’ব; বিশ্বাসযোগ্যতা, স্বভাৱ, ক্ৰিয়া আদি সম্পৰ্কে কোনো সন্দেহ নথকা
destined to happen; free from doubt as to the reliability, character, action, etc., of something
- অনস্বৰo.no.sworProper Adj.
যাক ধ্বংস কৰিব নোৱাৰি |
Something which can not be destroyed.
- অনা-কটাo.na-ko.taVerbal Adj.
নকটাকৈ বা এখনীয়াকৈ তাঁতত বৈ উলিওৱা
woven in handloom as one piece, without being cut