কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কদদেProper Noun
দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা এবিধ পকিলে হালধীয়া হোৱা ফল| দুটা প্ৰকাৰত পোৱা যায়-টেঙা আৰু মিঠা| অসমত মিঠা বিধক <b>ৰহদৈ</b> আৰু টেঙাবিধক <b>কৰ্দ্দৈ</b> বোলা হয়|
tree native to Sri Lanka, India and Indonesia and is popular throughout Southeast Asia and parts of East Asia. It is also grown in Brazil, Ghana, Guyana and French Polynesia. Carambola is commercially grown in the United States in south Florida and Hawaii. Available in two varieties acidulate and sweet
- কদনkadanaNoun
বধ বা বিনাশ কৰা কাৰ্য্য; . যেনে-"কৰন্ত কদন ঘোৰ তিনি ভিতি বেঢ়ি। মহাভয়ে কতো সেনা পলায় ৰণ এড়ি" (কীৰ্ত্তন)।
destruction
- কদন্ন বলহাৰীAbstract Noun
খাদ্যপ্ৰাণ (ভিটামিন) B1 ৰ অভাৱত হোৱা এবিধ স্নায়ৱিক ৰোগ৷ মিহি চাউলৰ ভাত খোৱা আৰু মদাহী ব্যক্তিৰ এই ৰোগ বেচিকৈ হোৱা দেখা যায়৷
It is a nervous system ailment caused by thiamine (vitamin B1) deficiency. It is common in people whose diet consists mainly of polished white rice (which contains little or no thiamine because the husk, which contains most of the thiamine, has been removed) and in chronic alcoholics with an inadequate diet; it is also a known (though rare) potential side effect of gastric bypass surgery.
- কদভ্যাসAbstract Noun
অসৎ অথবা বেয়া অভ্যাস
an immoral or evil habit or practice
- কদমkadamaNoun
ভৰি
a foot
- কদম্বkadambaNoun
বহল, দীঘলীয়া পাতেৰে এবিধ ওখ ডাঙৰ গছ; ৰঘু গছ
a kind of tree; Authocephalus cadomba or Adina cordifolia
- কদলMaterial Noun
লোৰ মাটি খনা যতন৷
kind of a spade, a tool use to dug earth or soil.
- কদলীkadalīNoun
কল।
- কদাকাৰkadākāraAdjective
অশুবনী; আগঢ়ী
ugly
- কদাচাৰkadācāraNoun
কুনীতি; কুনিয়ম; কুব্যবহাৰ; কদাপি
sometimes; seldom; ever
- কদাচাৰিতাko.da.sa.ri.taAbstract Noun
নিয়ন্ত্ৰণ নমনা বা কাৰো হাক-বচন নুশুনা স্বভাৱ
the trait of lacking restraint or control
- কদাচৰণAbstract Noun
বেয়া আচৰণ ।
unacceptable or improper behaviour.
- কদুক্তিkaduktiNoun
কদৰ্থনা; বেয়া কথা; নিন্দা; গালি
abuse; abusive language; reproach
- কদ্বেলkadbelaNoun
কথ-বেল; লতা-বেল।
- কদ্ৰুkadruNoun
সাপ জাতিৰ মাক; দক্ষৰ কন্যা; কশ্যপ মুনিৰ ভাৰ্য্যা; যেনে-"দুৰ্ব্বিনয় কদ্ৰুৰ তনয় মহানাগ" (দশম)।
- কদৰkadaraNoun
আদৰ; সম্মান; খাতিৰ; মোল
respect; regard; value; dignity
- কদৰ্থkadarthaNoun
বেয়া বা ভুল অৰ্থ
bad or wrong meaning
- কধ্ ৰাkadh, rāNoun
আধাৰি
a coil of straw, etc.
- কধ্ৰাko.dhraMaterial Noun
চৰু, মাটিৰ কলহ আদি বহুৱাই থ’বলৈ ঘূৰণীয়াকৈ বন্ধা খেৰৰ জুমুধি
a coil made of straw for supporting the bottom of an earthen pot
- কনকkanakaNoun
কাঞ্চন; সোণ
gold