কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফৰমাpharamāNoun
অলপ দ-চানেকীয়া মাটিত শালিধানৰ নিচিনাকৈ ৰোবা এবিধ আহুধান
a kind of transplanted āhu paddy
- ফৰমাচpharamācaNoun
কোনো বস্ত্ত সাজিবলৈ বা যোগাবলৈ আগেয়ে কৰা অনুৰোধ
an order to supply a thing
- ফৰমাছpharamāchaNoun
কোনো বস্ত্ত সাজিবলৈ বা যোগাবলৈ আগেয়ে কৰা অনুৰোধ
an order to supply a thing
- ফৰমানpharamānaNoun
হুকুম, ৰাজাজ্ঞা; যেনে-"গোবিন্দৰ ফৰমান নিকটে মিলাবে জান" (বৰগীত)।
- ফৰমুটিpharamuṭiNoun
আঘাত কৰিবলৈ বা গছৰ গুটি পাৰিবলৈ দূৰৰপৰা মাৰি পঠিওবা এডোখৰ মাৰি
a missile thrown by the hand
- ফৰাচীpharācīNoun
ফ্ৰান্স দেশৰ মানুহ
a Frenchman
- ফৰাচী দেশpho.ra.si dexProper Noun
পশ্চিম ইউৰোপৰ এখন দেশ।
France, officially the French Republic, is a unitary sovereign state comprising territory in western Europe and several overseas regions and territories.
- ফৰিংpharimNoun
এজাতি পাখি-লগা কীট
a grasshoper
- ফৰিংছিটিকাpho.ring.si.ti.kaVerbal Noun
পলোৱা বা সাৰি যোৱা কাৰ্য্য।
the act of fleeing/escape.
- ফৰিংতলিpharintaliNoun
বাও বা শালি ধান কৰিবৰ অনুপযুক্ত বাম মাটি
dry land fit for highland crop
- ফৰিঙাphariṅāNoun
বাঘধেনু বা ছিটিকা ওফৰাবলৈ লগোবা কিটিপ কজক
a trigger
- ফৰিঙা-জাহ্phariṅā-jāhNoun
ফৰিঙৰ আপোন ইচ্ছাৰে জুইত পৰি মৰা কাৰ্য্য; আপোন ইচ্ছাৰে কৰা প্ৰাণ-নাশক কাৰ্য্য; দুঃসাহস
a rash fatal act deliberately undertaken
- ফৰিঙ্গাpho.ri.ngaMaterial Noun
কাৰ্ফাই ধনু বা হিলৈৰ ঘোঁৰা ওফৰোৱা যতন |
A small projecting tongue in a firearm that, when pressed by the finger, actuates the mechanism that discharges the weapon.
- ফৰিষ্টাpho.ris.taCommon Noun
যাদুকৰী শক্তি থকা, টেঙৰ আৰু বুদ্ধিমান সৰু মানৱৰূপী এক কাল্পনিক অস্তিত্ব।
A tiny imaginary being in human form, depicted as clever, mischievous, and possessing magical powers.
- ফৰিয়াদীphariẏādīNoun
"গুচৰীয়া" চোবাঁ।
- ফৰ্দphardaNoun
তালিকাৰ কাকত; বস্ত্ত আদিৰ নাম লিখা কাকত
a list
- ফৰ্দ্দpharddaNoun
তালিকাৰ কাকত; বস্ত্ত আদিৰ নাম লিখা কাকত
a list
- ফৰ্মformMaterial Noun
আৱেদন-পত্ৰ আদিৰ কাৰণে নিজৰ বিৱৰণ লিখিব পৰা উকা ঘৰ থকা কোনো নথি-পত্ৰ৷
a document with blank spaces to be filled in with particulars before it is executed.
- ফৰ্মাpharmāNoun
ছপা কাগজৰ এক তাও [তাত চাৰি, আঠ, বাৰ, ষোস এইদৰে কেবাপিঠি হব পাৰে]
a sheet of printed paper divided into four, eight, etc., pages; format
- ফৰ্মানpharmānaNoun
আদেশ; হুকুম
a decree; an order