কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘৰুৱা নিলগীয়াকৰণAbstract Noun
কিবা বস্তু বা কোনোবাক অকলে এটা ঘৰত বা কোঠাত নিলগাই ৰখা ব্যৱস্থা
keeping someone or something alone in home; during the period of covid pandemic the persons that came into the contact of covid infected people or came from another country were kept in the home isolation.
- ঘৰোবাহgharobāhaNoun
গোটেই পৰিয়ালে; একে পৰিয়ালত থকা সকলো মানুহ
a whole family
- ঘৰোৱাহgho.o`.wahAbstract Noun
একেটা পৰিয়ালৰ সকলো মানুহ
each and every member of the entire family
- ঘৰ্ঘৰghargharaNoun
চকৰি বা ঘূৰণীয়া বস্ত্ত বে গৰে ঘূৰিলে হোবা শব্দ
an imitative word used to express the sound produced by wheels in rapid motion
- ঘৰ্ঘৰণিNoun
ঘৰ্ঘৰ্ কৰা কাৰ্য্য; অক. ধা. ঘৰ্ঘৰা।
- ঘৰ্ঘৰিকাghor.gho.ri.kaMaterial Noun
জৰীৰে গাঁথি ল’ৰা বা তিৰোতাক পিন্ধোৱা সৰু জুনুকাৰ মালা|
A girdle of small bells.
- ঘৰ্মgharmaNoun
ঘাম; তাপৰ কাৰণে গাৰপৰা ওলোবা ৰস
perspiration
- ঘৰ্ম গ্ৰন্থিNoun
ঘৰ্ম গ্ৰন্থি
ঘৰ্ম গ্ৰন্থি
- ঘৰ্মঘণ্টghor.mo.ghon.toAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- ঘৰ্ম্মgharmmaNoun
ঘাম; তাপৰ কাৰণে গাৰপৰা ওলোবা ৰস
perspiration
- ঘৰ্ষকghor.xokMaterial Noun
কোনো বস্তুৰ পৰা ৰং বা চাল এৰুৱাবলৈ ব্যৱহৃত খহটা হাথিয়াৰ
A object used to clean or scrape other objects
- ঘৰ্ষণgharṣaṇaNoun
ঘঁহা কাৰ্য্য; ঘঁহনি; ঘঁহন; মাজন; পিহন
the act of rubbing; friction
- ঘৰ্ষণ-দীপ্তিNoun
ঘৰ্ষণ-দীপ্তি
ঘৰ্ষণ-দীপ্তি
- ঘৰ্ষণক্ষয়Abstract Noun
স্থায়ী আক্ৰমণ বা হেঁচাত কিবা এটা বস্তুৰ শক্তি বা ফলপ্ৰসূতা ক্ৰমান্বয়ে হ্ৰাস কৰাৰ কাৰ্য বা প্ৰক্ৰিয়া
the act or process of gradually reducing the power or effectiveness of something under continuous attack or pressure
- ঘৰৰ কামAbstract Noun
কোনো শিক্ষানুস্থানৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীক ঘৰত কৰিবলৈ দিয়া কাম৷
Tasks that students are assigned to do outside at home.
- ঘৱণাghawaṇāNoun
ঘিণ।
- ঘৱতghawataNoun
ঘিউ
ghee; clarified butter
- ঘৱত-কুমাৰীghawata-kumārīNoun
চাল-কুঁবৰী।
- ঘৱতাচীghawatācīNoun
এক অপেছৰাৰ নাম
the name of a nymph
- ঘৱতাহুতিghawatāhutiNoun
ঘিউৰে দিয়া আহুতি; মন্ত্ৰ পঢ়ি হোমৰ জুইত ঘিউ দিয়া কাৰ্য্য
the act of pouring ghee into a sacrificial fire