কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মক্কাmakkāNoun
আৰব দেশৰ ৰাজধানী আৰু মুছলমান ধৰ্ম্ম-প্ৰবৰ্ত্তক মহম্মদৰ জন্ম ঠাই
the city of Mecca and the birth place of Mohammed
- মক্কেলmakkelaNoun
মকৰ্দ্দমা চলাবলৈ উকীল ধৰি দিয়া গুচৰীয়া
a client
- মক্ষিকাmo.khyi.kaCommon Noun
মধ্যবক্ষত এযোৰ পাখি আৰু পিছৰ পাখিযোৰ ৰূপান্তৰিত হৈ এযোৰ শুং থকা, দিপ্টেৰা বৰ্গৰ পতঙ্গসমূহ ৷ সাধাৰণতে দেখা পোৱা ঘৰুৱা মাখিবোৰেই হ’ল প্ৰকৃত মাখি আৰু ইহঁত পৃথিৱীৰ আটাইতকৈ বহলভাৱে বিস্তৃত প্ৰাণীবোৰৰ অন্যতম ৷
Insects of the Order Diptera, possessing a single pair of wings on the mesothorax and a pair of halteres, derived from the hind wings, on the metathorax. The common housefly is a true fly and is one of the most widely distributed of animals.
- মক্ষিৰাণীProper Noun
যৌন কাৰ্যকলাপেৰে কাৰোবাক প্ৰতাৰিত কৰা আৰু জালত ফচোৱা৷
Someone who tries to blackmail an individual by planting a sexual trap.
- মক্ষীCommon Noun
মধ্যবক্ষত এযোৰ পাখি আৰু পিছৰ পাখিযোৰ ৰূপান্তৰিত হৈ এযোৰ শুং থকা, দিপ্টেৰা বৰ্গৰ পতঙ্গসমূহ ৷ সাধাৰণতে দেখা পোৱা ঘৰুৱা মাখিবোৰেই হ’ল প্ৰকৃত মাখি আৰু ইহঁত পৃথিৱীৰ আটাইতকৈ বহলভাৱে বিস্তৃত প্ৰাণীবোৰৰ অন্যতম ৷
Insects of the Order Diptera, possessing a single pair of wings on the mesothorax and a pair of halteres, derived from the hind wings, on the metathorax. The common housefly is a true fly and is one of the most widely distributed of animals.
- মক্ষ্বিকাmakṣbikāNoun
এবিধ উৰি ফুৰা কীট; মাখি
a fly
- মকৰmakaraNoun
হাতীৰ নিচিনা শুঁড় আৰু মাছৰ নিচিনা গাৰে এবিধ সাগৰৰ কাল্পনিক জন্ত্ত
an aquatic monster resembling a sea elephant mentioned in Hindu mythology
- মকৰ ক্ৰান্তিmo.kor kran.tiMaterial Noun
বিষুৱ ৰেখাৰ ২৩.৫° অক্ষাংশ দক্ষিণে থকা পৃথিবীৰ কল্পিত অক্ষৰেখা।
one of the two imaginary lines drawn around the world 23.5°south of the Equator.
- মকৰ সংক্ৰান্তিmo.kor xong.kran.tiProper Noun
মকৰ সংক্ৰান্তি ভাৰতীয় হিন্দু ধৰ্মৰ অতি উল্লেখযোগ্য উৎসৱ আৰু ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে ইয়াক পালন কৰা হয়৷ জ্যোতিষ শাস্ত্ৰ মতে উত্তৰ গোলাৰ্ধত ধনুৰাশিৰ পৰা মকৰ ৰাশিলৈ সূৰ্যৰ পৰিবৰ্তনকে মকৰ সংক্ৰান্তি বুলি কোৱা হয়৷ মকৰ সংক্ৰান্তি হিন্দু পাঞ্জিকা মতে মাঘ মাহত (ইং. জানুৱাৰী মাহত) উদযাপন কৰা হয়৷ অসমত এই দিনা উলহ-মালহেৰে ৰাইজে "ভোগালি বিহু" উদযাপন কৰে৷
Makar Sankranti is one of the most auspicious day for the Hindus, and is celebrated in almost all parts of the country in myriad cultural forms, with great devotion, fervor & gaiety. The festival of Makar Sankrant traditionally coincides with the beginning of the Sun's northward journey (the Uttarayan) when it enters the sign of Makar (the Capricorn). It falls on the 14th of January every year according to the Solar Calendar. In Assam, the festival is celebrated as Bhogali Bihu.
- মকৰ ৰাশিmo.kor ra.xiCommon Noun
Constellation and the tenth sign of the zodiac (the Alligator)
- মকৰকেতনmo.kor.ke.tonProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- মকৰকেতুmo.kor.ke.tuProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- মকৰন্দmakarandaNoun
ফুলৰ মৌ; ফুলৰ ভিতৰত থকা সোবাদ ৰস
flower honey
- মকৰবাহিনীmo.kor.ba.hi.niProper Noun
ভাৰতবৰ্ষৰ উত্তৰ অঞ্চলৰ মাজেদি বৈ যোৱা এক প্ৰধান নদী।
A major river flowing through the northern part of India.
- মকৰাmakarāNoun
এবিধ আঠঠেঙীয়া আৰু মুখৰপৰা সূতা উলিয়াই জাল সজা পোক
a spider
- মকৰা নদীmo.ko.ra no.diProper Noun
মানাহ নদীৰ পশ্চিমে এখন নদী৷
A river in Assam, flowing west of famous Manah river.
- মকৰা-হিছাপmakarā-hichāpaNoun
এটা বস্ত্তৰ মূল্য ধৰি অনেক বস্ত্তৰ মূল্য স্হিৰকৰণ
unitary method of calculation
- মকৰাই-চোহাmakarāi-cohāNoun
কাণৰ দাঁতিত হোবা এবিধ সৰু সৰু খহু
a kind of eruption on the edge of the ear
- মকৰাক্ষmakarākṣaNoun
ৰাবণৰ এজন সেনাপতি
the name of a general of Rāvana
- মকৰাকৰmo.ko.ra.korMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.