কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কনক সেন ডেকাko.nok sen de.kaProper Noun
Kanak Sen Deka is the President of Assam Sahitya Sabha for 2005-09 and the editor of Dainik Agradoot, one of the oldest and popular Assamese daily.
- কনক-চম্পাkanaka-campāNoun
চঁপা জাতিৰ এবিধ গছ আৰু তাৰ সোণ বা হালধীয়া বৰণৰ ফুল [গছৰ পাতৰ এপিঠিত হালধীয়া অতি ক্ষুদ্ৰ ক্ষুদ্ৰ নোম থাকে]
a kind of flower; Ochna squarrosa
- কনক-ধুতুৰাkanaka-dhuturāNoun
এবিধ ধুতুৰা গছ; যেনে-হাঁইঠা ডথাৰে ভেৰা কনক ধুতুৰা এৰা (কিৰাতপৰ্ব্ব)।
- কনকচম্পাko.nok.som.paCommon Noun
এবিধ চিৰসেউজ গছ৷ ইয়াৰ বগা আৰু হালধীয়া দুইধৰণৰ ফুল দেখা যায়৷ গীষ্ম আৰু বৰ্ষা কালত ইয়াৰ ফুল ফুলিবলৈ ধৰে৷ ফুলবোৰ সুগন্ধযুক্ত৷ ভাৰতবৰ্ষত ইয়াৰ বিভিন্ন প্ৰকাৰ পোৱা যায়৷
Champa is an evergreen tree, native to South Asia and Southeast Asia. It is best known and cultivated for its strongly fragrant yellow or white flowers. It is also cultivated for timber and in urban landscaping. Its aril-covered seeds are highly attractive to birds. This fragrance has made Champa flowers very popular and they have been part of the culture in India from time immemorial. They are used in religeous offering in various parts of India. On a warm humid night, the scents can easily be enjoyed several hundred feet away. Champa flowers are used to make the world's most expensive perfume 'Joy' in America. Flowering period: June - August.Fruiting period: September - November
- কনকাচলko.noka.solProper Noun
পৃথিৱীৰ মেৰুদণ্ডৰ আটাইতকৈ উত্তৰৰ বিন্দু
The northernmost point of the earth's axis of rotation
- কনকাঞ্জলিkanakāñjaliNoun
প্ৰতিমা-বিসৰ্জ্জনৰ সময়ত অঞ্জলিৰে অৰ্পণ কৰা সোণ, চাউল আদি বস্ত্ত
- কনক্-ধুতূৰাko.nok-dhu.tu.raCommon Noun
a herb of a genus of 12-15 species of vespertine flowering plants belonging to the family Solanaceae, containing many toxic chemicals that induce hallucinations and delusion on the taker. It is also used in ayurvedic medicnes.
- কনকৰ্ডkon.kordProper Noun
এসময়ত এয়াৰ বাছ কোম্পানীৰ দ্বাৰা নিৰ্মিত, বৰ্তমানে ব্যৱহাৰ বন্ধ হোৱা, শব্দতকৈ বেগী এক শ্ৰেণীৰ যাত্ৰবাহী বিমান৷
a kind of supersonic aircraft produced by 'AIRBUS'. These air-crafts are now no more in use.
- কনছাৰ্টcon.sertAbstract Noun
সংগীত আৰু/বা বাদ্যযন্ত্ৰৰ ৰাজহুৱা পৰিৱেশন৷
A performance of music by players or singers not involving theatrical staging.
- কনফাৰেঞ্চkanaphāreñcaNoun
সভা; আলোচনা-সভা
conference
- কনা-শিমলুkanā-śimaluNoun
অলপ দীঘল-বহল পাতেৰে মাটিত বগোবা এবিধ ক্ষুদ্ৰ বন [ইয়াৰ আঠা চকুৰ আজিনাইত লগায়]
a kind of medicinal herb
- কনাইkanāiNoun
সন্তান স্বৰূপে বা সন্তান কামনা কৰি তোলনি-বিয়াৰ দিনা কন্যা-কাল হোবা ছোবালীৰ কোলাত, আৰু শান্তি-বিয়াৰ দিনা, কনিয়াৰ কোলাত দিয়া টোপোলা [তোলনি-বিয়াত গোট খোবা মইকীসকলে ছোবালীজনীক ধন দান কৰি তাইৰ লগত টোপোলাটো কোলাত দিয়া-দিই কৰে; একে ঠেঙুলিতে লাগি থকা পাঁচোটা যজ্ঞডিমৰুগুটি বা কেঁচা তামোল, চুলি বা দূবৰি কেইটামান, আৰু আৰৈ চাউল দুটামান, তামোলৰ আঙনিত সোণ আৰু পোবাল-মণি এধাৰি পিন্ধাই দি গামোচাৰে টোপোলাটো বান্ধে; কন্যাকাল হ'বৰ দিনাই কনাইটো বান্ধি দুণৰিত সজাই থয় আৰু বিয়াৰ দিনা তাকো নোবায়; ধৰম বিয়াৰ দিনা ছোবালী কন্যাকাল হ'লে তিনি দিনৰ মূৰত কনাইটো দৰাৰ ঘৰলৈ জামিনী-স্বৰূপে পঠাই দিয়ে-পাছে ধনসোণ দি আকৌ তাক ঘূৰাই দিয়ে]
a bundle representing the symbol of a future child containing areca-nuts, etc., placed on the lap of a girl on the day of her marriage or ceremony celebrating her attainment of puberty
- কনাই-মলখুkanāi-malakhuNoun
এবিধ বৰ ভাল চাউল হোবা ধান
a kind of paddy
- কনামকৰা নদীko.na.mo.ko.ra no.diProper Noun
মানাহ নদীৰ পশ্চিমে এখন নদী৷
A river in Assam, flowing west of famous Manah river.
- কনাশিমলুko.na.xi.mo.luCommon Noun
বহল পাতেৰে মাটিত বগোৱা এবিধ বন ।
a perennial herb native to tropical Asia and Africa identified by its bright purple flower
- কনাসিমলাko.na.xi.mo.laCommon Noun
বহল পাতেৰে মাটিত বগোৱা এবিধ বন ।
a perennial herb native to tropical Asia and Africa identified by its bright purple flower
- কনাৰিkanāriNoun
নহৰু বা বন-নহৰুৰ গছৰ নিচিনা কিন্ত্ত তাতকৈ অনেক-গুণে দীঘল-বহল পাতেৰে এবিধ বগা সুগন্ধি ফুল [ইয়াৰ মাটিৰপৰা জপ্ জপীয়া হৈ পাত ওলায় আৰু তাৰেপৰা ফুলৰ ঠাৰি মেলি ফুল ধৰে; ৰজনীগন্ধা ফুলৰ দৰে গধূলি বৰ গোন্ধ ওলায়]
a kind of sweet-scented lily
- কনিko.niMaterial Noun
মানুহকে আদি কৰি স্তন্যপায়ী প্ৰাণীসমূহ, কিছুমান চৰাই আৰু সৰিসৃপৰ মতাটোৰ জননাংগ ৷ স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত পুৰুষাংগটোৱে মূত্ৰস্থলীৰ পৰা মূত্ৰনলীৰ সহায়ত মূত্ৰ নিষ্কাশন কৰে আৰু প্ৰজননৰ সময়ত শুক্ৰবীজ কঢ়িয়াই আনে ৷
The male reproductive organ of mammals and some reptiles and birds. In mammals, the penis contains the urethra, which carries urine from the bladder and releases sperm during reproduction.
- কনিপকাProper Noun
সাধাৰণতে নখৰ চুকত হোৱা এবিধ বেমাৰ ৷
A disease that inflammation in a corner of nail.
- কনিষ্কko.nis.koProper Noun
কুষান-ৰাজ কনিষ্ক (১২৭-১৫১ খ্ৰী)ৰাজনৈতিক আৰু আধ্যাত্মিক কামকাজৰ বাবে ইতিহাসৰ নমস্য ব্যক্তি৷
The emperor of the Kushan dynasty in 127–151AD famous for his military, political, and spiritual achievements.