← ফুৰি যাওক

শাল

śāla

অৰ্থ

1.

পোলোঙা আৰু ওখ ডাঙৰ এবিধ সুকাঠী গছ [ইয়াৰ কাঠ অলপ ক'লা বৰণৰ আৰু বৰ টান।]

the sāl tree; Shorea robusta

বি.

2.

শ'ল মাছৰ নিচিনা কিন্ত্ত তাতকৈ ডাঙৰ দীঘল, নীলা-ক'লীয়া বৰণৰ আৰু গাত চকৰ থকা এবিধ কাঠ মাছ

a kind of fish; Ophiocephalus marulius

বি.

3.

এমূৰ-জোঙা চুটি খুঁটি; ডাঙৰ শূল

a spike; a wedge

বি.

4.

দুটা বস্ত্তৰ মাজত শাল বা আন বস্ত্ত ঠাহি সুমাই কট্কটীয়া বা টানকৈ লগ লগা; যেনে-"কোৰ শাল্; লোটা শাল্"

to fasten or join tightly

সক. ধা.

5.

গাড়ীৰ চকাৰ পিঠিয়াৰ ওপৰত টানি মেৰাই লগোবা চেপেটা লোৰ চকৰি

the iron plate encircling the rim of a wheel

বি.

6.

পেটত লুকাই ৰকা হিংসা ভাব

a grudge that is secretly harboured

বি.

7.

কাপোৰ আদি ব'বলৈ কৰা কাঠ বা লোৰ সঁজুলি; যেনে-"তাঁত-শাল"। অক. ধা. হিংসা কৰ্; যেনে-"তই মোক শত্ৰু শালিলি"

to behave as an enemy; to take revenge

বি.

8.

ঘৰ, কাম কৰা বা থকা ঠাই, নতুবা কোনো কাম কৰা যতন; যেনে-কমাৰ-শাল; নাও-শালি; কিঁহিয়াৰ-শাল, ইত্যাদি।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ