কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এম্মিটাৰMaterial Noun
এবিধ আহিলা যাৰ সহায়ত ইলেকট্ৰিক কাৰেন্তৰ পৰিমাণ জোখা হয়৷
An instrument for measuring the strength of an electric current
- এযোৰe.jo`rAbstract Noun
দুটা একেধৰণৰ বস্তুৰ সমষ্টি৷
two identical, similar, or corresponding things that are matched for use together.
- এলএল.বিel.el.biAbstract Noun
Bachelor of Lawৰ সংক্ষিপ্ত ৰূপ৷ কোনো বিশ্ববিদ্যালয়ে আইন বিষয়ত দিয়া প্ৰথম/ স্নাতক উপাধি৷ তিনিবছৰীয়া আইন পাঠ্যক্ৰমৰ পৰিবৰ্তে আজিকালি বহু প্ৰচলিত পাঁচবছৰীয়া আইন পাঠ্যক্ৰমৰ স্নাতকক কেৱল LL.B উপাধি নিদি B.A./B.Sc./B.Tech./BB.A.LL.B আদি উপাধি দিয়া হয়৷
Bachelor of Law. The first degree given by a university to a law graduate.
- এলবিডোel.bi.do`Abstract Noun
কোনো বস্তুৰ পৰা সূৰ্যৰ ৰশ্মিৰ বিচ্ছুৰণ আৰু প্ৰতিফলনৰ পৰিমাণ৷
the ratio of the light reflected by a planet or satellite to that received by it.
- এলাংএথাংe.lang.e.thangAbstract Noun
কোনো শৃংখলা নথকা; খেলি-মেলিকৈ থকা অৱস্থা।
lack of discipline or order.
- এলাকাelākāNoun
দখল, অধিকাৰ
possession; jurisdiction
- এলাচিelāciNoun
তৰা জাতিৰ এবিধ সুগন্ধি, খোবা আৰু ঔষধত লগা মচলা গুটি; . [ইয়াৰ দুজাতি, যেনে-বৰ এলাচি . আৰু সৰু এলাচি ]
cardamon ; (Amomum subelatum) ; (Elettaria cardamomum)
- এলাধুelādhuNoun
কাঠী, কামী আদি চাঁচোঁতে ওলোবা অনাবশ্যকীয় আৰু পেলাই দিয়া মিহি জাবৰ; চোঁচ
fibrous scrapings of cane, etc.
- এলানিAbstract Noun
এটাৰ পিচত আনটোকৈ ঘটিব ল’গা একে ধৰণৰ বস্তুৰ অনুক্ৰমিক থূপ|
Similar things placed in order or happening one after another.
- এলান্ধুelāndhuNoun
বহুদিন ধোঁবা লাগি ঘৰৰ বেৰ বা চালত ওলমি থকা ক'লা মল
soot
- এলাপাকelāpākaNoun
বিনা জগৰ; অবাব; অকাৰণ; অপ্ৰয়োজন; যেনে -"এলা-পাকতে ধন ভৰিলো"
want of cause or necessity
- এলাভe.labhAbstract Noun
ঋণাত্মক অৱশেষ হাতত থকা অৱস্থা।
the state of being in negative balance.
- এলাহelāhaNoun
আলাহ; সৰপালি।
- এলাহবাদe.lah.badProper Noun
উত্তৰ প্ৰদেশৰ এখন জিলা আৰু ইয়াৰ সদৰ ঠাই৷
Allahabad, also known as Prayag and Ilahabad, is a city in the north Indian state of Uttar Pradesh and the administrative headquarters of the Allahabad District.
- এলাৰ্জিe.lar.jiAbstract Noun
কোনো খাদ্য গ্ৰহণ, কীটৰ দংশন বা পদাৰ্থৰ সংস্পৰ্শৰ ফলত শৰীৰৰ ছালত দেখা দিয়া অস্বাভাবিক সংবেদনশীল প্ৰতিক্ৰিয়া ৷
An abnormally high sensitivity to certain substances, such as pollens, foods, or microorganisms. Common indications of allergy may include sneezing, itching, and skin rashes.
- এলুমিনিয়ামeluminiẏāmaNoun
এবিধ ধাতু [ইয়াৰপৰা বাচন- বৰ্ত্তন, যন্ত্ৰ-পাতিৰ বিবিধ অংশ আদি সজা হয়]।
aluminium
- এলেংelemNoun
গোটা-সজীয়া (অলপ চেপেটা) লাহী গাৰে, পুঠি মাছৰ নিচিনা বাকলি থকা, বগা, মুখ-জোঙা, এবেগেতমান দীঘল এবিধ মাছ
a kind of fish; Rasbora elenga
- এলেং চালিCommon Noun
এবিধ লতাজাতীয় উদ্ভিদ, যাৰ পাত আৰু ছাল তামোলৰ সৈতে তিতা চালিৰূপে খাব পাৰি৷ ইয়াৰ পাতৰ ৰস পৰম্পৰাগত চিকিৎসাত বীজাণুনাশকৰূপে ব্যৱহাৰ কৰা হয়৷
A creeper plant, the bark and leaves of which can be taken as a bitter `chali` with betel nut. The sap of the leaves is also traditionally used as an antibacterial agent.
- এলেং-এথেংAbstract Noun
কোনো শৃংখলা নথকা; খেলি-মেলিকৈ থকা অৱস্থা।
lack of discipline or order.
- এলেকাelekāNoun
দখল, অধিকাৰ
possession; jurisdiction