কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাচনNoun
নচা কাৰ্য্য
dancing
- নাচনিna.so.niCommon Noun
নচা বা নৃত্যকৰা লোক।
somebody who dances or whose job is dancing.
- নাচনীnācanīNoun
নচা তিৰোতা
dancing woman; a danseuse
- নাচপতিnācapatiNoun
এবিধ-মজলীয়া আকাৰৰ গছ আৰু তাৰ ঘূৰণীয়া সুমখিৰা টেঙা একোটাৰ সমান ফল
a kind of apple
- নাচশালnācaśālaNoun
নাচ শিকোবা ঠাই বা ঘৰ; নাট্যশালা; নাটঘৰ
a place where dancing is taught
- নাচেনিCommon Noun
নচা বা নৃত্যকৰা লোক।
somebody who dances or whose job is dancing.
- নাচোঁতাna.so`~.taCommon Noun
নচা বা নৃত্যকৰা লোক।
somebody who dances or whose job is dancing.
- নাচোনNoun
নচা কাৰ্য্য
dancing
- নাচ্nasVerb-Intran.
লয়বদ্ধ নিৰ্দ্ধাৰিত খোজ আৰু ভঙ্গিমাৰে সঙ্গীতৰ সৈতে তাল মিলাই অঙ্গ সঞ্চালন কৰ্
To move rhythmically usually to music, using prescribed or improvised steps and gestures.
- নাজেৰাতnājerātaNoun
নাজিৰে কাম কৰা কাৰ্য্যালয়।
- নাটnāṭaNoun
নাচন
a dance
- নাট-ঘৰnāṭa-gharaNoun
নাট্যশালা
a theatre
- নাট-পাৰnāṭa-pāraNoun
উড়াই দিলে আকাশলৈ খৰ মাৰি মাৰি যোবা এবিধ পাৰ চৰাই
a tumbler pigeon
- নাট-মন্দিৰnāṭa-mandiraNoun
নাচ-গানৰ কাৰণে দেবালয়ৰ আগফালে থকা ঘৰ
a choir or dancing hall in front of a shrinc
- নাট-ৰচকnat-ro.sokCommon Noun
নাট লেখা ব্যক্তি ৷
One who writes plays.
- নাটকnāṭakaNoun
ভাওনাৰ পুথি; ভাএ দেখুবাবৰ কাৰণে লিখা পুথি
a drama
- নাটকীয় চালচলনVerbal Noun
Behavior or speech for effect, as insincere or exaggerated expression of an emotion.
- নাটকীয়তাna.to.ki.yo.taAbstract Noun
(নাটকৰ) নাটকীয় গুণ বা বৈশিষ্ট সমূহ৷
dramatic qualities (of a play).
- নাটঘৰnat.ghorAbstract Noun
নাটক, বোলচবি আদি প্ৰদৰ্শন কৰা ঘৰ৷
A building, room, or outdoor structure for the presentation of plays, films, or other dramatic performances.
- নাটমল্লাৰnāṭamallāraNoun
এটা ৰাগৰ নাম।