কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাবি-বনAbstract Noun
বনৰীয়া গছ-গছনিৰে ভৰি থকা এলেকা।
area with wild vegetations.
- হাবিতলীয়াha.bi.to.li.yaAbstract Noun
বনৰীয়া জীৱ-জন্তু আৰু গছ-গছনিৰে ভৰা অথবা সিহঁতৰ বাবে সংৰক্ষিত অঞ্চল
an area covered by or reserved for wild vegetations and animals
- হাবিলদাৰha.bil.darCommon Noun
পুলিচ আৰু সেনা বিভাগৰ এটা পদ।
a rank in police/armed force (in India) just above the constable/rifle man.
- হাবিলাষha.bi.laxAbstract Noun
কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ
a longing or craving, as for something that brings satisfaction or enjoyment
- হাবিলাসhābilāsaNoun
অভিলাষ; হেঁপাহ; আগ্ৰহ
longing; intense desire
- হাবিয়নিha.bi.yo.niAbstract Noun
বনৰীয়া গছ-গছনিৰে ভৰি থকা এলেকা।
area with wild vegetations.
- হাবিয়লীয়াAdjective
হাবিত থকা
wild; living in jungle
- হাবিয়ালNoun
হাবিত থকা বা কাম কৰা মানুহ।
- হাবিয়াসha.biyaxAbstract Noun
কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ
a longing or craving, as for something that brings satisfaction or enjoyment
- হাবিয়াহhābiẏāhaNoun
অভিলাষ; হেঁপাহ; আগ্ৰহ
longing; intense desire
- হাবিয়ৈha.bi.yoiAbstract Noun
বনৰীয়া জীৱ-জন্তু আৰু গছ-গছনিৰে ভৰা অথবা সিহঁতৰ বাবে সংৰক্ষিত অঞ্চল
an area covered by or reserved for wild vegetations and animals
- হাবুংha.bungAbstract Noun
বৰ্তমান ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া ঠাই খণ্ড৷ এই ঠাই খন ব্ৰাহ্মিণ শাসকৰ অধীনত আছিল আৰু ৰত্নপালৰ সময়ৰ তাম্ৰলিপিত দশম শতিকাত ইয়াৰ অৱস্থিতিৰ কথা লিপিবদ্ধ আছে ,আহোম ৰজা বামুণী কোৱৰক এই হাবুঙীয়া বামুণে তুলি তালি ডাঙৰ দীঘল কৰিছিল ,শদিয়াৰ লোণৰ বেহা এসময়ত হাবুঙেদি হৈছিল
name of a place in upper Assam in the bank of Bramhaputra near dhemaji.
- হাবুৰিকাhāburikāNoun
বোকাত মাটি তোলা এজাতি সৰু কেঁচু
a kind of small earth-worm found in muddy places
- হাবুৰুকাhāburukāNoun
বোকাত মাটি তোলা এজাতি সৰু কেঁচু
a kind of small earth-worm found in muddy places
- হাবৈhābaiNoun
ওপৰলৈ উৰি যোবা এবিধ খাৰ বাজী
a rocket
- হাব্ৰেঙাha.bre.ngaCommon Noun
পানী শুকাই ওলাই যোৱা ঠাইত মাটি তোলা এবিধ কীট৷
a kind of earthworm, more reddish and stiffer than normal earthworm, found in muddy/aquatic land. Once infested in paddy fields, causes problem to the farmers.
- হাব্ৰেঙীয়াha.bre.ngi.yaCommon Noun
পানী শুকাই ওলাই যোৱা ঠাইত মাটি তোলা এবিধ কীট৷
a kind of earthworm, more reddish and stiffer than normal earthworm, found in muddy/aquatic land. Once infested in paddy fields, causes problem to the farmers.
- হাবৰhābaraNoun
পানীৰ প্ৰবল গতি; যেনে-"এই ফালে নৈৰ হাবৰ পৰিছে"।
- হামবৰাhāmabarāNoun
মইবৰ।
- হামলাhāmalāNoun
আক্ৰমণ; যুদ্ধত জঁপিয়াই পৰা; যেনে-"তীক্ষ্ণ শৱঙ্গ দুগোটা আগক লাগি পাতি দিলেক হামলা মাধবক ক্ৰোধে আতি" (দশম)।