কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাইকৈghāikaiAdverb
আনতকৈ চাৰকৈ; প্ৰধানৰূপে; বিশেষকৈ
chiefly; mainly; specially
- ঘাইল কৰ্ghail korVerb-Trans.
শাৰীৰিক বা মানসিক ভাৱে ক্ষতি কৰ্
to damage by cutting or applying strong force
- ঘাগৰি-গঁতীয়াকৈAdverb
এফালে কান্ধৰ ওপৰৰপৰা আনফালে গাৰ দাঁতি বা কাষলতিৰ তলেদি ওলমাই
extending from the shoulder on one side to the side of the body on the other
- ঘাটা মাৰ্gha.ta marVerb-Intran.
বিপদৰ পৰা এৰা পৰ্ অথবা ক্ষতি নোহোৱাকৈ থাক্
to succeed in avoiding (any threatened or possible danger or evil)
- ঘাটি মাৰ্gha.ti marVerb-Intran.
বিপদৰ পৰা এৰা পৰ্ অথবা ক্ষতি নোহোৱাকৈ থাক্
to succeed in avoiding (any threatened or possible danger or evil)
- ঘাটি হgha.ti hoVerb-Intran.
ব্যৱসায় বাণিজ্যত আৰ্থিকভাৱে ক্ষতি হ৷
to suffer material loss in a financial activity
- ঘাট্ghāṭIntransitive verb
কম হ; টুট্; তাকৰ হ; যেনে-"জোখত দুসেৰ ঘাটিল"
to be less in measure or quantity
- ঘাত ্ghātaTransitive verb
গায়নৰ এক আধ্যা বা ভাগ সামৰ্; ঘেতা মাৰ্।
- ঘাতনgha.tonVerbal Noun
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷
The act of terminating a life forcefully by someone.
- ঘাতব্যVerbal Adj.
বধ কৰিবৰ যোগ্য
fit to be killed
- ঘাত্যgha.tyoVerbal Adj.
বধ কৰিবৰ যোগ্য
fit to be killed
- ঘাপ মাৰ্ghap marVerb-Trans.
কুঠাৰ, দা আদিৰে হঠাত্ জোৰেৰে কাট৷
to cut with a sudden force by a cutting instrument.
- ঘাম্Verb-Intran.
ছালৰ ৰন্ধ্ৰৰ মাজেৰে পানীৰ কণিকা বাহিৰ কৰি দে
to discharge moisture (sweat) through the pores of the skin
- ঘাম্; ঘাম ওলাIntransitive verb
তাপৰ কাৰণে গাৰ ৰস বাজ হ
to perspire
- ঘাল্ghālTransitive verb
কুবাক্য বা গালিৰে ঘাঁট্; লুকাই ৰখা বা নক'ব লগীয়া কথা উজাৰি গালি পাৰ্; অতিশয়ৰূপে গালি পাৰ্
to revile severely; to abuse by raking up unpleasant secrets
- ঘিট্ঘিটাIntransitive verb
বহুত বস্ত্ত পৰস্পৰে ঠেকা খোবাৰ দৰে শব্দ কৰ্; . A
to produce a sound like that of many things striking each other
- ঘিট্মিট্ কৰেghiṭmiṭ, kareAdverb
বৰ বেছিকৈ (আন্ধাৰ)।
- ঘিট্ঘিটনিghit.ghi.to.niVerbal Noun
সঘনাই আবিৰ্ভাৱ হোৱা, যেনেঃ চোৰৰ ঘিটঘিটনি।
frequent occurrence or prevalence of something undesirable.
- ঘিণাghi.naVerb-Trans.
কাৰোবাক বা কিহবাক অতিকৈ বেয়া পা৷
the hate or dislike something or someone
- ঘুঁকুটিয়াghum̐kuṭiẏāTransitive verb
ঘোঁক্; খোঁচৰ্; আঙুলি বা মাৰিৰে অলপকৈ খোঁচা বা ঠেলা মাৰ্
shake or stir with a stick or finger thrust into something; to hog; to nudge