কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাৰদালিNoun
নাৰদ মুনিৰ দৰে টুটকীয়াৰ স্বভাব বা গুণ
the character of a tale-bearer
- নাৰদী সম্প্ৰদায়nāradī, sampradāẏaNoun
এটা মহাপুৰুষীয়া সম্প্ৰদায়
a sect of worshippers of Viṣṇu
- নাৰাচnārācaNoun
একেবাৰত অনেক মানুহ বধ কৰা এবিধ বৰ চোকা শব্দ
a very sharp arrow
- নাৰাচৰnārācaraNoun
এবিধ ঔষধ
a kind of medicine
- নাৰায়ণnārāẏaṇaNoun
বিষ্ণু; আদি-পুৰুষ
Viṣṇu, considered the Supreme Being existing before the creation of all worlds
- নাৰায়ণপুৰna.ra.yon.purProper Noun
অসমৰ লখিমপুৰ জিলাৰ এখন উল্লেখযোগ্য ঠাই৷
An important place of Lakhimpur district of Assam
- নাৰায়ণীna.ra.ya.niProper Noun
হিন্দু বিশ্বাস অনুসৰি ধন সম্পত্তিৰ দেৱী৷ ভগৱান বিষ্ণুৰ পত্নী৷
the goddess of wealth according to Hindu faith. Wife of Lord Vishnu and daughter of Lord Shiva and Parvati, thus sister of Ganesh and Saraswati.
- নাৰায়ণী সেনাNoun
দুৰ্য্যোধন নৱপতিক সহায় কৰিবলৈ দিয়া শ্ৰীকৱষ্ণৰ সংশপ্তক সৈন্যবাহিনী
an army in the service of Kṛṣṇa lent to King Duryodhana in the battle of Kururkṣetra
- নাৰিকলnārikalaNoun
এবিধ তাল জাতিৰ গছ আৰু তাৰ ফল
the cocoanut (the tree or the fruit); cocos nucifera
- নাৰিকল লাড়ুna.ri.kol la.ru.Material Noun
নাৰিকলৰ গুৰিৰ সৈতে চেনীৰ ৰস মিহলাই তৈয়াৰ কৰা এবিধ লাড়ু৷
a laddu made up of coconut powder mixed with sugar syrup.
- নাৰিকলগছna.ri.kol.gosCommon Noun
নাৰিকল উৎপাদন কৰা এবিধ তামোল-জাতীয় উদ্ভিদ।
a palm tree producing coco-nut.
- নাৰিকলী বগৰীnārikalī, bagarīNoun
অলপ দীঘলীয়া নাৰিকলৰ গঢ়ৰ এজাতি বগৰী
a variety of plum
- নাৰিকলৰ লাড্ডুna.ri.ko.lor lad.duMaterial Noun
ৰুকা নাৰিকলৰ মিঠা লাড়ু।
A sweet ball of grated coconut.
- নাৰিকলৰ লাড়ুna.ri.ko.lor la.ruMaterial Noun
ৰুকা নাৰিকলৰ মিঠা লাড়ু।
A sweet ball of grated coconut.
- নাৰিকাnārikāNoun
"নাড়িকা" চোবাঁ; যেনে-"পোন্ধৰ লঘুবে নাৰিকা এক। দণ্ডো তাক বোলে জানা প্ৰত্যেক" (মিশ্ৰ-গীতা)।
- নাৰীnārīNoun
স্ত্ৰী; তিৰোতা।
- নাৰী-ধৰ্ষণnārī-dharṣaṇaNoun
তিৰোতাৰ ওপৰত বলাত্কাল
rape
- নাৰী-পৰ্বnārī-parbaNoun
কুৰুক্ষেত্ৰৰ যুদ্ধত মৰা বীৰবিলাকৰ তিৰোতাসকলৰ শোক-বিলাপৰ কথা লিখা মহাভাৰতৰ এটা পৰ্ব্ব বা ভাগ
a division of the Mahābhārata
- নাৰী-পৰ্ব্বnārī-parbbaNoun
কুৰুক্ষেত্ৰৰ যুদ্ধত মৰা বীৰবিলাকৰ তিৰোতাসকলৰ শোক-বিলাপৰ কথা লিখা মহাভাৰতৰ এটা পৰ্ব্ব বা ভাগ
a division of the Mahābhārata
- নাৰী-সম্ভোগna.ri-xom.bho`gVerbal Noun
পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur.