কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আগঢ়āgaṛhaNoun
অশুবনী আকৱতি; কুগঢ়; বেয়া আকাৰ
unseemly form; ugliness
- আগৰ-কাঠāgara-kāṭhaNoun
অগৰু।
- আগৰ-জনমa.gor-jo.nomAbstract Noun
ইহজন্মৰ আগৰ জন্ম।
the previous birth, i.e. the birth before the present one.
- আগৰ-মহলNoun
আগৰ কাঠ কাটিবলৈ চৰকাৰে কৰ লৈ বন্দবস্ত কৰি দিয়া এক নিৰ্দ্দিষ্ট হাবি
agar mohal
- আগৰণুৱাag.ro.nu.waCommon Noun
আগে আগে যোৱা পথাচাৰী সৈনিকৰ দল৷
one of a group of foot soldiers detailed to make roads, dig intrenchments, etc., in advance of the main body.
- আগৰতলাa.gor.to.laProper Noun
উত্তৰ পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী৷
Agartala Aagôrtôla is the capital of the Indian state of Tripura and is the second largest city in North-east India after Guwahati
- আগৰনMaterial Noun
অতীতত অসমীয়া মহিলাই গাত মেৰিয়াই পিন্ধা কাপোৰ
A piece of cloth worn by Assamese women in the past
- আগৰাāgarāNoun
খৰালি দ ঠাইত এনেই হোবা এজাতি বন গছ [ইয়াৰ পুলিৰ শাক খায়, গুটি সৰু সৰু কাঁইটেৰে ঢকা থাকে আৰু কাপোৰত লাগি ধৰে।]
a kind of pot-herb; the Bur weed; Xanthium Strumarium
- আঘণāghaṇaNoun
অগ্ৰহায়ণ।
- আঘণাNoun
আঘোণ মাহত ওপজা
born in the month of Agrāhayaṇa
- আঘণীNoun
আঘোণ মাহত ওপজা
born in the month of Agrāhayaṇa
- আঘাতāghātaNoun
কোব; প্ৰহাৰ; মাৰ
a blow
- আঘাৰāghāraNoun
এঘাৰ; এক অধিক দহ
eleven
- আঘূৰ্ণa.ghur.noAbstract Noun
কোনো ঘূৰণ অক্ষ সাপেক্ষে বলৰ ক্ৰিয়া ৰেখাৰ পৰা অক্ষৰ লম্ব দূৰত্ব আৰু বল ভেক্টৰৰ পূৰণফল।
the product of a focre vertor applied to a rotating axis and the perpenticular distance from the axis of rotation to the point of application of the force.
- আঘোণāghoṇaNoun
অগ্ৰহায়ণ।
- আঘোণাa.gho’.naCommon Noun
আঘোণ মাহত ওপজা বা জন্ম হোৱা ৷
the name of a man born in Aghon.
- আঘ্ৰাণāghrāṇaNoun
শুঙা বা গোন্ধ লোবা কাৰ্য্য
the act of smelling
- আঘ্ৰাণকাৰীCommon Noun
গোন্ধ লোৱা বা গোন্ধ লৈ (কোনো বস্তু) পৰীক্ষা কৰা ব্যক্তি
a person who smells or test (something) by smelling
- আঘ্ৰায়কCommon Noun
গোন্ধ লোৱা বা গোন্ধ লৈ (কোনো বস্তু) পৰীক্ষা কৰা ব্যক্তি
a person who smells or test (something) by smelling
- আঙঠাāṅaṭhāNoun
জলা এঙাৰ
burning charcoal