কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘোষghoṣaNoun
গাখীৰ বেচোঁতা; গুবাল; গাখীৰৰ ব্যবসায় কৰা এজাতি মানুহৰ নাম।
- ঘোষ-যাত্ৰাghoṣa-yātrāNoun
গুবালৰ গাবঁত সৰু চাবলৈ যাওঁ বুলি আনক দেখুবাই কিন্ত্ত আচলতে বনবাসী পঞ্চ পাণ্ডবক নিজৰ ঐশ্বৰ্য্যৰ জাক্জমক দেখুবাই মনত দুখ দিবৰ কাৰণে কৌৰবে বনলৈ যোবা কাৰ্য্য
the pompous marching of the Kauravas to show their prosperity to the exiled Pandavas
- ঘোষকghoṣakaNoun
লোকক শুনাই প্ৰকাশ কৰোঁতা; জাননী দিওঁতা
a public crier; a proclaimer
- ঘোষণাghoṣaṇāNoun
বাৰ্ত্তা; জাননী; লোকক কোনো কথা জনাবৰ কাৰণে লিখা কাকত; ইস্তাহাৰ
news; a notice; a proclamation
- ঘোষণা পত্ৰgho`.xo.na po.troAbstract Noun
লোকক জনাবলৈ মুখেৰে দিয়া বাতৰি বা লিখা কাকত ৷
An announcement (<i>verbal or written</i>) containing information about an event.
- ঘোষাghoṣāNoun
ধ্ৰুব; ধুৰা; ওজাই লগাই দিয়াৰ পাছত পালিবিলাকে একে লগে গোবা গীত বা পদ্যৰ অংশ
a song or verse (generally religious) sung in chorus
- ঘোষা-ধেমালিghoṣā-dhemāliNoun
কেইজনমানে খোল-তাল বজাই হাতৰ নানা ভঙ্গি দেখুবাই ঘোষা শেষ কৰা কাৰ্য্য; 'ধেমালি' চোবাঁ।
- ঘোষ্ghoṣTransitive verb
লোকক শুনাই প্ৰকাশ কৰ্
to proclaim
- ঘোড়াMaterial Noun
কাৰ্ফাই ধনু বা হিলৈৰ ঘোঁৰা ওফৰোৱা যতন |
A small projecting tongue in a firearm that, when pressed by the finger, actuates the mechanism that discharges the weapon.
- ঘোৰghoraAdjective
ভয় লগা; ভয়ঙ্কৰ; ভয়ানক
frightful
- ঘোৰা-চেলকনাghorā-celakanāNoun
চেলকনা জাতিৰ এবিধ মাছ
a kind of small fish; chela gora
- ঘোৰা-পাকghorā-pākaNoun
বৰ দীঘলীয়া গাৰে এবিধ মাছ খোবা ভূত; বাঁক
a kind of evil spirit supposed to live on fish
- ঘোৰাপাকgho`.ra.pakAbstract Noun
শৰীৰ নোহোৱা আত্মাৰ মানসিক প্ৰতিৰূপ
mental representation of some strange experience, visible disembodied soul of a dead person
- ঘোৰোচ্ghorocNoun
গাখীৰ খীৰাওঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by milk when falling into the pail during the process of milking
- ঘোৰ্ঘোৰghorghoraNoun
টোপনিত নাকৰপৰা হোবা বা মেকুৰীয়ে ডিঙিৰপৰা কৰা বা সেই নিচিনা শব্দ
an imitative word used to express the sound of snowing or of a cat purring
- ঘোৰ্ঘোৰণিAbstract Noun
শোঁওতে নাকৰ পৰা হোৱা শব্দ, মেকুৰীয়ে দিঙিৰ পৰা কৰা শব্দ
The rattling noise produced when snoring, the sound of a cat purring
- ঘ্ৰাণghrāṇaNoun
গন্ধ; গোন্ধ
smell
- ঘ্ৰাণ গ্ৰন্থিNoun
ঘ্ৰাণ গ্ৰন্থি
ঘ্ৰাণ গ্ৰন্থি
- ঘ্ৰাণ পালিNoun
ঘ্ৰাণ পালি
ঘ্ৰাণ পালি
- ঘ্ৰাণ স্নায়ুNoun
ঘ্ৰাণ স্নায়ু
ঘ্ৰাণ স্নায়ু