কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাহিলি কাহিলিkāhili, kāhiliAdjective
অলপ; ঈষত; অসম্পূৰ্ণ (পোহৰ); যেনে -"কাহিলি কাহিলি পোহৰ"
slight or imperfectly (bright)
- কাহুলাkāhulāAdjective
কহুৰা; সদায় কাহি থকা
suffering from cough
- কাঢ়াkar.haProper Adj.
মাত্ৰাধিক্য ভাৱে থকা বা ঘটা
existing or occurring in a high or extreme degree
- কায়থেলীAdjective
কায়স্হ জাতিৰ প্ৰয়োজনীয়।
- কায়বিশিষ্টkay.bi.xis.toProper Adj.
শাৰীৰিক ৰূপ থকা, সকলোৰে আগত প্ৰকাশ হোৱা৷
embodied in flesh; having taken human form(of God, the devil etc).
- কায়াশূন্যka.ya.xun.yoProper Adj.
যাৰ শৰীৰ, দেহ, বা কায় নাই ৷
Having no material body or form.
- কায়াহীনka.ya.hinProper Adj.
যাৰ শৰীৰ, দেহ, বা কায় নাই ৷
Having no material body or form.
- কায়িকAdjective
শাৰীৰিক।
- কায়িকkāẏikaAdjective
শাৰীৰিক
physical; bodily
- কায়েমাkāẏemāAdjective
কাম-বৰণীয়া; নীল বৰণৰ
having a light blue colour
- কাৰচিপীAdjective
কাৰচিপৰ ফুল বচা
embroidered with gold or silver foil
- কাৰণাত্মকka.ro.nat.mokProper Adj.
relating/pertaining to causes of an event or phenomena.
- কাৰবাৰীAdjective
আয়োজন বা যুগুত কৰা; যত্নবান
working; painstaking
- কাৰাৰুদ্ধkārāruddhaAdjective
ফাটেকত বন্দী হৈ থকা।
- কাৰিকৰীAdjective
কাৰিকৰ-সম্পৰ্কীয়; কাৰিকৰ বা জনা মানুহৰ পৰিপাটিকৈ কৰা
pertaining to an artist; skilfully done
- কাৰুণিকkāruṇikaAdjective
কৱপাযুক্ত; দয়ালু; পৰৰ দুখ দেখি কাতৰ হোবা
compassionate; kind
- কাৰ্যক্ষমProper Adj.
কোনো কাম কৰাৰ সামৰ্থ্য থকা
capable of doing certain work
- কাৰ্যকৰীAdjective
কাৰ্য্যত পৰিণত কৰা
executive
- কাৰ্যনিৰ্বাহকkar.jo.nir.ba.hokProper Adj.
অনুষ্ঠান, সংগঠন,কোম্পানী আদিত সিদ্ধান্ত লব পৰা আৰু তেনে সিদ্ধান্ত কামলৈ ৰূপান্তৰ কৰিব পৰা ক্ষমতা প্ৰাপ্ত বিষয়া বা সমিতি৷
an official (body)of an organization,institue,company etc. concerned/empowered with taking decision and putting decisions into effect. E.g. an Executive Engineer, Executive Council of a university.
- কাৰ্যপটুkar.jo.po.tuProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently