কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢুকাই যাdhu.kai jaVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- ঢুক্ḍhukIntransitive verb
প্ৰবেশ কৰ্; সোমা; যেনে-"বোলো মই তান গৱহে ঢুকো কোন ছলে" (শঙ্কৰ-চৰিত)
to enter
- ঢুল ঢুলḍhula, ḍhulaAdverb
বেছিকৈ মূৰ দুপিয়াই; যেনে-"কাসে ঢুল ঢুল সৰি গৈল চুল" (বৰগীত)।
- ঢুলাḍhulāTransitive verb
লাহে লাহে চামৰেৰে বিচ্; চোঁবৰেৰে বা দি; যেনে-"বৰ সিংহাসনত উঠি বজা হয়, চামৰেৰে ঢুলায়" (বুৰঞ্জী)
to fan mildly with a chowry
- ঢুল্ḍhulIntransitive verb
পাছ ফালৰপৰা আগ ফাললৈ আৰু আগ ফালৰপৰা পাছ ফাললৈ গা সঞ্চালিত কৰ্
to rock to and fro; to swing the body backward and forward
- ঢেক্ঢেকাIntransitive verb
বৰকৈ হাঁহ্
to laugh loudly
- ঢেলা পৰ্dhe.la porVerb-Intran.
to lose brightness or vividness of color
- ঢেৰাḍherāTransitive verb
বহুত গোটা বা আৰ্জ্জ; বিস্তৰ আৰ্জ্জ; সৰহকৈ সাঁচ্
to earn in heaps; to accumulate
- ঢেৰাই-মেৰাইḍherāi-merāiAdverb
দুখ বা ভাগৰত বাগৰি বা শুই পৰি
(to drop or lie down) with fatigue
- ঢোঁহোৰ-মোহোৰdho`~.ho`r-mo`.ho`rVerbal Adj.
চুলি আদি আউল বা গাঁঠি লগা৷
tangled, intertwined or matted roots.
- ঢোঁহ্ḍhom̐hTransitive verb
আঁত নিবিচৰাকে এনেয়ে এঠাইত ধৰি টানি উলিয়া; যেনে-"ঘৰৰ খেৰ টুঁহিছে"
to draw out in a disorderly manner, as straw, or thread
- ঢোক গিল্dhok gilVerb-Intran.
জুলীয়া পদাৰ্থ বা লালটি মুখ-গহ্বৰৰ পৰা খাদ্যনলীৰে ভিতৰলৈ নিয়া
to swallow a quantity of a liquid or saliva
- ঢোকা-ঢোকেVerb; Noun
বহুত ঢোকা কৰি; এঢোকাৰ পাছত এঢোকাকৈ
draught after draught
- ঢোকাঢোকে পোনী খাVerb-Trans.
পিয়াহত বা আঁতুৰত প্ৰয়োজনতকৈ অধিক পানী খা
to drink more than enough water due to thirst or downing
- ঢোকোৰাই, ঢকোৰ্ কৰেAdverb
ঢোকোৰ শব্দ কৰি
producing a sound like that of swallowing a liquid
- ঢোক্ḍhokTransitive verb
এবাৰ এবাৰকৈ ৰৈ ৰৈ পনীয়া বস্ত্ত গিল্
to swallow or drink draught after draught
- ঢোপ্ḍhopIntransitive verb
আধা পকা হ; পকিবলৈ ধৰি কোমল বা সোপোকা হ
to begin to ripen
- ঢোলে-ডগৰেdho`.le-do.go.reAdverb
মহা আড়ম্বৰেৰে বা অতি উলহ-মালহেৰে
characterized by ceremonial pomp or splendour
- ঢোলে-দগৰেḍhole-dagareAdverb
ধুমধাম কৰি; সমাৰোহেৰে
pom-pously; with great eclat
- ঢোলোকা-ঢোলোকেAdverb
এঢোলোকাৰ পাছত আন এঢোলোকাকৈ; জোলোকা-জোলোকে
quantity after quantity of water shipped by a boat or swallowed by a drowning person at a time