কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টোমṭomaNoun
বাঁহৰ কাঠী বা তমালেৰে সেৰেঙাকৈ বোবা একপ্ৰকাৰ পাচি
a wicker busket
- টোলṭolaNoun
ঘৰ-বাৰী; ঘৰৰ কেউফালৰ মাটি আৰু ঘৰ
a compound; premises
- টোলোঠাṭoloṭhāNoun
তাঁতৰ কাপোৰ বা দীঘল সূতা সমানকৈ মেৰাই থোবা গোটা, পোন, দীঘল কাঠৰ ডাঙৰ ডাং
one of the beams of a handloom
- টোলোঠা পকাṭoloṭhā, pakāNoun
এবধ বনৰয়া গছৰ ওলপ দীঘলীয়া গুটি
a kind of wild berry
- টোলোঠা- লোবণিNoun
তাঁতৰ দীঘল সূতাৰ বা কাপোৰৰ মূৰৰ শলি সুমাই ধৰিবলৈ টোলোঠাৰ গাত কটা দীঘল লোৰ।
- টোলোঠা-ধৰা জৰীNoun
গাৰি ধৰা জৰী।
- টোলোঠা-পকাto`.lo`.tha-po.kaCommon Noun
এবিধ বনৰীয়া গছৰ গুটি
Seed of a plant that grows in forest
- টোলোঠা-বনṭoloṭhā-banaNoun
দ মাটিত গজা গোটা পাতেৰে এবিধ বন
a kind of rushl Eleocaris flustulosus
- টোহ্টোহṭohṭohaNoun
কোহ্ কোহ্; খঙেৰে মুখৰ ভিতৰতে কোবা কথাৰ নিচিনা শব্দ; মুখৰ ভিতৰতে কোবা কথা
an imitative word used to express the sound of muttering
- টোহ্টোহনিNoun
টোহ্ টোহ্ কৰা কাৰ্য্য।
- টোৰ্টোৰণিNoun
টোৰটোৰ কৰা কাৰ্য্য।
- টোৰ্টোৰ্ṭorṭorNoun
বেঙৰ বা ধোঁবাখোবাৰ মাতৰ নিচিনা মাত; সেই নিচিনা আন শব্দ বুজোবা শব্দ
an imitative word used to express the sound of the croaking of a frog or gragling of a huka
- টোৰড়ṭoraṛaNoun
ঘাগৰ; যেনে-"টোৰড় হোৰড় নুপুৰ বাজে" (মিশ্ৰ-গীতা)।
- টৌṭauNoun
পিতলৰ এবিধ পাক-পাত্ৰ
a cooking vessel, made of brass
- ট্ৰপ’স্ফিয়েৰtro.p``s.phi.yerAbstract Noun
পৃথিৱী-পৃষ্ঠৰ পৰা প্ৰায় ১০ মাইল ওপৰলৈকে বিস্তৃত বায়ুমণ্ডলৰ স্তৰটো, য`ত ক্ৰমান্বয়ে ওপৰলৈ উষ্ণতা কমি যায়।
The layer of Atmosphere extending about ten miles upward from the Earth's surface , in which the temperature falls with increasing height.
- ট্ৰাইচেপচ্Material Noun
মেৰুদণ্ডী প্ৰাণীৰ ওপৰৰ বাহুৰ পিছফালে থকা এক ডাঙৰ পেশী৷
a large muscle on the back of the upper limb of many vertebrates.
- ট্ৰাইটন্trai.tonMaterial Noun
ট্ৰাইটিয়ামৰ এটা অনুৰ সমতুল্য এটা প্ৰ’ট’ন আৰু দুটা নিউট্ৰন থকা এক ঋণাত্মক আধানযুক্ত কণা
a positively-charged particle consisting of a proton and two neutrons, equivalent to the nucleus of an atom of tritium.
- ট্ৰাইমেষ্টাৰtrai.mes.tarAbstract Noun
কোনো কোনো বিশ্ববিদ্যালয়ৰ তিনিমহীয়া পঠ্য পাঠ্যকাল৷ এটা শৈক্ষিক বছৰ এওঁলোকে তিনিটা ট্ৰাইমেষ্টাৰত ভাগ কৰে৷
a three months academic term in some universities. They divide the academic year into three trimesters.
- ট্ৰাকṭrākaNoun
এবিধ যান।
truck
- ট্ৰাঙ্কṭrāṅkaNoun
লোহাৰ পেৰা।
trunk