কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টোকনী-কাকতṭokanī-kākataNoun
লেখা কেঁচা আখৰৰ মহী টোকা বা শুকোবা তুলাপাত
blotting paper
- টোকনী-পুখুৰীṭokanī-pukhurīNoun
অলপ পানী থকা সৰু পুখুৰী
a small pond
- টোকলাইto`k.laiProper Noun
এখন সৰু নৈ যোৰহাট চহৰৰ মাজেদি বৈ গৈছে৷ টোকলাই চাহ গৱেষণা কেন্দ্ৰ পৃথিৱী বিখ্যাত৷
A river-let flowing through Jorhat town. Famous for Tocklai Tea Research Centre at bank of Tocklai.
- টোকাṭokāNoun
সংক্ষেপকৈ লিখি থোবা বিবৰণ বা কাকত
a note; a memorandum
- টোকা কাগজto`.ka ka.gojMaterial Noun
কেঁচা আখৰৰ চিয়াহী টুকি আখৰ শুকুওৱা কাকত ।
Absorbent paper used to dry ink.
- টোকা-পৰুবাṭokā-parubāNoun
এবিধ ক'লা বৰণৰ, অলপ ডাঙৰ আকাৰৰ, কঁকাল-চিয়াঁ পৰুবা
a kind of ant
- টোকা-পৰুৱাto.ka.po.ru.waCommon Noun
এবিধ ডাঙৰ ক’লা পৰুৱা
a kind of ant
- টোকাবহীto`.ka.bo.hiMaterial Noun
লিখিবলৈ খালী পৃষ্ঠা থকা এখন কিতাপ
a book with blank pages meant for writing on it
- টোকাৰীṭokārīNoun
এবিধ আঙুলিৰে টুকুৰিয়াই বজোবা এডলীয়া গুণা লগোবা বাদ্য যন্ত্ৰ
a single-stringed musical instrument played with the fingers; a kind of guitar
- টোকাৰী গীতto`.ka.ri gitAbstract Noun
অসমীয়া লোকসঙ্গীতৰ অন্যতম এবিধ ভক্তিমূলক গীত৷ টোকাৰীৰ সহায়ত এই গীত পৰিৱেশন কৰা হয়৷
Tokari geet is a type of Assamese folk song sung playing a Tokari. Earlier it was called Tokari naam. It is so called because a tokari is played while singing it. These are usually philosophical songs based on human life, stories from Ramayana, Mahabharata, gods and goddesses. Besides, stories of Sankardev and Madhabdev is also sung here.
- টোকোনṭokonaNoun
টাঙন; আঘাত কৰা ডাং বা শকত মাৰি
a club; a heavy stick
- টোকোৰ-পঁজাṭokora-pam̐jāNoun
নিচেই সৰু আৰু সামান্য বহা
a shanty
- টোকোৰাṭokorāNoun
উলু, বৰতা আদি কেঁচা পাত ছিৰি ছিৰি আনি তাৰে দুবাৰ-মুখ বা সোমাবলৈ বাট ৰাখি গছ আদিত ওলোমাই বাহ লজা এবিধ সৰু মুগা- বৰণীয়া চৰাই
a variety of sparrow
- টোকোৰা চৰাইto’.ko’.ra so.raiCommon Noun
ঘৰচিৰিকাৰ দৰে দেখাত এবিধ বনৰীয়া চৰাই যিয়ে ঘাঁহ আৰু বোকাৰে চুঙা আকৃতিৰ বাহ সাজে| খেৰৰ দীঘল টুকুৰা, ঘাঁহৰ ২০ৰ পৰা ৬০ চে.মি. দীঘল টুকুৰাৰে সজা দেখনিয়াৰ বাহবোৰ সাজোতে টোকোৰা চৰায়ে প্ৰায় ৫০০বাৰ এই সামগ্ৰীবোৰ অনা-নিয়া কৰিবলগা হয়| টোকোৰা চৰাইৰ ঠোঁটবোৰ বেছ শক্তিশালী যাৰে তাহাঁতে বাহ সজা সামগ্ৰীবোৰ ফালি আনি গুঁঠিব পাৰে| সাধাৰণতে অসম, বঙ্গ, উত্তৰ পূৰ্বাঞ্চল আৰু দক্ষিণ পূব এছিয়াৰ বনভূমিসমূহত ইহঁতক পোৱা যায়|যোৰা পতাৰ ঋতুত মতাবোৰে বাহসজা আৰম্ভ কৰি পাৰ হৈ যোৱা মাইকী টোকোৰা চৰাইবোৰক পাখি মেলি আৰু মাতি তাহাঁতৰ দৃষ্টি আকৰ্ষণ কৰিবৰ চেষ্টা কৰে| যোৰা পতাৰ বতৰত মতা টোকোৰা চৰাইৰ মাত সাধাৰণতে ঘৰচিৰিকাৰ চিত-চিত মাতৰ লগত এটা দীঘলীয়া চিইইৰ দৰে|মাইকী চৰাইবোৰে যোৰা পতাৰ আগেয়ে আহি বাহবোৰ নিৰীক্ষণ কৰি চায়| যোৰা পতাৰ পাছত দুয়ো লগ লাগি বাহটোৰ কাম শেষ কৰে| বিভিন্ন গৱেষণাই দেখুৱাইছে যে মাইকী টোকোৰা চৰাইৰ বাবে বাহটোৰ আকৃতিতকৈ তাৰ অৱস্থানহে বেছি গুৰুত্বপূৰ্ণ|
a bird resembling house sparrows that build retort shaped and complex nests using grass and mud. The nests are woven with long strips of paddy leaves, rough grasses and long strips torn from palm fronds. Each strip can be between 20-60cm in length. A male bird is known to make up to 500 trips to complete a nest. The birds use their strong beaks to strip and collect the strands, and to weave and knot them while building their nests. They are found in grasslands and found in Bengal, NE India and Southeast Asia. During the breeding season the males begin building nests. The nests are partially built when the males display to passing females by flapping their wings and calling while hanging to their nests. The call of the Baya males which is normally a sparrow-like chit-chit is followed by a long-drawn chee-ee in the breeding season. The females inspect and choose a nest before signalling their approval to a male. Once a male and a female are paired, the male goes on to complete the nest including the entrance tunnel, males are solely incharge of building the nests, though their female partners may join in giving the finishing touches. Studies have shown that nest location is more important than nest structure for the female decision making.
- টোকোৰাপাৰাto`.ko`.ra.pa.raProper Noun
গোৱালপাৰা জিলাত আগিয়াৰ ওচৰত `টোকোৰাপাৰা` নামৰ ঠাই আছে৷
A village in Goalpara district near Agia.
- টোক্ টোক্ṭok, ṭokNoun
অলপকৈ আঘাত কৰাত হোবাৰ দৰে শব্দ; . কৱদ
an imitative word used to express the sound produced by gentle and repeated blows or knocks
- টোকৰṭokaraNoun
এটা আঙুলি বুঢ়া আঙুলিৰ পেটৰপৰা ওফৰাই তাৰ নখ থকা ফালৰ মূৰেৰে কৰা আঘাত
a tap with the nail of a finger
- টোটকṭoṭakaNoun
নথকা লোকৰ অহিতে কোবা কথা; লগনীয়া কথা
back-biting
- টোটকালিto`.to.ka.liAbstract Noun
কাৰোবাৰ অনুপস্থিতিত দোষ খোচৰা বা বেয়া মন্তব্য দিয়া স্বভাৱ বা গুণ।
the act of spreading rumours or speaking ill of others in absence.
- টোটাṭoṭāNoun
হিলৈত ভৰাই মাৰিবলৈ তুলাপাতৰ চুঙাত খাঁজি লোবা খাৰ, টুপী আৰু গুলী
a cartridge