কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কিটিৰাkiṭirāAdjective
চূটি চাপৰ আৰু বাঢ়িব নোবৰা; গিজিৰা
stunted
- কিট্কিটীয়াkiṭkiṭīẏāAdjective
অলপতে খং উঠা স্বভাবযুক্ত; খিংখিঙীয়া
peevish
- কিতকিতাProper Adj.
বেচি টান
very hard
- কিনাki.naVerbal Noun
The act of buying something. Obtained by the payment of money or its equivalent
- কিবাkibāAdjective; Pronoun
নজনা; নিশ্চয় নোহোবা; বুঞ্জিব নোবৰা
some uncertain (thing)
- কিমানkimānaAdjective
কি সংখ্যাৰ; কি পৰিমাণৰ
how much; how many
- কিম্বদন্তিমূলকProper Adj.
কাহিনীৰ জৰিয়তে অতি বিখ্যাত
very famous through stories
- কিম্ভুত কিমাকাৰkim.bhut ki.ma.karProper Adj.
যিটো স্বাভাৱিক বা সাধাৰণ নহয়
something which is not normal
- কিম্ভূত-কিমাকাৰkimbhūta-kimākāraAdjective
আপচু; বিপৰীত আৰু কদৰ্য্য আকৱতিৰ; অদ্ভূত আৰু কুৎসিত ৰকমৰ
queer; odd
- কিলাকুটীয়াAdjective
হাত ভিৰালে কিলাকুটিৰ যি আকাৰ হয় সেই নিচিনা; চুকীয়া; ৰেঁকোৰা; কোণৰ আকৱতিৰ
elbow-shaped; angular
- কিস্তিখিলাপkistikhilāpaAdjective
কিস্তিমতে দিব নোবৰা (জৰিমনা, ৰাজহ আদি)
not paid according to fixed instalments
- কিহবাই পোবাAdjective
ভূত-পিশাচে গাত লম্ভা
possessed by evil spirit
- কিয়তki.yotProper Adj.
সকলো নহয়, অনিৰ্দিষ্ট সংখ্যক
not all, being an undetermined or unspecified one
- কিয়ৎkiẏatAdjective
কিছু; অলপ (দিন কাল); . ক্ৰি. বিণ. কিয়ৎ পৰিমাণে
some ; slightly
- কিৰণ্ময়ীProper Adj.
যি আন্ধাৰত পোহৰ দিব পাৰে।
(something) which gives out light in the dark.
- কিৰাধাৰীkirādhārīAdjective
ক্ৰিয়া-ধৰীয়া; ব্ৰতী; বৰতী।
- কিৰিংkirimAdjective
ওখ টিং থকা (পৰ্ব্বত)
high-peaked
- কিৰ্ কিৰীয়াkir, kirīẏāAdjective
ক্ষীণ; গা-পাতল; লাহি
thin; slender
- কিৰ্কিয়াkir.ki.yaProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- কিৰ্তিমkirtimaAdjective
আচল নোহোবা; ভাঁজ থকা; মিছা; নকলী; সজা
fictiitous; counterfeited; not genuine