কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাদিচha.disProper Noun
মুচলমান সকলৰ ধৰ্মীয় ৰীতি-নিয়ম বৰ্ণিত থকা লেখা
The Scriptures containing the religious code of conduct, rules and regulations for followers of Islam
- হাদিৰাচকীha.di.ra.so.kiProper Noun
নামনি অসমৰ আহোমসকলৰ প্ৰধান সামৰিক ঘাটি বা চকী আছিল৷
A place in Lower Assam and it was very important military base for Ahom King.
- হাদুমhādumaNoun
মতা মানুহে খেলা এবিধ খেল [এটা ঘাই খুঁটিৰপৰা এটা ল'ৰা 'হাদুম' 'হাদুম' বুলি লৰ মাৰি আকৌ ঘাই ছুবলৈ আহে; আন এটা ল'ৰাই বাটতে ছুব পাৰিলে সি "মৰে"; ছুৰ নোবাৰিলে জিকে।]; হৈ-খেদা।
- হানিhāniNoun
নাশ
destruction
- হান্hān
সক. ধা, খোঁচ্; জোঙা অস্ত্ৰেৰে বিন্ধ্
to spear; to pierce
- হান্দিhan.diMaterial Noun
তলত খুৰা নথকা ডাঙৰ ঘটিৰ দৰে চুটি ডিঙিৰ ঘূৰণীয়া এবিধ পিতলৰ পাত্ৰ
an round water-vessel made of brass, which has a short neck and does not have a foot to stand
- হানয়ha.noyProper Noun
ভিয়েটনামৰ ৰাজধানী
Hanoi is the capital of Vietnam and the country`s second largest city.
- হাপতাhāpatāNoun
পুঠি-মাছৰ সদৱশ ধক্ ধক্ কৰে বগা কিন্ত্ত বৰ চেপেটা গাৰে এবিধ সৰু মাছ
a kind of small fish
- হাপাhāpāNoun
মেকুৰীৰ সমান ওখ কিন্ত্ত তাতকৈ দীঘল এবিধ বনৰীয়া জন্ত্ত
a wild cat
- হাপানিha.pa.niAbstract Noun
প্ৰায়েই এলাৰ্জিৰ ফলত সৃষ্টি হোৱা এবিধ দীৰ্ঘকালিন শ্বাসজনিত ৰোগ। এই ৰোগ হ'লে শ্বাস-প্ৰশ্বাস ঘন আৰু কষ্টদায়ক হয় আৰু কাহ হয়।
A chronic respiratory disease, often arising from allergies, that is characterized by sudden recurring attacks of labored breathing, chest constriction, and coughing
- হাপৰhāparaNoun
ধাতু গলোবা কমাৰ বা সোণাৰিৰ অগ্নিকুণ্ড, বা নলী লগোবা চামৰাৰে তৈয়াৰী বতাহ যোগোবা সঁজুলি
furnance
- হাফ-পেণ্ট্Material Noun
কেৱল আঁঠু বা উৰুলৈকে পোৱা চুটি পটলুং
Short trousers that reach only to the knees or thighs.
- হাফলংhaf.longProper Noun
হাফলং ভাৰতৰ অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৫১৩ মিটাৰ (১৬৮৩ ফুট)৷
Haflong is a town and headquarters of Dima Hasao district in India in the state of Assam. It is the only hill station in Assam
- হাফলুhāphaluNoun
ঠাইতে দ'ম পাতি থকা ওখ মাটি; উঁই পৰুবা আদিয়ে তোলা মাটিৰ দ'ম
a knoll or hillock; an anthill
- হাফোলাhāpholāNoun
দুই বাহু মেলি গা আগ বঢ়াই আঁকোবালি ধৰিব খোজা কাৰ্য্য (সাঁতোৰাত, ল'ৰা-ছোবালী কোলালৈ আহিব খোজাত)
the act of throwing the body forward or advancing with the arms extended as if to embrace
- হাফৰhāpharaNoun
ধাতু গলোবা কমাৰ বা সোণাৰিৰ অগ্নিকুণ্ড, বা নলী লগোবা চামৰাৰে তৈয়াৰী বতাহ যোগোবা সঁজুলি
furnance
- হাবল্দাৰhābaldāraNoun
পল্টনৰ এজন বিষয়া
a native sergent; the highest non-commissioned officer among Indian troops
- হাবাhābāNoun
বায়ু; বতাহ
air; wind
- হাবাথুৰিhābāthuriNoun
পৰিশ্ৰমত অকামিলা হোবা অবস্হা; ভাগৰ; ক্লান্ত
wearines; fatigue
- হাবিhābiNoun
অৰণ্য; জাৰণি; জঙ্ঘল
a forest; a jungle