কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শাপভ্ৰষ্টxa.po.bhros.toVerbal Adj.
শাপৰ ফলত ভ্ৰষ্ট বা নষ্ট হোৱা, অথবা শাও লাগি হীন অৱস্থাত পৰা বা হীন জন্ম লোৱা
fallen from a high position in consequence of a curse
- শাপ্śāpTransitive verb
লোকৰ অমঙ্গল কামনা বা চিন্তা কৰ্; শাও দি
to curse
- শালśālaNoun
পোলোঙা আৰু ওখ ডাঙৰ এবিধ সুকাঠী গছ [ইয়াৰ কাঠ অলপ ক'লা বৰণৰ আৰু বৰ টান।]
the sāl tree; Shorea robusta
- শালত দেxa.lot deVerb-Trans.
মাটিত থিয়কৈ পোতা জোঙা বাঁহ বা ধাতুৰ শাল বা গোটা মাৰি শৰীৰৰ মাজেদি জোৰকৈ সুমুৱাই দি শাস্তি দে
to pierce with a sharpened stake thrust up through the body, as for torture or punishment
- শাল্xalVerb-Trans.
দুটা বস্তুৰ মাজত কাঠ বা বাঁহৰ খুটি বা আন বস্তু হেঁচি সুমুৱাই দে; যেনেঃ কোৰখন শাল্, কঁঠালটো শাল্
to secure with or as if with a wedge
- শাসকীয়xa.xo.ki.yoProper Adj.
শাসনত থকা কোনো দল বা ব্যক্তি ৷
Some party or person who is in the ruling seat.
- শাসন কৰ্xa.xon korVerb-Trans.
নিয়ন্ত্ৰণ কৰ্ বা প্ৰভু্ত্ব প্ৰকাশ কৰ্
command, control, be the most influential or obvious
- শাস্তি বিহ্xas.ti bihVerb-Trans.
শাস্তি বিধান কৰ্ অৰ্থাত্ দোষ বা অপৰাধৰ বাবে উপযুক্ত শাস্তি নিৰ্দ্ধাৰণ কৰ্
to inflict a penalty for (an offense, fault, etc.)
- শাৰী পাত্xa.ri patVerb-Intran.
এটাৰ পাছত আনটোকৈ একেডাল ৰেখাত থিয় দে বা বহি থাক্ (বিশেষকৈ কোনো সেৱা গ্ৰহণ কৰাৰ উদ্দেশ্যে)
to stand or sit in a line one after another (specially to receive certain service)
- শাৰীৰিকভাৱেxa.ri.rik.bha.beAdverb
ভৌতিক বা দৈহিক অৱস্থাৰ জৰিয়তে।
with regard to the physical state.
- শাৰ্śārIntransitive verb
পানীৰ ওপৰলৈ উঠি উশাহ ল (মাছ)
to rise above the surface of water to breathe (said of fish)
- শিং কাঢ়xing karhVerb-Trans.
জীৱ জন্তুৰ শিং আঁতৰাই, উঠুৱাই দিয়া।
removing the horns of cattle.
- শিকাśikāTransitive verb
শিক্ষা দি; কোনো বিষয়ে জ্ঞান দি; . কৱদ
to teach
- শিক্śikTransitive verb
বুজ্; জান্; চেষ্টা কৰি কোনো জ্ঞান আৰ্জ্
to learn
- শিক্ষা দেxik.khya deVerb-Trans.
to teach somebody or to provide schooling.
- শিক্ষাদান কৰxik.khya.dan korVerb-Trans.
to teach somebody or to provide schooling.
- শিথিল কৰ্xi.thil korVerb-Trans.
বান্ধ মুকলি কৰি সোলোক-ঢোলোক কৰ্
To make or become loose or reduce tightness
- শিপাśipāNoun
শিয়া; গছ আদি উদ্ভিদৰ গুৰিৰপৰা ওলোবা সূতা বা ঠাৰিৰ নিচিনা দীঘলীয়া মূল
the fibrous roots of any tree or vegetables
- শিবিৰ পাত্xi.bir patVerb-Trans.
অস্থায়ী ভাৱে থাকিবলৈ তম্বু/ঘৰ সাঁজ ৷
Establish or set up a tent for temporary shelter.
- শিলাśilāNoun
শিল
stone