কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সাঙ্গীয়াsāṅgīẏāAdjective
দুজন বা তাতকৈ অধিক লোকেহে বৈ নিৰ পৰা; এজন লোকে কানতকৈ নিব নোবৰা
capable of being carried on the shoulder not by one but by two or more persons
- সাঙ্ঘাতিকsāṅghātikaAdjective
প্ৰাণ নাশ কৰা; মাৰাত্মক; নাশকাৰী
fatal; deadly
- সাজুsājuAdjective
কোনো কামৰ নিমিত্তে তৈয়াৰ বা প্ৰস্ত্তত; সষ্টম
ready or prepared to do something
- সাজুকsājukaAdjective
আন এটাৰে সৈতে একে জোখ বা পৰিমাণৰ
the exact measure of proportion
- সাজৈতsājaitaAdjective
কোনো বস্ত্ত সজাত বা প্ৰস্ত্তত কৰাত নিপুণ; পাকৈত; অতি শীঘ্ৰে সাজিব পৰা
skilful; dexterous; clever
- সাজোsājoAdjective
সদ্যহতে বা এতিয়াই প্ৰস্ত্তত কৰা; বাহী নোহোবা
not stale or kept over night
- সাজোনমতীxa.jo`n.mo.tiProper Adj.
সাজোন কাচোন কৰি ভাল পোৱা ছোৱালী৷
The girl who is very stylish.
- সাতsātaAdjective
ছয় আৰু এক
seven
- সাত-চাৰsāta-cāraAdjective
সাত গুণে বেছি; অনেক গুণে বঢ়া
surpassing; exceding
- সাত-জুতলীয়াsāta-jutalīẏāAdjective
বহুত; ভালেমান; যেনে-"সাত-জুতলীয়া সৰু"
much
- সাত-পুৰুষীয়াsāta-puruṣīẏāAdjective
সাতাম্-পুৰুষীয়া; সাত পুৰুষৰ দিনৰ।
- সাতচল্লিশsātacalliśaAdjective
সাত অধিক চল্লিশ
- সাতচাৰxat.sarProper Adj.
অনেক গুণে বেছি (ভাল বা বেয়াৰ ক্ষেত্ৰত)৷
of a large amount or high degree.
- সাতত্ৰিশsātatriśaAdjective
সাত অধিক ত্ৰিশ বা ডেৰকুৰি; একুৰি সোতৰ
thirty-seven
- সাতদিনীয়াxat.di.ni.yaProper Adj.
সপ্তাহত বা সাত দিনৰ মূৰত এবাৰ হোৱা
Happening once a week or every seven days
- সাতষষ্ঠিsātaṣaṣṭhiAdjective
তিনি কুৰি সাত; ছয় দহ আৰু সাত
sixty-seven
- সাতসত্তৰsātasattaraAdjective
তিনি কুৰি সোতৰ; সাত দহ আৰু সাত
seventy-seven
- সাতাইশsātāiśaAdjective
সাত অধিক কুৰি; একুৰি সাত
- সাতাম পুৰুষীয়াxa.tam pu.ru.xi.yaProper Adj.
পিতা-পিতামহৰ পৰা পোৱা অথবা তেওঁলোকৰ সমন্ধীয়
obtaining from or related to one's forefathers
- সাতামপুৰুষীয়াsātāmapuruṣīẏāAdjective
সাত পুৰুষৰ দিনৰ; বহু-পুৰুষীয়া; পুৰণি- কলীয়া
ancestral; ancient