কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বতহিয়াbatahiẏāIntransitive verb
বতাহৰ দৰে যেনি তেনি যা; উদ্দেশ্যহীন হৈ ফুৰ বা সময় কটা
to spend days aimlessly
- বতাহ খাbo.tah khaVerb-Intran.
মুকলি ঠাইত নিৰ্মল বায়ু সেৱন কৰি আনন্দ ল
to enjoy free and clean air in an open place
- বদতিbadatiTransitive verb
কয়
says
- বদনাম কৰbod.nam korVerb-Trans.
speak ill of someone to destroy his or her reputation
- বদলাbo.do.laVerb-Trans.
বৰ্ত্তমানে থকা অৱস্থা বা ভৱিষ্যতে অকলশৰীয়াকৈ ৰাখিলে থাকিব লগীয়া অৱস্থাতকৈ কোনো বস্তুৰ ৰূপ, স্বভাৱ, গাঁথনি আদি বেলেগ কৰ্
To make the form, nature, content, future course, etc., of something different from what it is or from what it would be if left alone.
- বদলি কৰ্bo.do.li korVerb-Intran.
নিজৰ স্থান সলনি কৰ্
to change physical location or position
- বদল্bo.dolVerb-Trans.
বৰ্ত্তমানে থকা অৱস্থা বা ভৱিষ্যতে অকলশৰীয়াকৈ ৰাখিলে থাকিব লগীয়া অৱস্থাতকৈ কোনো বস্তুৰ ৰূপ, স্বভাৱ, গাঁথনি আদি বেলেগ কৰ্
To make the form, nature, content, future course, etc., of something different from what it is or from what it would be if left alone.
- বধbodhVerbal Noun
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷
The act of terminating a life forcefully by someone.
- বধ কৰ্bodh korVerb-Trans.
কাৰোবাৰ জীৱন নাশ কৰা।
to end the life of somebody.
- বধযোগ্যbodh.jo`.gyoVerbal Adj.
বধ কৰিবৰ যোগ্য
fit to be killed
- বধাইbadhāiIntransitive verb
আনন্দ ধ্বনি কৰ্; যেনে-"কেহো নৱত্য কৰে কেহো আনন্দ বধাব" (মা. ক., অযোধ্যাকাণ্ড)।
- বধাবbadhābaIntransitive verb
আনন্দ ধ্বনি কৰ্; যেনে-"কেহো নৱত্য কৰে কেহো আনন্দ বধাব" (মা. ক., অযোধ্যাকাণ্ড)।
- বধ্badhTransitive verb
প্ৰাণ নাশ কৰ্; প্ৰাণ মাৰ্ বা হত কৰ্
to kill
- বন লগাbana, lagāTransitive verb
প্ৰথমতে বন কৰিবলৈ অৰ্থাৎ হাল বা নাঙল টানিবলৈ শিকা (ম'হ আৰু গৰু)
to break in, as an animal
- বনকাbanakāTransitive verb
ওপৰত লা লগাই চক্চকীয়া কৰ্; হেঙুল-হাই- তালেৰে কাম কৰ্
to cover with a coating of lac; to varnish
- বনাbanāIntransitive verb
উৰ্; আকাশত উৰি ঘুৰি ফুৰ্
to soar about in the air
- বনি লTransitive verb
কোনো এটা কাৰণৰ আশ্ৰয় কৰ্; লেচু ল
to be the primary cause (as of a disease)
- বনিয়াbaniẏāTransitive verb
সেৰেঙা কৰ্; যিমান হ'ব লাগে সিমান পাতল কৰ্
to thin out, as plants
- বনিয়েbaniẏeIntransitive verb
ৰচনা কৰি, শোভা পাই, যেনে-"ময়ুৰ মুকুট শিৰে বনিয়ে" (বৰগীত)।
- বন্টন কৰ্bon.ton korVerb-Trans.
কোনো উদ্দেশ্য আগত ৰাখি দে
to give something for a purpose