কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গঙা-চিলনীgo.nga-si.lo.niProper Noun
এবিধ দীঘল ডেউকাৰ মাছ খোৱা চৰাই৷ ইয়াৰ ডেউকাৰ ওপৰৰ ফাল ক’লা বা ধোঁৱা বৰণৰ৷ সাধাৰণতে এইবিধ চৰাই সাগৰ বা ডাঙৰ নৈৰ ওপৰত উৰি মাছ ধৰি খায় ৷
Gulls or are birds in the family Laridae. They are most closely related to the terns (family Sternidae). They are typically medium to large birds, usually grey or white, often with black markings on the head or wings. The wings are long in size . Generaly, we looks this birds flying upon the sea or big river.
- গঙ্গাgaṅgāNoun
গঙ্গা নৈ
the Ganges
- গঙ্গা-চিলনীgaṅgā-cilanīNoun
পানীৰ ওপৰত উৰি উৰি মাছ আদি ধৰি খোবা এবিধ গা-বগা, মূৰ-ক'লা আৰু ঠোঁট-হালধীয়া মজলীয়া আকাৰৰ চৰাই
a fish hawk; the tern
- গঙ্গা-মূলাgaṅgā-mūlāNoun
দ-ঠাই বা নৈৰ কাষত হোবা আৰু মূলাৰ নিচিনা পাত থকা এবিধ বন-শাক
a kind of herb
- গঙ্গাচিলনীgong.ga.si.lo.niProper Noun
এবিধ দীঘল ডেউকাৰ মাছ খোৱা চৰাই৷ ইয়াৰ ডেউকাৰ ওপৰৰ ফাল ক’লা বা ধোঁৱা বৰণৰ৷ সাধাৰণতে এইবিধ চৰাই সাগৰ বা ডাঙৰ নৈৰ ওপৰত উৰি মাছ ধৰি খায় ৷
Gulls or are birds in the family Laridae. They are most closely related to the terns (family Sternidae). They are typically medium to large birds, usually grey or white, often with black markings on the head or wings. The wings are long in size . Generaly, we looks this birds flying upon the sea or big river.
- গঙ্গাটোপgaṅgāṭopaNoun
সেউজীয়া পিঠি, পেটৰ ফালে বগা আৰু মুখত ভাটৌৰ নিচিনা ঠোঁট থকা, চাৰি-পাঁচ আঙুল দীঘল এবিধ মাছ [সি কেতিয়াবা পেটত বায়ু সুমুবাই পেট ওফন্দাই গোলাকাৰ আকৱতি ধৰে; তেতিয়া তাক বলেৰে মাৰ বা গচক মাৰি দিলে হিলৈৰ নিচিনাকৈ ধুমকৈ শব্দ উঠে।]
a golden fish; Tetrodon cutcutia
- গঙ্গাধৰgaṅgādharaNoun
শিব; মহাদেব; হৰ
a name of Śiva
- গঙ্গাপুত্ৰgong.ga.put.roProper Noun
মহাভাৰতৰ অন্যতম শক্তিশালী চৰিত্ৰ৷ তেওঁ কৌৰৱ-পাণ্ডৱ উভয়ৰে ককাক আছিল৷ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ সেনাপতি হোৱাৰ সময়ত তেওঁৰ বয়স আছিল ১২৬ বছৰ৷ তেওঁ নিজৰ পিতৃৰ স্বাৰ্থত ওৰেটো জীৱন অবিবাহিত হিছাপে অতিবাহিত কৰিছিল৷
One of the strongest characters of the Mahabharata. He was the grandfather of both the Pandavas and the Kauravas. Bhishma, who was Commander-in-Chief of the Kaurava forces in the Mahabharata war, was 126 years old at the time. He lived a pure celibate life, making a great sacrifice for the sake of his father.
- গঙ্গাসুতgong.ga.xutProper Noun

- গঙ্গোত্ৰীgong.go’.triProper Noun
উত্তৰাঞ্চল প্ৰদেশত অৱস্হিত হিন্দু ধৰ্ম্মাৱলম্বীৰ এখন প্ৰধান তীৰ্থস্হান ৷ ই সাগৰ পৃষ্ঠৰ পৰা প্ৰায়ে ৩২০০ মিঃ উচ্চতাত আৰু ঋৃষিকেশৰ পৰা ২৪৮ কিঃ মিঃ দূৰত্বত অৱস্হিত ৷
Gangotri is a pilgrims place of Uttaranchal pradesh. It is situated at an altitude of abuot 3,200 mts. and 248 kms. away from Rishikesh.
- গঙ্গোত্ৰী হিমবাহgong.go`.tri hi.mo.bahProper Noun
উত্তৰাঞ্চল প্ৰদেশত অৱস্হিত হিন্দু ধৰ্ম্মাৱলম্বীৰ এখন প্ৰধান তীৰ্থস্হান ৷ ই সাগৰ পৃষ্ঠৰ পৰা প্ৰায়ে ৩২০০ মিঃ উচ্চতাত আৰু ঋৃষিকেশৰ পৰা ২৪৮ কিঃ মিঃ দূৰত্বত অৱস্হিত ৷
Gangotri is a pilgrims place of Uttaranchal pradesh. It is situated at an altitude of abuot 3,200 mts. and 248 kms. away from Rishikesh.
- গঙ্গোদকgaṅgodakaNoun
গঙ্গাৰ পানী
water of the Ganges
- গচকgo.sokVerbal Noun
কোনো বস্তুৰ ওপৰত খোজ দিয়া কাৰ্য্য
the act of stepping on something
- গছgachaNoun
মাটিত গজা আৰু ডাল-পাত থকা এবিধ উদ্ভিদ; তৰু; বৱক্ষ
a tree
- গছ-কৰবীgos-ko.ro.biCommon Noun
গ্ৰীষ্ম-প্ৰধান অঞ্চলত হোৱা এবিধ সৰু জোপোহা গছ; ইয়াৰ পাতবোৰ জোঙা, দীঘলীয়া, মিহি আৰু সেউজীয়া বৰণৰ; ফুলবোৰ হালধীয়া ৰঙৰ ৷সেউজীয়া গা-গছৰ পৰা বগা ৰঙৰ এবিধ আঠা ওলায়, যি বিষাক্ত৷
an evergreen tropical shrub or small tree. Its leaves are glossy green in colour. It bears funnel-shaped yellow flowers. Contains a milky sap containing a compound called thevetin that is used as a heart stimulant but in its natural form is extremely poisonous, as are all parts of the plants, especially the seeds.
- গছ-ঢেঁকীয়াNoun
এবিধ বনৰীয়া ঢেঁকীয়া
a kind of fern
- গছ-বনCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- গছ-বিৰিণাgacha-biriṇāNoun
মৰা শাকৰ পাতৰ নিচিনা পাতেৰে অলপ ক'লা বৰণৰ লতা-চানেকীয়া বনৰীয়া সৰু গছ
a kind of wild shrub
- গছ-মাহুদিgacha-māhudiNoun
অলপ বহল আৰু দীঘলীয়া পাতেৰে এবিধ ওখ ডাঙৰ আওকাঠী গছ
a kind of forest tree; Croton oblongifolia
- গছতলCommon Noun
যিকোনো বৃক্ষ বা গছৰ তলখন
the place under a tree