কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিঙ্গৰাśiṅgarāNoun
মূৰ জোঙা আৰু চেপেটা, পিঠিত এটা আৰু দুগালে একোটা ডাঙৰ কাঁইট, আৰু মুখত ডাঁঢি থকা, গাত বাকলি নথকা, গোটা-সজীয়া এবিধ ঈষৎ হালধীয়া বগা সৰু মাছ [গাৰ দুফালে দুটা ক'লা আঁচ থাকে।]; . [ঈষৎ ক'লা-বগা বৰণৰ ডাঙৰ আকাৰৰ ইয়াৰ আৰু এজাতি আছে, তাক লালোবা- শিঙৰা বোলে; আৰু এজাতি নিচেই সৰু আছে, তাক গঁঠীয়া, ঘটিয়া বা বিহু-শিঙৰা বোলে; ই ফুটিলে বৰ বিষে ধৰে।]।
a kind of fish; macrones cavasius tengra ; (macrones vittatus)
- শিঙ্গৰিśiṅgariNoun
অলপ ডাঙৰ-বহল, দীঘলীয়া কাঁচি-দঁড়ীয়া পাতেৰে এবিধ ওখ ডাঙৰ বনৰীয়া গছ [সৰু সৰু কাঁইটেৰে ঢাক খাই থকা ঢোপৰ ভিতৰত বাদামৰ নিচিনা প্ৰায় ঘূৰণীয়া গুটি ধৰে; তাৰ শাহটো কেঁচাই বা ভাজি খাবলৈ বৰ ভাল; ইয়াৰ পাতেৰে বিৰি-চিগাৰেট তৈয়াৰ হয়।]; . [ইয়াৰ আৰু দুজাতি আছে; যেনে- ভবা-শিঙনি ইয়াৰ পাতবিলাক বৰ বহল; ; ফুল-শিঙৰি ইয়াৰ পাত সৰু, গুটি প্ৰায়ে নধৰে।]
the wide chestnut; castenopsis indica ; quercus laneifolia ; castenopsis tribuloides
- শিঙ্গৰি-ঘৰśiṅgari-gharaNoun
আহোম ৰজা পোন প্ৰথমে ৰাজ- পাটত উঠোঁতে ব্যবহাৰ কৰা চাং-ঘৰ
the coronation tower specially erected for and used by the Āhom Rājās
- শিঙৰাśiṅarāNoun
মূৰ জোঙা আৰু চেপেটা, পিঠিত এটা আৰু দুগালে একোটা ডাঙৰ কাঁইট, আৰু মুখত ডাঁঢি থকা, গাত বাকলি নথকা, গোটা-সজীয়া এবিধ ঈষৎ হালধীয়া বগা সৰু মাছ [গাৰ দুফালে দুটা ক'লা আঁচ থাকে।]; . [ঈষৎ ক'লা-বগা বৰণৰ ডাঙৰ আকাৰৰ ইয়াৰ আৰু এজাতি আছে, তাক লালোবা- শিঙৰা বোলে; আৰু এজাতি নিচেই সৰু আছে, তাক গঁঠীয়া, ঘটিয়া বা বিহু-শিঙৰা বোলে; ই ফুটিলে বৰ বিষে ধৰে।]।
a kind of fish; macrones cavasius tengra ; (macrones vittatus)
- শিঙৰিśiṅariNoun
অলপ ডাঙৰ-বহল, দীঘলীয়া কাঁচি-দঁড়ীয়া পাতেৰে এবিধ ওখ ডাঙৰ বনৰীয়া গছ [সৰু সৰু কাঁইটেৰে ঢাক খাই থকা ঢোপৰ ভিতৰত বাদামৰ নিচিনা প্ৰায় ঘূৰণীয়া গুটি ধৰে; তাৰ শাহটো কেঁচাই বা ভাজি খাবলৈ বৰ ভাল; ইয়াৰ পাতেৰে বিৰি-চিগাৰেট তৈয়াৰ হয়।]; . [ইয়াৰ আৰু দুজাতি আছে; যেনে- ভবা-শিঙনি ইয়াৰ পাতবিলাক বৰ বহল; ; ফুল-শিঙৰি ইয়াৰ পাত সৰু, গুটি প্ৰায়ে নধৰে।]
the wide chestnut; castenopsis indica ; quercus laneifolia ; castenopsis tribuloides
- শিঙৰি-ঘৰśiṅari-gharaNoun
আহোম ৰজা পোন প্ৰথমে ৰাজ- পাটত উঠোঁতে ব্যবহাৰ কৰা চাং-ঘৰ
the coronation tower specially erected for and used by the Āhom Rājās
- শিচśicaNoun
গোঁসাই বা মহন্তৰপৰা যি ধৰ্ম্মৰ উপদেশ আৰু দীক্ষা-মন্ত্ৰ আদি লয়; শিষ্য
one who receives religious instruction; a disciple
- শিছśichaNoun
গোঁসাই বা মহন্তৰপৰা যি ধৰ্ম্মৰ উপদেশ আৰু দীক্ষা-মন্ত্ৰ আদি লয়; শিষ্য
one who receives religious instruction; a disciple
- শিঞ্জনśiñjanaNoun
যুগুৰা, নূপুৰ আদিৰ জন্জননি।
- শিঞ্জিনীśiñjinīNoun
নূপুৰ।
- শিটা (-ঠা)śiṭā, (-ṭhā)Noun
কোনো বস্ত্তৰ ৰস চেপি উলিওবা জাবৰ
dregs
- শিতগুড়ি (-ৰি)śitaguṛi, (-ri)Noun
বৰ মিহি গুৰি
a very fine powder
- শিতানśitānaNoun
চাৰি-পাটী বা শয্যাৰ মূৰ দিয়া ফাল
the head of a bed
- শিথিলতাxi.thi.lo.taAbstract Noun
কৰ্মফল তাৰ কাৰকতকৈ পিছ পৰি থকা অৱস্থা; বিশেষকৈ এনে এক পৰিঘটনা, য’ত কোনো চৌম্বকীয় পদাৰ্থৰ চুম্বকীয় আৱেশ পৰিৱৰ্তিত চুম্বকীয় ক্ষেত্ৰখনতকৈ পিছ পৰি থাকে।
the lagging of an effect behind its cause; especially the phenomenon in which the magnetic induction of a ferromagnetic material lags behind the changing magnetic field
- শিপাśipāNoun
শিয়া; গছ আদি উদ্ভিদৰ গুৰিৰপৰা ওলোবা সূতা বা ঠাৰিৰ নিচিনা দীঘলীয়া মূল
the fibrous roots of any tree or vegetables
- শিপিনীśipinīNoun
ব'ব-কাটিব জনা তিৰোতা; তাঁতৰ কামৰ পাকৈত মাইকী মানুহ
a woman skilled in weaving and spinning
- শিপিৱিষ্টxi.pi.bis.toProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- শিপ্ৰাxip.raProper Noun
মধ্য প্ৰদেশৰ উজ্জ্বয়িনীৰ ওচৰত চম্বল নদীৰ শাখা৷
Part of Chambal river in Ujjwavini in Madhya Pradesh, India
- শিফাৰুহxi.pha.ruhCommon Noun
one of the species of Ficus, also known as Bengal fig, Indian fig, East Indian fig, Indian Banyan, endemic to Bangladesh, India and Sri Lanka.It produces prop roots which grow downwards as slender vine. Once these roots reach the ground, they take root and grow into woody trunks that can become indistinguishable from the main trunk.
- শিবśibaNoun
মহাদেব; হিন্দুৰ তিনিজনা প্ৰধান দেবতাৰ ভিতৰত সংহাৰ কৰোঁতাজনা
the element of destruction and defined as one of the Hindu trinity