কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অনভ্যস্তanabhyastaAdjective
অভ্যাস নোহোবা। বি. অনভ্যাস অভ্যাসৰ অভাব।
- অনমনীয়o.no.mo.ni.yoProper Adj.
নিজৰ কাম বা মতত স্থিৰ হৈ থকা বা সলনি কৰিব নোখোজা।
Tenaciously unwilling or firmly continuing in one's action or opinion despite advice.
- অনম্বৰo.nom.borProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering
- অনম্ৰProper Adj.
যি নম্ৰ নহয়
not polite or courteous
- অনলঙ্কৃতo.no.long.kri.toProper Adj.
সচৰাচতে থকা অলংকাৰসমূহ নথকা৷
without the usual furnishings, contents
- অনলপ্ৰভProper Adj.
অগ্নিৰ দৰে দ্ৰুতি যাৰ
one possessing the luster of fire
- অনলসo.no.loxProper Adj.
বহু কষ্ট আৰু যত্নৰে কাম কৰিব পৰা
able to or carry out work with great labour or effort
- অনস্বীকাৰ্যanasbīkāryaAdjective
অবশ্য-স্বীকাৰ্য
undeniable
- অনস্বীকাৰ্য্যo.no.si.kar.jyoProper Adj.
যিটো নিশ্চয়কৈ হ’ব; বিশ্বাসযোগ্যতা, স্বভাৱ, ক্ৰিয়া আদি সম্পৰ্কে কোনো সন্দেহ নথকা
destined to happen; free from doubt as to the reliability, character, action, etc., of something
- অনস্বৰo.no.sworProper Adj.
যাক ধ্বংস কৰিব নোৱাৰি |
Something which can not be destroyed.
- অনা-কটাo.na-ko.taVerbal Adj.
নকটাকৈ বা এখনীয়াকৈ তাঁতত বৈ উলিওৱা
woven in handloom as one piece, without being cut
- অনা-চৰকাৰীona.sor.ka.riProper Adj.
কোনো চৰকাৰী বা প্ৰসাশনিক কৰ্ত্তৃত্বৰ অধীনত নোহোৱা
not pertaining to an office or position of duty, trust, or authority
- অনাকটাanākaṭāAdjective
নকটাকৈ তাঁতৰপৰা বৈ উলিওবা।
- অনাকাংক্ষিতo.na.kang.khi.toProper Adj.
যি কাম বা ঘটনা কৰাটো বা ঘটাটো উচিত নহয়৷
Something which is not welcome or acceptable
- অনাক্ষৰo.na.khyorProper Adj.
যি লিখা পঢ়া কৰিব নাজানে৷
unable to read and write
- অনাক্ৰান্তVerbal Adj.
যি আক্ৰান্ত হোৱা নাই
that which is not been affected
- অনাখৰীo.na.kho.riProper Adj.
যি লিখা পঢ়া কৰিব নাজানে৷
unable to read and write
- অনাগতanāgataAdjective
অনুপস্হিত; ভবিষ্যৎ
absent, future
- অনাঘ্ৰাতanāghrātaAdjective
যাৰ গোন্ধ লোবা হোবা নাই
what has not been smelt before
- অনাচাৰীAdjective
দুৰাচাৰী; অধাচাৰী; নিয়ম-নীতি নমনা
violating moral, religious or social rules