কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কনিষ্টবলkaniṣṭabalaNoun
পুলিচ বিভাগৰ নিচেই তলৰ কৰ্ম্মচাৰী।
constable
- কনিষ্ঠ আঙুলিko.nis.tho a.ngu.liMaterial Noun
হাত বা ভৰিৰ আটাইতকৈ সৰু আঙুলি, যিটো বুঢ়া আঙুলিৰ পৰা আটাইতকৈ আঁতৰত
the smallest finger that is farthest from the thumb
- কনিষ্ঠ-আঙুলিkaniṣṭha-āṅuliNoun
কেয়াঁ আঙুলি
the little finger
- কনিয়াkaniẏāNoun
বিয়াৰ কন্যা; বিয়াৰ পাত্ৰী
a bride
- কনিয়ালkaniẏālaNoun
এবিধ অস্ত্ৰ; যেনে-"হনুমন্তে উপাৰি লৈলন্ত তৰু শালে। ইন্দ্ৰজিতে কাটিলেক দশ কনিয়ালে" (মা.ক., সুন্দৰাকাণ্ড)
an arrow
- কনীনিকাko.ni.ni.kaMaterial Noun
চকুৰ ৰংযুক্ত অংশ৷
Circular coloured membrane behind the cornea of the eye, with a circular opening (pupil) in the center.
- কনোৰkanoraNoun
ঠেক, দীঘলীয়াস জোঙা পাতেৰে আৰু গুৰি ফালে চুঙাৰ নিচিনা, হালধীয়া বৰণৰ এবিধ বাৰীত হোবা ফুল, [ইয়াৰ গছৰপৰা বগা এঠা ওলায়; ইয়াক কোনোবে গছ-কৰবী বোলে]।
- কনৌজko.noujProper Noun
উত্তৰ প্ৰদেশৰ এখন জিলা আৰু উষাৰ সদৰ৷ পৌৰাণিক নাম কন্যাকুব্জ৷ হৰ্ষবৰ্ধন সাম্ৰাজৰ ৰাজধানী।
A city, administrative headquarters and a municipal board or Nagar Palika Parishad in Kannauj district in the Indian state of Uttar Pradesh.
- কনৌৰkanauraNoun
ঠেক, দীঘলীয়াস জোঙা পাতেৰে আৰু গুৰি ফালে চুঙাৰ নিচিনা, হালধীয়া বৰণৰ এবিধ বাৰীত হোবা ফুল, [ইয়াৰ গছৰপৰা বগা এঠা ওলায়; ইয়াক কোনোবে গছ-কৰবী বোলে]।
- কন্কননিNoun
কন্কন্ শব্দ কৰা কাৰ্য্য।
- কন্কন্kankanNoun
সৰু, শুকান আৰু টান বাঁহ, কাঠ আদিত অলপ আঘাত কৰিলে বা মৰিয়ালে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by striking a hard and dry bamboo or wood or a piece of metal or metallic vessel; tinkling sound
- কন্ছাৰ্টkanchārṭaNoun
বিবিধ বাদ্য-যন্ত্ৰৰ ঐক্যতান।
concert
- কন্থাkon.thaMaterial Noun
দুতৰপ কাপোৰৰ মাজত কপাহ ভৰাই তৈয়াৰ কৰা শোঁওতে গাত লোৱা জাৰ-কাপোৰ
a bedding item made with two layers of cloth filled with stuffing
- কন্দkandaNoun
গছৰ মূল
the root of a tree
- কন্দলkandalaNoun
খৰিয়াল; বিবাদ; দ্বন্দ্ব; বিৰোধ
a quarrel; a dispute
- কন্দলীকুসুমCommon Noun
পাতল ঠাৰিৰ শীৰ্ষত ছাতিৰ আকৃতিৰ টুপি-সদৃশ অংশ থকা এবিধ ভেঁকুৰ। ইহঁতৰ কিছুমান প্ৰকাৰ খাদ্যৰূপেও গ্ৰহণ কৰা হয়।
Any of various fleshy fungi of the class Basidiomycota, characteristically having an umbrella-shaped cap borne on a stalk, especially any of the edible kinds, as those of the genus Agaricus.
- কন্দা-কটাkandā-kaṭāNoun
চিয়ঁৰ-বাখৰ; বৰকৈ কন্দা-কাৰ্য্য
crying; screaming
- কন্দুকkandukaNoun
ধেমালি কৰা ঢোপ; যেনে-"কনক কন্দুক হাতেঃ খেলাবে গোপিনী-নাথেঃ নব ঘন জিনি তনু ৰাজে" (বৰগীত)
a ball to play with
- কন্দুকেশ্বৰkon.du.ke.sworProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- কন্দুলা বাঘkon.du.la baghCommon Noun
a subspecies of tiger primarily found in India and Bangladesh.