কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খন্দ-প্ৰবৰ্ত্তাkhanda-prabarttāAdjective
এটা খেতিত মাথোন ব্যবহাৰ কৰিব পৰা
lasting for one season or year only
- খন্দা-ছিগাAdjective
লগালগি হৈ নথকা; চিন, সীমা আদিৰ দ্বাৰা পৱথক হোবা
unconnected; separated
- খন্দুবাkhandubāAdjective
এবাৰ বা অধিক কাল খেতি কৰিবৰ কাৰণে গৰাকীৰপৰা লোবা (মাটু আৰু যি মাটি লয় দুয়ো); যেনে -"খন্দুবা মাটি"; "খন্দুবা ৰায়ত"
rented or renting for a short term
- খন্দুৱাkhon.du.waVerbal Adj.
এবছৰৰ কাৰণে বা কম দিনৰ কাৰণে গৰাকীৰ পৰা খেতি কৰিবলৈ লোৱা (মাটি)
rented from the owner for one year or short period for cultivation (said of land)
- খপজপkhop.jopProper Adj.
Perplexed by many conflicting situations or statements; filled with bewilderment.
- খপাkhapāAdjective
বিশুদ্ধ; ; যেনে-"খপা সোণ"।
pure; purified
- খপীয়াkhapīẏāAdjective
লোকৰ ঘৰত পেট পুহি থকা; চপনীয়া
living as a dependant in the house of another man
- খবিচkho.bisProper Adj.
আদিৰ পৰা অন্তলৈকে থকা, কোনো ভাগ বাদ নপৰা |
Having every necessary or normal part or component or step.
- খবিছkhabichaAdjective
দুষ্ট; কৱপণ।
- খবৰদাৰkho.bor.darProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- খবৰ্দাৰkhabardāraAdjective
সাবধান; হুছিয়াৰ
careful; being on guard
- খমখমীয়াkhom.kho.mi.yaProper Adj.
খমখম শব্দ কৰা (কাপোৰ), এতেকে নতুন
(clothes) making a rustling sound, hence new
- খম্খমীয়াAdjective
খম্খম শব্দ কৰা।
- খলপা-খলপAdjective
কেইবাথাকো থকা; কেইবাতৰপীয়া
having many shelves, storeys or layers
- খলাখপাkhalākhapāAdjective
খলা-বমা
uneven
- খলাবমাkho.la.bo.maProper Adj.
মিহি বা সমান নোহোৱা, মাজে মাজে উখহা ঠাই থকা পৃষ্ঠ।
a unsmooth surface with small bumps on it.
- খলুৱাkho.luwaProper Adj.
আনক অসৎ বুদ্ধিৰে বুৰ্ব্বক সজোৱা লোক।
one who befools others by using dishonest trick.
- খল্খলীয়াAdjective
খল্খল্ শব্দ কৰা; যেনে-"খল্খলীয়া হাঁহি"।
- খল্তি-ধোৱাkhol.ti-dho`.waProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- খসমসkhasamasaAdjective
খহটা; খহমহীয়া; যেনে-"ডিমৰুৰ পাত যেন খসমস গাব।" (মা. ক., অৰণ্যাকাণ্ড)
rough