কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কেপ্কেপা, কেব্ কেবাkepkepā, keb, kebāIntransitive verb
অবাবত অধিক কথা ক; বি. কেপ্কেপনি, কেব্কেবনি কেপ্কেপোবা কাৰ্য্য।
- কেবকেবাkeb.ke.baVerb-Intran.
নিৰৱচ্ছিন্ন ভাৱে অৰ্থহীন কথা ক
to speak non-stop without logic and consistency.
- কেবাVerb-Trans.
কিনা-বেচাৰ বাবে বস্তুৰ মূল্য বা অন্য চৰ্ত্তৰ বিষয়ে আলোচনা কৰ্
Discuss the terms of a sale persistently
- কেমনেkemaneAdverb
কি উপায়ে
how
- কেলেইkeleiAdverb
কি নিমিত্তে; কি কাৰণে
for what reason; why; wherefore
- কেলৈke.loiAdverb
কি উদ্দেশ্যত বা কিহৰ বাবে
For what purpose, reason, or cause
- কেশহীন কৰ্kex.hin korVerb-Trans.
to remove hair from the skin
- কেশাকেলীVerbal Noun
এটাই আনটোৰ চুলিত ধৰি টনা কাৰ্য ৷
the act of pulling one another by the hair.
- কেশাকৰ্ষণVerbal Noun
চুলিত ধৰি টনা কাৰ্য
to pull on hair
- কেহা কৰ্; কেহা লগা; কেহা লাগ্; কেহাVerb root
যেনে-মুখখন কেহালে।
- কেহালি-কেন্দেলিVerbal Noun
কোনো এক সময়ত এটা কাম কৰিবৰ থিৰাং কৰি আকৌ পিচলৈ ৰখা কাৰ্য্য; এবাৰ কামলৈ আগবাঢ়ি আকৌ পাচলৈ যোৱা কাৰ্য্য।
The act of procrastinating; putting off or delaying or deferring an action to a later time.
- কেহেলৈke.he.loiAdverb
কোন ঠাইলৈ যাব সুধিবলৈ ব্যৱহাৰ কৰা শব্দ
an interrogative adverb to ask the direction in which one is going
- কেৰ-মেৰker-merVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- কেৰঘেহাঁker.ghe.h~aVerb-Intran.
সন্দিহান হৈ ৰৈ দিয়া; কিং-কৰ্ত্তব্য-বিমূঢ় হৈ আগবাঢ়িব নোৱাৰা।
pause in doubt; unable to proceed becuase not sure what/how to do.
- কেৰচীয়া দি, কেৰচীয়া বাছ্keracīẏā, di, keracīẏā, bāchIntransitive verb
কাপোৰৰ আগত এডোখৰ বানি নোবোবাকৈ এৰি, তাত অগীয়া-বগীয়াকৈ এগছ সূতা সূমাই বৈ দি; যেনে-"আগত কেৰচীয়া দিয়া চেলেং বা ৰুমাল।"
- কেৰচীয়া দেke.ro.si.ya deVerb-Trans.
বোৱা কাপোৰৰ আগ বা আঁচলত এচোৱাত পথালি সূতা (বাণি) নোবোৱাকৈ ৰাখি পাতলীয়াকৈ দুই-এডাল সূতা সুমোৱাই বৈ দে
to leave a portion at the tip of a hand-woven cloth without weaving breadth-wise and then weaving a few threads loosely thereafter
- কেৰচীয়া বাছ্ke.ro.si.ya basVerb-Trans.
বোৱা কাপোৰৰ আগ বা আঁচলত এচোৱাত পথালি সূতা (বাণি) নোবোৱাকৈ ৰাখি পাতলীয়াকৈ দুই-এডাল সূতা সুমোৱাই বৈ দে
to leave a portion at the tip of a hand-woven cloth without weaving breadth-wise and then weaving a few threads loosely thereafter
- কেৰজেৰ কৰ্ker.jer korVerb-Trans.
কিনা-বেচাৰ বাবে বস্তুৰ মূল্য বা অন্য চৰ্ত্তৰ বিষয়ে আলোচনা কৰ্
Discuss the terms of a sale persistently
- কেৰমেচা খা, কেৰ্মেচা দিVerb root
মেচা হৈ কেৰ্মেৰ্ কৰ্
to move or shake in a tortuous manner
- কেৰাহিকৈke.ra.hi.koiAdverb
এচুকৰপৰা আন চুকলৈ ।
joining opposite corners of a rectangle, square or other figure.