কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টেন্টেননিNoun
টেন্ টেন্ কাৰ্য্য কৰা।
- টেপMaterial Noun
তৰলৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰা যন্ত্ৰ, বিশেষকৈ নলীয়েদি অহা পানী বন্ধ/খোলাৰ বাবে ব্যৱহাৰ কৰা হয় ৷
a device that controls the flow of liquid, especially water, from a pipe
- টেপাṭepāNoun
টিপা; হাত বা আঙুলিৰে মৰা চেপা
a squeeze
- টেপাই-চেলাইṭepāi-celāiNoun
মিছাকৈয়ে বৰ কথকী দেখুওবা কাৰ্য্য
speaking nonsense
- টেপাৰিṭepāriNoun
কপাল-ফুটাৰ নিচিনা কিন্ত্ত তাতকৈ ডাঙৰ গছ, পাত আৰু গুটিৰে এবিধ বনৰীয়া বছৰেকীয়া সৰু গছ
the cape gooraberry; Physalis Peruviana
- টেপুṭepuNoun
ঘাই বা মূঢ়া কচু বা আলুৰপৰা ওলোবা সৰু ঘূৰণীয়া আলু বা গুটি
a tuber
- টেপুৰte.purCommon Noun
এবিধ গাৰপৰা বগা এঠা ওলোৱা গছ আৰু তাৰ টেঙা ফল ইয়াৰ চাৰিবিধ আছেঃ যেনে-কাউ-থেকেৰা; কুঁজী-থেকেৰা; বৰ-থেকেৰা; ৰুপহী- থেকেৰা ৷
A white gum yielding tree and its fruit. The fruit tastes sour and used to make curry in Assam and NE states of India. It has four main species; viz, Kau thekera (<i>Carallia integerrima</i>), Kuji thekera (<i>Garcinia cowa</i>), Bor thekera (<i>Garcinia pedunculata</i>), and Rupohi thekera (<i>Garcinia indica</i>).
- টেপৰṭeparaNoun
ডাঠ, দীঘলীয়া জোঙা জোঙা পাতেৰে এবিধ হাবিত হোবা মজলীয়া আকাৰৰ গছ [ই নেমু-টেঙা একোটাৰ সমান গুটি ধৰে; তাৰ ভিতৰত থেকেৰাৰ নিচিনা ফুট ধৰে, পকিলে মানুহে খায়; গছ আৰু গুটিৰপৰা হালধীয়া ডাঠ এঠা ওলায়; গছৰ ছালেৰে কাপোৰ বোলায়, তাৰ হালধীয়া বৰণ হয়।]
a tree yielding acid fruits and yellow gamboge; Garcinia kanthocymos or kanthocyinus pictorius
- টেপৰ টেঙাte.por te.ngaCommon Noun
অসমীয়া জন জীৱনত ঘনাই ব্যৱহাৰ হোৱা টেঙাফল বিশেষ৷
Garcinia xanthochymus is cultivated extensively in Southeast Asia where the fruit is made into preserves, jams, and curries. The dried fruit sap is called gamboge and provides a dye that is used in watercolor paints.
- টেপৰ-যুঁজোবাṭepara-yum̐jobāNoun
নিজে অজ্ঞাত থাকি আনৰ যুঁজ লগাই দিয়া কাৰ্ষ্য
wire-pulling; intriguing
- টেবিলte.bilMaterial Noun
এটা বা ততোধিক খুৰাৰ ওপৰত এটুকুৰা সমান পৃষ্ঠ থকা এখন পীৰা সদৃশ আচবাব |
A piece of furniture having a smooth flat top that is usually supported by one or more vertical legs.
- টেবুলṭebulaNoun
মেজ।
table
- টেবুল টেনিচte.bul te.nisCommon Noun
মাজত সৰু জাল তৰি এখন টেবুলত দুজন বা চাৰিজন খেলুৱৈয়ে সৰু কাঠৰ বেটেৰে সৰু পাতল বল লৈ খেলা এবিধ খেল৷
a game resembling tennis, played on a table with small paddles and a hollow celluloid or plastic ball.
- টেবুল ফেনte.bul phenMaterial Noun
টেবুলৰ ওপৰত ৰখা বতাহ উত্ত্পন্ন কৰা এবিধ যন্ত্ৰ ৷
An air producing device with Multiple blades of two to four and operate by electricity. Usually a table fan is takes upon a table.
- টেমচ্Proper Noun
ইংলেণ্ডৰ আটাইতকৈ দীঘল আৰু যুক্তৰাজ্যৰ দ্বিতীয় দীঘল নদী৷
Longest river in England and second longest in United kingdom.
- টেমাṭemāNoun
সাঁফৰ থকা কাঠ বা ধাতুৰ পাত্ৰ
a small pot with a cover
- টেমিṭemiNoun
চূণ ৰখা সৰু টেমা
a lime pot
- টেমি-কেৰেলাṭemi-kerelāNoun
কেৰেলা জাতিৰ এবিধ লতা আৰু তাৰ ফল।
- টেমি-চুৰুণীṭemi-curuṇīNoun
ল'ৰাবিলাকে ধেমালিত মাইকী হাতীক জোকোবা নাম।
- টেমুনাṭemunāNoun
মেৰুণ; ঘাই গাৰপৰা ওলোবা উঠঙা
a small protuberance; a tumour