কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তটিনীto.ti.niMaterial Noun
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।
A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
- তটৰেখাtot.re.khaAbstract Noun
কিহবাৰ দাঁতি,কাষ বা ইয়াৰ আকৃতি, অৱয়ব, ৰূপ
the outer edge of something; the outline of its shape and form.
- তণ্ডুলtaṇḍulaNoun
চাউল
rice
- ততtataPronoun; Noun
সেই পৰিমাণ; সিমান
that much
- তত-যন্ত্ৰtata-yantraNoun
বীণা আদি তাঁৰৰ বাদ্য-যন্ত্ৰ
stringed musical instrument
- ততকtatakaPronoun; Noun
সেই পৰিমাণ; সিমান
that much
- ততাতৈয়াtatātaiẏāNoun
লৰালৰি অবস্হা; খৰখেদা
haste; hurry
- ততাভুকুতাtatābhukutāNoun
বৰ লৰা-লৰি কৰা অবস্হা
unusual haste
- তত্totAbstract Noun
সংযোগৰ জৰিয়তে আহৰণ কৰা বা পোৱা কোনো নিৰ্দ্দিষ্ট ঘটনা বা অৱস্থা বিষয়ক জ্ঞান
Knowledge of specific events or situations that has been gathered or received by communication
- তত্কালtatkālaNoun
সেইকাল।
- তত্ত্বtattbaNoun
সত্য; স্বৰূপ; যথাৰ্থতা; . মৰ্ম্ম
reality; truth; fact ; substance
- তত্ত্ব-জ্ঞানNoun
ঈশ্বৰ বা পৰমাৰ্থ-বিষয়ক জ্ঞান
knowledge of divine or spiritual truth
- তত্ত্ব-ভেদNoun
তত্ত্ব-কথা; যেনে -"কহিলন্ত চৌষষ্ঠি কলাৰ তত্ত্ব-ভেদ" (দশম)।
- তত্ত্বকথাNoun
আচল বা সত্য সম্ভেদ; যেনে-"এতেক কপট ছাড়ি কহ তত্ত্বকথা" (শকুন্তলা-কাব্য)
the inward truth
- তত্ত্বজ্ঞtattbajñaNoun
দাৰ্শনিক
a philosopher
- তত্ত্বজ্ঞানীNoun
পৰমাৰ্থ জনা মানুহ
one having knowledge of divine truth
- তত্ত্ববিদtattbabidaNoun
দাৰ্শনিক
a philosopher
- তত্ত্বান্বেষীtot.wa.ne.xiCommon Noun
যি প্ৰকৃত জ্ঞান বা সত্যৰ সন্ধানত থাকে ৷
one who searches for truth, knowledge or reality.
- তত্ত্বাবধানtattbābadhānaNoun
অধ্যক্ষতা; কোনো বিষয়ৰ ভাল বেয়া অবস্হা চাই থকা কাৰ্য্য; সাবধানতা লোবা কাৰ্য্য
a looking after
- তত্ত্বাবধায়কtattbābadhāẏakaNoun
যি তত্ত্বাবধান লয়।