কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কুৰুলিয়াkuruliẏāIntransitive verb
কুৰুলি দি; ফেঁচাৰ নিচিনা উৰুলি দি মাৎ
to screech like an owl
- কুৰূচ্kurūcIntransitive verb
কাঁচি হ; পাতলকৈ দৈ মাৰি অলপ টেঙা গুণ ধৰ্
to curdle slightly, as milk
- কুৰ্কুৰাkurkurāIntransitive verb
কুকুৰ-পোবালিৰ দৰে শব্দ কৰ্।
- কূটনাটkut.natVerbal Noun
লোকৰ অহিত চিন্তা কৰি অইন মানুহৰ আগত লগাই কোৱা কথা ।
Spiteful talk about a person who is not present.
- কূটনীয়া কথাku.to.niya ko.thaVerbal Noun
লোকৰ অহিত চিন্তা কৰি অইন মানুহৰ আগত লগাই কোৱা কথা ।
Spiteful talk about a person who is not present.
- কূলাTransitive verb
পাৰ হ
to cross over
- কূৰ্চুট কৰ্kur.sut korVerb-Trans.
(আনৰ সফলতা, সম্পত্তি আদি দেখি) অসন্তুষ্টি বা হিংসা অনুভৱ কৰ্
to feel resentful or envious about (someone else's success, possessions, etc)
- কূৰ্চ্চুট কৰ্kur.sut korVerb-Trans.
(আনৰ সফলতা, সম্পত্তি আদি দেখি) অসন্তুষ্টি বা হিংসা অনুভৱ কৰ্
to feel resentful or envious about (someone else's success, possessions, etc)
- কৃতkri.toVerbal Adj.
কৰা বা সম্পন্ন কৰা কোনো কাম
something carried out or accomplished
- কৃতকাৰ্য্য হkri.to.kar.jyo hoVerb-Intran.
আশা কৰা মতে ঘট্ বা শেষ হ; প্ৰচেষ্টা কৰা বা বিছৰাটো অৰ্জন কৰ্
to happen or terminate according to desire; to accomplish what is attempted or intended
- কৃতঘাতী কাৰ্য কৰkri.to.gha.ti kar.jyo korVerb-Trans.
কাৰোবাৰ আগত প্ৰতিবাদ কৰিবলৈ বা শতৰুক বাধা দিবলৈ বা তেওঁলোকৰ লোকচান কৰিবলৈ জানি বুজি বাট পথ, দলং, যাতায়ত ব্যৱস্থা, চিকিৎসালয় আদি ধ্বংস কৰা৷
to deliberately damage, destroy or spoil roads,machines, transport, hospitals etc. to prevent an enemy or to protest about something
- কৃতজ্ঞতা প্ৰকাশ কৰ্kri.to.gyo.ta pro.kax korVerb-Trans.
কাৰোবাৰ পৰা পোৱা সহায় বা উপকাৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰ্
to show or express appreciation or gratitude for
- কৃত্ৰিম প্ৰজননVerbal Noun
যৌন মিলন নঘটোৱাকৈ কৃত্ৰিম উপায়েৰে মাইকী জন্তুৰ জৰায়ুত শুক্ৰ সুমুৱাই দিয়া পদ্ধতি
the artificial introduction of semen into the uterus of a female animal to produce offspring without sexual union
- কৃপা কৰিkri.pa ko.riAdverb
দয়াৰ চিন স্বৰূপে কৰা
done with a kind disposition
- কৃষোপযোগীVerbal Adj.
খেতিৰ বাবে উপযোগী (মাটি বা ভূমি)
(land or soil) capable of producing crops
- কেঁকাke~.kaVerb-Intran.
দুখ, পীড়া অথবা অসন্তুষ্ট হৈ অতি কষ্টেৰে শব্দ কৰি উশাহ ল
To voice a deep, inarticulate sound, of breath as of pain, grief, or displeasure.
- কেঁকো-জেঁকোকৈke~.ko`-je~.ko`.koiAdverb
বৰ কষ্ট বা অসুবিধাৰে সৈতে।
taking or characterized by pains or trouble.
- কেঁকো-জোকোকৈkem̐ko-jokokaiAdverb
গধুৰ বস্ত্তৰ ভৰত বেঁকা বা কুঁজা হৈ
being bent under a heavy load
- কেঁকোৰাkem̐korāAdjective
বেঁকা; ধেনুভিৰীয়া; কিলাকুটীয়া
bent; curved; angular
- কেঁক্কেঁকাIntransitive verb
কেঁক্ কেঁক্ শব্দ কৰ্
to crackle