কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্ধ্যাতৰাxon.dhya.to.raProper Noun
সৌৰজগতৰ দ্বিতীয় গ্রহ যাক গধুলী আৰু পুৱাৰ সময়ত পশ্চিম আকাশত উজ্জলকৈ দেখা যায়
the planet second in order from the sun
- সন্নাহsannāhaNoun
ৰণুবাই পিদ্ধা জাখৰ; কবচ
an armour
- সন্নিকটsannikaṭaNoun
নিচেই নিকট; অতি ওচৰ; যেনে-"মোক কোনে ডাকে বুলি সন্নিকটে যাওঁ" (কৱষ্ণ-গীতা)
nearness; proximity
- সন্নিকট জোৰাNoun
সন্নিকট সন্ধি বা জোৰা
সন্নিকট সন্ধি বা জোৰা
- সন্নিকট সন্ধিNoun
সন্নিকট সন্ধি বা জোৰা
সন্নিকট সন্ধি বা জোৰা
- সন্নিকৰ্ষsannikarṣaNoun
ওচৰ চপা; নিকটলৈ ওহা
proximity
- সন্নিধানsannidhānaNoun
ওচৰ; সমীপ; যেনে-"ভিন্ন ভৈল বুদ্ধি মোৰ বিষ্ণু-সন্নিধানে" (কীৰ্ত্তন)
proximity
- সন্নিধিsannidhiNoun
ওচৰ; যেনে-"সন্নিধি মাত্ৰকে পাপ হৰয় সমস্ত" (ৰত্নাবলী)।
- সন্নিপাতsannipātaNoun
মৰণান্তিক ৰোগৰ দ্বাৰা হোবা জ্ঞানৰ পৰিবৰ্ত্তন; বিকাৰ; বায়ু, পিত্ত, কফ আদিব বিকাৰৰ- পৰা হোবা সাংঘাতিক জ্বৰ; . বিণ. সান্নিপাতিক।
delirium
- সন্নিপাত জ্বৰxon.ni.pat jorAbstract Noun
অন্ত্ৰত হোৱা এবিধ জীৱাণুজনিত মাৰাত্মক ৰোগ।
a infectious, fatal disease that attacks intestines. it is characteristics includes inflammation in intestines.
- সন্নিপাত ৰোগxon.ni.pat ro`gAbstract Noun
অন্ত্ৰত হোৱা এবিধ জীৱাণুজনিত মাৰাত্মক ৰোগ।
a infectious, fatal disease that attacks intestines. it is characteristics includes inflammation in intestines.
- সন্নিহিত কোণxon.ni.hi.to ko`nAbstract Noun
দুটা ওচৰা-ওচৰি কোন, যাৰ এটা বাহু ঐমৈহতীয়া আৰু শীৰ্ষ কোন একেটা।
Adjacent angles are angles that have a common ray coming out of the vertex going between two other rays, i.e., they are angles that are side by side, or adjacent.
- সন্নিৱেশxon.ni.bexAbstract Noun
মাজত সুমুৱাই দিয়া কাৰ্য
the action of putting sb/sth inside or in the middle of sth.
- সন্ন্যাসsannyāsaNoun
সংসাৰৰ সুখ আৰু লেঠা এৰি ঈশ্বৰ চিন্তা কৰা কাৰ্য্য; বৈৰাগ্য; চাৰি আশ্ৰমৰ শেষৰটো
ascetic life
- সন্ন্যাসীxon.nya.xiCommon Noun
ধৰ্মীয় নীতি-নিয়ম কঠোৰভাৱে পালন কৰি সংসাৰ ত্যাগী ধাৰ্মিক লোক।
member of a religious community of men living under vows.
- সন্মতিxon.mo.tiAbstract Noun
আনে কৰা বা প্ৰস্তাৱ কৰা কামৰ প্ৰতি সহমত
compliance in or approval of what is done or proposed by another
- সন্মানxon.manAbstract Noun
প্ৰশংসাসূচক এক বিশিষ্ট অনুভূতি, য’ত কাৰোবাক এক অতি উচ্চ আসনত ৰখা হয়
A feeling of appreciative, often deferential regard
- সন্মানহানিxon.man.ha.niAbstract Noun
সন্মান বা যশৰ ক্ষতি; মান বা যশ হেৰুওৱা অৱস্থা
Loss of honour, respect, or reputation. The condition of having lost honour or good repute.
- সন্মিলনxon.mi.lonAbstract Noun
কোনো ৰাজনৈতিক দল, সংগঠন বা সংস্থাৰ সদস্য বা প্ৰতিনিধি সকলৰ বিশেষ উদেশ্যৰে আহ্বান কৰা সভা ।
an assembly or meeting of large number of attendees organized for a specific purpose.
- সন্মিলনীxon.mi.lo.niAbstract Noun
কোনো ৰাজনৈতিক দল, সংগঠন বা সংস্থাৰ সদস্য বা প্ৰতিনিধি সকলৰ বিশেষ উদেশ্যৰে আহ্বান কৰা সভা ।
an assembly or meeting of large number of attendees organized for a specific purpose.