কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিদ্যুৎ কৰ্তনbi.dhyut kor.tonVerbal Noun
বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ ওপৰত অতিৰিক্ত চাপ কমাবৰ বাবে নিৰ্দিষ্ট অঞ্চলত নিৰ্দিষ্ট সময়ৰ কাৰণে বিদ্যুৎযোগান বন্ধ ৰখা ৷
the deliberate shutdown of electric power in a part or parts of a power-distribution system, generally to prevent the failure of the entire system when the demand strains the capacity of the system.
- বিদ্যুৎ প্ৰৱহনbi.dyut pro.bo.honVerbal Noun
কোনো সঁজুলি, যন্ত্ৰ আদি বিজুলীৰে চলিব পৰা কৰা; কৰবালৈ বিজুলী যোগান দিয়া৷
the process of charging something so that it works with electricity; the process of providing electricity.
- বিদ্যুৎ মাৰণbi.dyut ma.ronVerbal Noun
বিদ্যুৎপৃষ্ট কৰি মৰা বা মাৰিবলৈ আদেশ দিয়া |
Execution or killing of someone by electric shock.
- বিদ্যুৎ যোগানbi.dyut jo’.ganVerbal Noun
কোনো সঁজুলি, যন্ত্ৰ আদি বিজুলীৰে চলিব পৰা কৰা; কৰবালৈ বিজুলী যোগান দিয়া৷
the process of charging something so that it works with electricity; the process of providing electricity.
- বিদ্যুৎ লেপনbi.dyut le.ponVerbal Noun
বিদ্যুত পৰিবাহী বস্তুৰ উপৰিপৃষ্ঠ ত ধাতুৰ আৱৰণ দিয়া প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াত আৱৰণ দিবলগীয়া পৃষ্ঠটোৱে এটা বিদ্যুত কোষৰ কেথ’ড আৰু ধাতুটোৱে এন’ড ৰূপে ক্ৰিয়া কৰে৷
The process of coating the surface of a conducting material with a metal. During the process, the surface to be covered acts as a cathode in an electrolytic cell, and the metal that is to cover it acts as an anode
- বিদ্যুৎ সঞ্চাৰেAdverb
বিজুলীৰ গতিৰে; অতি শীঘ্ৰে
with lightning speed
- বিদ্যুৎ-সঞ্চাৰেbi.dyut-xon.sa.reAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- বিদ্যুৎক্ষিপ্ৰbi.dyut.khyip.roVerbal Adj.
অতি বেগী বা হঠাতে অহা/ যোৱা, হোৱা৷ যেনেঃ বিদ্যুতক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা সানে৷
very fast or sudden.
- বিদ্যুৎবাহীVerbal Adj.
বিদ্যুৎ প্ৰবাহিত হৈ থকা বা কৰি থকা
conducting electric current
- বিদ্যুৎবেগেVerbal Adj.
বিজুলী-সদৃশ বেগেৰে
Very fast like electricity
- বিদ্যুৎস্পৃষ্টbi.dyut.spris.toVerbal Adj.
বৈদ্যুতিক তাঁৰ স্পৰ্শ কৰাৰ বাবে মৃত্যু হোৱা
killed due to the effect of electricity
- বিদ্যুৎস্পৃষ্ট কৰ্bi.dyut.spristo korVerb-Trans.
মাজেৰে বিদ্যুৎ পৰিবাহিত হ
to charge (a conductor, human being) with electricity
- বিদ্রুপ কৰ্bid.rup korVerb-Trans.
অসন্মানজনকভাৱে ব্যৱহাৰ কৰ্ বা হাঁহিয়াতৰ পাত্ৰ কৰ্
To behave with contempt and disrepestfully or mimic contemptously; make fun of or laugh at
- বিদ্ৰুপ কৰ্bi.drup korVerb-Trans.
অসন্মানজনকভাৱে ব্যৱহাৰ কৰ্ বা হাঁহিয়াতৰ পাত্ৰ কৰ্
To behave with contempt and disrepestfully or mimic contemptously; make fun of or laugh at
- বিদ্ৰোহ কৰ্bi.dro’h korVerb-Intran.
ক্ষমতাত অধিষ্ঠিত কৰ্তৃপক্ষৰ বিপক্ষে সংগঠিত ভাবে বিৰোধিতা কৰ্।
To rise in an organised armed resistance to an established authority in power.
- বিদৰাTransitive verb
আনৰ দ্বাৰা ফলা
to cause to be asunder
- বিদৰ্bidarIntransitive verb
বিদাৰণ হ; ফাটি দুভাগ হ
to be rent asunder
- বিধি-নিষিদ্ধভাৱেbi.dhi-ni.xid.dho.bha.beAdverb
unlawfully, do something by breaking some law or rule
- বিধিবতেAdverb
নিয়ম, ব্যবস্হা অনুসৰি
according to laws or rules
- বিধিবৰ্হিভূতভাৱেbi.dhi.bor.hi.bhu.to.bha.beAdverb
unlawfully, do something by breaking some law or rule